/asomiyapratidin/media/media_files/2025/03/12/p5aElDI2i1UfSdEjH2bf.jpg)
ডিজিটেল ডেস্ক: ভাৰতত সকলো মানুহেই বিভিন্ন সময়ত ধৰ্মীয় কাৰণত উপবাস ৰাখে। উপবাস মূলতে ধৰ্ম আৰু বিশ্বাসৰ সৈতে সম্পৰ্কিত বুলিয়েই আমি মানি লওঁ। কিন্তু উপবাসৰ বৈজ্ঞানিক গুৰুত্বও আছে। উপবাস কেৱল শ্ৰদ্ধা আৰু ভক্তিৰ সৈতেই সম্পৰ্কিত নহয়, ই প্ৰকৃততে স্বাস্থ্যৰ পক্ষেও অতি উপকাৰী।
উপবাস কি ?
উপবাসৰ সংজ্ঞা সকলোৰে মতে পৃথক পৃথক হ'ব পাৰে। সাধাৰণতে, উপবাসৰ সময়ত এজন ব্যক্তিয়ে এক নিৰ্দিষ্ট সময়ৰ বাবে খোৱা-বোৱা বন্ধ কৰে। কেতিয়াবা মানুহে উপবাসৰ সময়ত পানী, ফল বা কেৱল ৰস গ্ৰহণ কৰে আৰু কেতিয়াবা গোটেই দিনটো একো গ্ৰহণ নকৰে। উপবাসৰ ম্যাদ এটা দিন, এক সপ্তাহ বা তাতোকৈও অধিক হ'ব পাৰে। কেনেদৰে উপবাস স্বাস্থ্যৰ বাবে উপকাৰী, আজি সেই সন্দৰ্ভত জানো আহক-
বিষমুক্ত কৰে শৰীৰক
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ed2b2e0b-b441-4a03-9a47-a3ab52384368/detox.jpg)
উপবাসৰ অন্যতম এক স্বাস্থ্য উপকাৰিতা হৈছে ই শৰীৰ পৰিষ্কাৰ কৰে। ‘নেচনেল চেণ্টাৰ ফৰ বায়োটেকন'লজী ইনফৰ্মেচন’ (এনচিবিআই)ৰ এক গৱেষণা পত্ৰ অনুসৰি, তৰল খাদ্য খায় উপবাস কৰিলে ই শৰীৰক সঠিকভাৱে বিষমুক্ত কৰিব পাৰি। ই হজম উন্নত কৰাৰ লগতে পেটৰ সমস্যা আৰু ছাল সম্পৰ্কীয় সমস্যাও দূৰ কৰে।
ওজন হ্ৰাসৰ কাৰক
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7b662ab8-fa55-4a9f-a2cd-2339e935f31e/weight_loss.jpg)
আজিৰ সময়ত বেছিভাগ লোকৰ সমস্যা হৈছে মেদবহুলতা। এনে পৰিস্থিতিত যদি ইয়াক সময়মতে মনোযোগ দিয়া নহয়, ই বহুতো শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।উপবাস ওজন হ্ৰাস কৰাৰ এক ভাল উপায় হ'ব পাৰে। ‘পাবমেড চেণ্ট্ৰেল’ৰ এক গৱেষণা পত্ৰ অনুসৰি, মাজে মাজে উপবাসে চৰ্বি বৃদ্ধি হ্ৰাস কৰাত সহায় কৰিব পাৰে।
পাচন তন্ত্ৰৰ বাবে উপকাৰী
উপবাস পাচন তন্ত্ৰৰ বাবেও উপকাৰী।উপবাসৰ দ্বাৰা শৰীৰৰ নিজা আৰোগ্য প্ৰণালীয়ে সঠিকভাৱে কাম কৰে। যাৰ বাবে শৰীৰে স্বয়ংক্ৰিয়ভাৱে বিভিন্ন প্ৰকাৰৰ সমস্যাৰ সৈতে যুঁজিবলৈ আৰম্ভ কৰে।উপবাসে হজমৰ বিকাৰ আঁতৰ কৰিব পাৰে।উল্লেখ্য, উপবাসক ‘অলৌকিক আৰোগ্য’ বুলিও কোৱা হয়।
ছালৰ বাবে উপকাৰী
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/546b100b-5ec5-4d81-a84c-23cc4458287a/skin.jpg)
বহু সময়ত কেৱল প্ৰসাধন সামগ্ৰীয়েই নহয় খাদ্য আৰু পানীয়ৰ প্ৰভাৱো ছালত পৰে।অত্যাধিক তেল-মচলা বা বাহ্যিক খাদ্য খোৱাৰ ফলত ছাল শুকান আৰু নিষ্প্ৰাণ হোৱাৰ লগতে ছালত শালমনৰ সমস্যাই দেখা দিয়ে।এনে পৰিস্থিতিত উপবাস বৰ লাভজনক হয়। উপবাসে শৰীৰক বিষমুক্ত কৰে। শৰীৰটো বিষমুক্ত হ’লে শৰীৰত থকা বিষাক্ত উপাদানবোৰ ওলাই গৈ ছাললৈ এক নতুন উজ্জ্বলতা আনে।
মানসিক-আৱেগিক লাভালাভ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/55b2ac9a-abc9-47b5-904e-a873f80e2f19/happy.jpg)
কেৱল শাৰীৰিক স্বাস্থ্যৰ ওপৰতেই নহয়, উপবাসে মানসিক আৰু আৱেগিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়। ই একাগ্ৰতা উন্নত কৰাৰ লগতে মনোযোগ ক্ষমতা বৃদ্ধি কৰে।কেৱল এয়াই নহয়, উপবাসে উদ্বেগ-চাপ আৰু অনিদ্ৰাৰ দৰে সমস্যাৰ পৰাও সকাহ দিয়ে।উপবাসে এজন ব্যক্তিক আৱেগিকভাৱে শান্ত হৈ থকা তথা সুখী অনুভৱ কৰাত সহায় কৰিব পাৰে।
Also Read: আপুনি পাকঘৰত কৰা এই ভুলৰ বাবে হয় কৰ্কট ৰোগ