মুকেশ আম্বানীৰ পৰিয়ালৰ কোন কিমান শিক্ষিত জানি লওঁক

ভাৰতৰ অন্যতম ধনী আৰু প্ৰভাৱশালী পৰিয়াল হৈছে আম্বানীৰ পৰিয়াল।এই পৰিয়ালটো মুখ্যত তেওঁলোকৰ ব্যৱসায়িক গোট ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বাবে জনাজাত।শেহতীয়াকৈ মুকেশ আম্বানী আৰু নিতা আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বিয়া খুব ধুম-ধামৰে অনুষ্ঠিত হৈ যায়।যাৰ বাবে পৰিয়ালটো এতিয়া বেছ চৰ্চাত আছে।

author-image
Asomiya Pratidin
New Update
মুকেশ আম্বানীৰ পৰিয়ালৰ কোন কিমান শিক্ষিত জানি লওঁক

ডিজিটেল ডেস্ক: ভাৰতৰ অন্যতম ধনী আৰু প্ৰভাৱশালী পৰিয়াল হৈছে আম্বানীৰ পৰিয়াল।এই পৰিয়ালটো মুখ্যত তেওঁলোকৰ ব্যৱসায়িক গোট ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বাবে জনাজাত।শেহতীয়াকৈ মুকেশ আম্বানী আৰু নিতা আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বিয়া খুব ধুম-ধামৰে অনুষ্ঠিত হৈ যায়।যাৰ বাবে পৰিয়ালটো এতিয়া বেছ চৰ্চাত আছে।পিছে ব্যৱসায়ত ৰাজত্ব কৰা এই পৰিয়ালটো কিমান শিক্ষিত জানেনে ? এই পৰিয়ালটোৰ সদস্যসকলৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে আজি জানো আহক-

Advertisment

ধীৰুভাই আম্বানী (১৯৩২-২০০২)

ধীৰুভাই আম্বানীয়ে আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰা নাছিল। তেওঁ খুব কম বয়সতে কাম কৰা আৰম্ভ কৰিছিল আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ প্ৰতিষ্ঠা কৰিছিল।

মুকেশ আম্বানী

স্নাতক ডিগ্ৰী: কেমিকেল ইঞ্জিনিয়াৰিং, ইনষ্টিটিউট অফ কেমিকেল টেকন'লজী (আইচিটি), মুম্বাই।

স্নাতকোত্তৰ ডিগ্ৰী: এমবিএ (অসম্পূৰ্ণ), ষ্টেনফৰ্ড বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰ।

নীতা আম্বানী

স্নাতক ডিগ্ৰী: বাণিজ্য, নাৰ্চি মনজী কলেজ অফ কমাৰ্চ এণ্ড ইকনমিক্স, মুম্বাই।

অনিল আম্বানী

স্নাতক ডিগ্ৰী: বিজ্ঞান, কিষাণচান্দ চেল্লাৰাম কলেজ, মুম্বাই।

স্নাতকোত্তৰ ডিগ্ৰী: এমবিএ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুল।

টিনা আম্বানী

স্নাতক ডিগ্ৰী: আৰ্ট এণ্ড ইণ্টেৰিয়ৰ ডিজাইন, জয় হিন্দ কলেজ, মুম্বাই।

আকাশ আম্বানী

অৰ্থনীতিত স্নাতক ডিগ্ৰী, ব্ৰাউন বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰ।

ঈশা আম্বানী

স্নাতক ডিগ্ৰী: মনোবিজ্ঞান আৰু দক্ষিণ এছিয়ান অধ্যয়ন, য়েল বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰ।

স্নাতকোত্তৰ ডিগ্ৰী: এমবিএ, ষ্টেনফৰ্ড গ্ৰেজুৱেট স্কুল অফ বিজনেছ, আমেৰিকা যুক্তৰাষ্ট্ৰ।

অনন্ত আম্বানী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰাউন বিশ্ববিদ্যালয়ত অধ্যয়ন। (ডিগ্ৰী বিৱৰণ পৰিয়ালটোয়ে ৰাজহুৱা কৰা নাই)।

জয় আনমোল আম্বানী (অনিল আৰু টিনা আম্বানীৰ পুত্ৰ)

বিজ্ঞান (অৰ্থনীতি), ৱাৰউইক বিজনেছ স্কুল, ইউকেত স্নাতক ডিগ্ৰী।

জয় অংশুল আম্বানী (অনিল আৰু টিনা আম্বানীৰ পুত্ৰ)

নিউয়ৰ্ক বিশ্ববিদ্যালয়ত অধ্যয়ন (ডিগ্ৰী বিৱৰণ পৰিয়ালটোয়ে ৰাজহুৱা কৰা নাই)।

Also Read: মুকেশ আম্বানীৰ ডাঙৰ বোৱাৰীৰ কাণ্ড !