অৱশেষত ফাদিল হ’ল কিয়াৰা আদৱানীৰ উজ্জ্বল ছালৰ ৰহস্য

অভিনয়ৰ সমান্তৰালকৈ উজ্জ্বল ছালৰ বাবে বলীউডত এক বিশেষ নাম আছে অভিনেত্ৰী কিয়াৰা আদৱানীৰ।যাৰ বাবে স্বাভাৱিকভাৱেই সকলো যুৱতী-মহিলাই কিয়াৰাৰ দৰে উজ্জ্বল আৰু নিখুঁত ছালৰ গৰাকী হ’বলৈ বিচাৰে।

author-image
Asomiya Pratidin
New Update
অৱশেষত ফাদিল হ’ল কিয়াৰা আদৱানীৰ উজ্জ্বল ছালৰ ৰহস্য

ডিজিটেল ডেস্ক: অভিনয়ৰ সমান্তৰালকৈ উজ্জ্বল ছালৰ বাবে বলীউডত এক বিশেষ নাম আছে  অভিনেত্ৰী কিয়াৰা আদৱানীৰ।যাৰ বাবে স্বাভাৱিকভাৱেই সকলো যুৱতী-মহিলাই কিয়াৰাৰ দৰে উজ্জ্বল আৰু নিখুঁত ছালৰ গৰাকী হ’বলৈ বিচাৰে।অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ তেওঁৰ উজ্জ্বল ছালৰ ৰহস্যৰ বিষয়ে ৰাজহুৱা কৰিছে। আজি এই বিষয়ে জানো আহক-

Advertisment

শোৱাৰ আগত সদায় মেকআপ আঁতৰায়

কৰ্তব্যৰ খাতিৰত প্ৰায় প্ৰতিদিনে মেকআপ কৰিব লগা হয় যদিও কৰ্তব্যৰ শেষত প্ৰথমেই কিয়াৰাই মেকআপ আঁতৰ কৰে।তেওঁৰ মতে, মেকআপ আঁতৰ নকৰাকৈ শুলে শালমইনা বা শালমইনাৰ দৰে আন ছালৰ সমস্যাও হ'ব পাৰে।আনহাতে, যদি তেওঁ ঘৰত থাকে মেকআপ একেবাৰে ব্যৱহাৰ নকৰে। ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰে

সকলোয়ে ভাবে যে চেলিব্ৰেটীসকলে ছালৰ যত্নত যথেষ্ট ব্যয়বহুল সামগ্ৰী ব্যৱহাৰ কৰে।কিছু অধিকাংশ চেলিব্ৰেটীয়ে ছালৰ যত্নত ঘৰুৱা প্ৰতিকাৰ অনুসৰণ কৰে।কিয়াৰাই তেওঁৰ আইতাকৰ পৰা শিকা ফেচ পেক ব্যৱাৰ কৰে।এই বিশেষ ফেচ পেকটো বেচন, মৌ, ক্ৰীম আৰু নেমুৰে তৈয়াৰ কৰা হয়, যিয়ে ছাল সতেজ কৰাত সহায় কৰে।

ৰাতিপুৱা উঠিয়েই নেমুপানী খায়

কিয়াৰাৰ ধুনীয়া ছাল আৰু ফিট শৰীৰৰ ৰহস্য হৈছে তেওঁৰ ৰাতিপুৱাৰ পানীয়।হয়, ব্ৰাছ কৰাৰ পিছত কিয়াৰাই গৰম পানীত নেমু মিহলি কৰি খায়। ৰাতিপুৱা নেমুপানী খালে শৰীৰটো দিনটোলৈ সক্ৰিয় হৈ থাকে। 

Also Read: অজানিতে কৰা ভুলে আপোনাৰ জীৱনলৈ মাতিব পাৰে অন্ধকাৰ