অজানিতে কৰা ভুলে আপোনাৰ জীৱনলৈ মাতিব পাৰে অন্ধকাৰ

ঘৰত ৰোপণ কৰা ফুল তথা উদ্ভিদসমূহে পৰিৱেশ বিশুদ্ধ ৰখাৰ লগতে ঘৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

author-image
asomiyapratidin
New Update
অজানিতে কৰা ভুলে আপোনাৰ জীৱনলৈ মাতিব পাৰে অন্ধকাৰ

ডিজিটেল ডেস্ক: ঘৰত ৰোপণ কৰা ফুল তথা উদ্ভিদসমূহে পৰিৱেশ বিশুদ্ধ ৰখাৰ লগতে ঘৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।সেয়ে, ঘৰখন আকৰ্ষণীয় কৰি ৰাখিবলৈ আমি ঘৰখনত বিভিন্ন ধৰণৰ ফুল ৰুই ভাল পাওঁ। ইফালে, কিছুমান ফুল এখন ঘৰৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়।বিশ্বাস মতে, সেই ফুলবোৰ ঘৰত থাকিলে ঘৰখনলৈ সুখ-সমৃদ্ধি তথা ইতিবাচকতা আহে।এই ফুলবোৰে ঘৰৰ পৰা ঋণাত্মক শক্তিও আঁতৰ কৰে। দেৱ-দেৱীক সেই ফুল আগবঢ়ালে মনোবাঞ্চা পূৰণ হয়। বাস্তু শাস্ত্ৰৰ মতে ঘৰত কোনবোৰ ফুল ৰোপণ কৰিলে শুভ শক্তিৰ আগমণ হয়, আজি সেই বিষয়ে জানো আহক-

Advertisment

গোলাপ ফুল 

গোলাপ ফুল প্ৰেমৰ প্ৰতীক।বাস্তু শাস্ত্ৰত এই ফুলটো অতি ভাগ্যৱান বুলি গণ্য কৰা হয়। আপুনি ইয়াক ঘৰৰ দক্ষিণ-পশ্চিম দিশত ৰোপণ কৰিব।ই ঘৰৰ নেতিবাচক শক্তি আঁতৰ কৰিব। 

চম্পা ফুল 

চম্পা ফুল দেখিবলৈ বৰ ধুনীয়া। ইয়াক উপাসনাতো ব্যৱহাৰ কৰা হয়। বাস্তু বিশ্বাস অনুসৰি, পাতল হালধীয়া আৰু বগা ৰঙৰ এই ফুলবোৰক সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। 

নাৰ্জি ফুল

পূজা-পাতলত নাৰ্জি ফুলৰ ব্যৱহাৰ সঘনে কৰা হয়। এই ফুলক সৌভাগ্য আৰু আশীৰ্বাদৰ প্ৰতীক বুলি গণ্য কৰা হয়।নাৰ্জি ফুলে জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে। সেয়েহে, বাস্তু শাস্ত্ৰতো এই ফুল ঘৰত থাকিলে শুভ বুলি কোৱা হয়। নাৰ্জি ফুল আপুনি ঘৰৰ উত্তৰ বা পূব দিশত ৰুব পাৰে। 

পদুম ফুল 

পদুম ফুলক আধ্যাত্মিকতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। বাস্তু বিশ্বাস অনুসৰি পদুম ফুলক অতি শুভ।পদুম ফুল ঘৰত থাকিলে সুখ আৰু সমৃদ্ধি আহে। আপুনি এই ফুল বাগিচাৰ উত্তৰ-পূব দিশত ৰোপণ কৰিব পাৰে। 

জৱাব ফুল 

ঘৰত ৰঙা ৰঙৰ জৱাব ফুল থাকিলেও বৰ ভাল। এই ফুল মা কালী আৰু ভগৱান গণেশক আগবঢ়োৱা হয়। আপুনি আপোনাৰ ঘৰখনলৈ যদি ইতিবাচকতা আনিবলৈ বিচাৰিছে, আজিয়েই এই ফুলজোপা ঘৰত ৰুবলৈ চেষ্টা কৰক।জৱাব ফুল ঘৰৰ উত্তৰ বা পূব দিশত ৰোপণ কৰিব।

Also Read: ঘৰটোত এইখিনি পৰিৱৰ্তন কৰক

vastu flower