কেএফচিয়ে মানিব লাগিব কেইটামান বিশেষ চৰ্ত

কেএফচিয়ে মানিব লাগিব কেইটামান বিশেষ চৰ্ত

ডিজিটেল ডেস্ক: বিগত মাহত অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰতিমূৰ্তি খুব ধুমধামেৰে প্ৰতিষ্ঠা কৰা হয়। তেতিয়াৰ পৰাই এই মন্দিৰ দৰ্শনৰ বাবে আযোধ্যালৈ ভক্তৰ সোঁত বৈছে। সেইবাবেই হয়তো বহুজাতিক ব্ৰেণ্ডসমূহে আযোধ্যাত তেওঁলোকৰ বিপনী খুলিবলৈ খুব আগ্ৰহ দেখুৱাইছে। ইয়াৰ ভিতৰত অন্যতম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাষ্ট ফুড কোম্পানী কেনটাকি ফ্ৰাইড চিকেন অৰ্থাৎ কেএফচি।কিন্তু আযোধ্যাৰ কেএফচিত ভক্তই নিৰামিষ খাদ্যৰহে জুতি ল'ব পাৰিব।

হয়, এই সন্দৰ্ভত জিলাধিকাৰী (ডিএম) নীতিশ কুমাৰে কয় যে, ‘চিকেন মেনু’ৰ বাবে জনাজাত কেএফচিয়ে অযোধ্যাৰ সীমাবদ্ধ এলেকাত তেওঁলোকৰ বিপনী খুলিব পাৰিব, কিন্তু তেওঁলোকে আমিষ আৰু সুৰাৰ পৰিৱেশন তথা বিক্ৰী বন্ধ কৰিব লাগিব।যাৰ বাবে তেওঁলোকে তেওঁলোকৰ 'মেনু' সলনি কৰাৰ প্ৰয়োজন হ’ব।আয়োধ্যাত কেএফচিয়ে নিৰামিষ নীতি অনুসৰণ কৰিব লাগিব।

উল্লেখ্য যে, ১৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ ৰাম মন্দিৰৰ সৈতে সম্পৰ্কিত পবিত্ৰ স্থানবোৰত আমিষ খাদ্য আৰু সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে। প্ৰতিদিনে ২ লাখতকৈও অধিক ভক্ত অযোধ্যাত উপস্থিত হৈছে। সেয়েহে, এই বৃহৎ সংখ্যক হোটেল-ৰেষ্টুৰেণ্টৰ ব্যৱসায়ো দ্ৰুতগতিত বৃদ্ধি পাইছে। দেশীয় ব্যঞ্জনৰ লগতে, অন্যান্য পিজ্জা, পাস্তা আদি গ্ৰাহকক যোগান ধৰা ফাষ্ট ফুডৰ দোকান বৃহৎ সংখ্যাত খোলা হৈছে। যদি আপুনি ৰামলালাক দৰ্শন কৰিবলৈ অযোধ্যালৈ যোৱাৰ পৰিকল্পনা কৰ আছে, তেন্তে আযোধ্যাৰ সুস্বাদু ফাষ্ট ফুড উপভোগ কৰিব পাৰিব।

কেএফচিয়ে মানিব লাগিব কেইটামান বিশেষ চৰ্ত
আযোধ্যা ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি এই বিষয়ে জানি লওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in