/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/90ae7088-eddc-4117-a1a7-294d3204ff95/AP_FOR_WEB_fish.jpg)
অপচয় নহয় আপোনাৰ গাঁঠিৰ ধন, বাঢ়িব সুখ-শান্তি, সমৃদ্ধি
ডিজিটেল ডেস্ক: সুখ-শান্তিৰ জীৱন আমাৰ সকলোৰে কাম্য। প্ৰতিজন ব্যক্তিয়েই পৰিয়ালৰ লোকসকলৰ সুস্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰগতি হোৱাটো বিচাৰে ।ইয়াৰ বাবে বহুতেই বহু কৌশলো অৱলম্বন কৰে।ফেং চুই শাস্ত্ৰত ঘৰটোত ইতিবাচকতা আৰু অৰ্থনৈতিক উন্নতিৰ বহুতো উপায়ৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত এক অন্যতম হৈছে মাছ। ফেং চুই বিজ্ঞানৰ মতে, সোণালী ড্ৰেগন মাছ আৰু ডলফিন মাছে ঘৰলৈ সুখ-সমৃদ্ধি তথা ইতিবাচকতা আনে।
ডলফিন মাছ
ডলফিন মাছক সফলতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। ফেং চুইত এইটো বিশ্বাস কৰা হয় যে ডলফিন থাকিলে ঘৰটোত বাস কৰা লোকসকলৰ মন আৰু মগজুৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়। এই ইতিবাচকতাই ঘৰলৈ সুখ কঢ়িয়াই আনে।
সোণালী ড্ৰেগন মাছ
সোণালী ড্ৰেগন মাছ ঘৰত ৰাখিলে নেতিবাচক শক্তি নাইকিয়া হয় আৰু ঘৰৰ সদস্যসকলৰ মন অধিক প্ৰফুল্ল হৈ পৰে। ফেং চুইত ড্ৰেগন মাছক যথেষ্ট গুৰুত্ব দিয়া হয়। এইটো বিশ্বাস কৰা হয় যে সোণালী ড্ৰেগন মাছে ঘৰৰ অৰ্থনৈতিক সমৃদ্ধি বৃদ্ধি কৰে। যদি সোণালী ড্ৰেগন মাছ ঘৰৰ পূব বা উত্তৰ-পূব দিশত ৰখা হয়, তেন্তে ই ঘৰটোৰ নেতিবাচক শক্তি নাইকিয়া কৰে। ঘৰটোত বাস কৰা লোকসকলৰ উৎসাহ বৃদ্ধি পায়।এই মাছে ঘৰটোৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে সম্পদৰ আগমন ঘটাই ঘৰৰ সদস্যসকলক মানসিক আৰু শাৰীৰিক সংকটৰ পৰা মুক্তি দিয়ে।
Also Read: সুখ-শান্তি অটুট ৰখাৰ বাবে আজিয়েই ঘৰলৈ আনক মৌৰা পাখি