Jyoti Prasad Agarwala : জ্যোতিপ্ৰসাদ আগৰৱালা

Jyoti Prasad Agarwala
Jyoti Prasad Agarwala
Published on
Updated on

Jyoti Prasad Agarwala : ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক। ১৯০৩ চনৰ ১৭জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।তেওঁৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ী আগৰৱালা।অসমৰ প্ৰখ্যাত কবি তথা লেখক চন্দ্ৰকুমাৰ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাৰ বৰদেউতাক আছিল।তেওঁৰ পূৰ্বপুৰুষ নৱৰংগৰাম আগৰৱালা ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল।তেওঁৰ পৰিয়ালৰে সদস্য হৰিবিলাস আগৰৱালাই কীৰ্তন পুথি সৰ্বপ্ৰথমে ছপা কৰি প্ৰকাশ কৰিছিল৷

জ্যোতিপ্ৰসাদ আগৰৱালাৰ আন এক পৰিচয়ও আছে। তেওঁক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি কোৱা হয়। অসমীয়া ভাষা-সাহিত্যৰ ভেঁটি গঢ়াত তেওঁৰ অপৰীসীম অৰিহণা আছে।অসমীয়া কবিতা, নাটক, প্ৰৱন্ধ, শিশু সাহিত্য আদি সকলো দিশতে তেওঁ বৰঙণি আগবঢ়াই থৈ গৈছে। অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক ‘ৰূপকোঁৱৰ’ উপাধিৰে সন্মানিত কৰা হৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। 

দেশবন্ধু চিত্ৰৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালায়ে ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কলিকতাৰ নেশ্যনেল কলেজৰ পৰা আই.এ. দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰে। তাৰ পাছত ১৯২৬ চনত তেওঁ অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায় কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহে। ঘূৰি অহাৰ পথত জাৰ্মানীত তেওঁ সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়।

জাৰ্মানীৰ পৰা অসমলৈ উভতি আহি জ্যোতিপ্ৰসাদ আগৰৱালাই ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে আৰু ১৯৩২ চনত ১৫ মাহৰ বাবে শিলচৰৰ জে’লত কাৰাবাস খাটে।জে’লত থকা সময়ছোৱাত টাইফইড ৰোগত আক্ৰান্ত হয় যদিও তেওঁ কাৰাবাস সম্পূৰ্ণ কৰে। ১৯৩৩ চনৰ শেষৰ ফালে তেওঁ ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰে।১৯৩৬ চনত দেৱযানী ভূঞাৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়।  ১৯৩৯ চনত তেওঁৰ দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ‘ইন্দ্ৰমালতী’য়ে মুক্তি লাভ কৰে।১৯৪১ চনৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা পুনৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰে । ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত‌ তেওঁ খুব সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।

ৰূপহী, বগীতৰা, সোণতৰা, সোণটি, যুঁজাৰু, সতীৰ সোঁৱৰণি, সন্ধ্যা, শিলাকুটি, নীলাচৰাই আদি জ্যোতিপ্ৰসাদ আগৰৱালাই লেখা কেইটামান উল্লেখনীয় গল্প। ‘লুইতৰ পাৰৰ অগ্নিসুৰ’ আৰু ‘জ্যোতি ৰামায়ণ’ তেওঁ ৰচনা কৰা দুখন কবিতা পুথি।তেওঁৰ একমাত্ৰ উপন্যাসখনৰ নাম ‘আমাৰ গাঁও’। তেওঁ তেৰটা শিশু কবিতা লিখি থৈ গৈছে। ইয়াৰ ভিতৰত ‘কম্পুৰ সপোন’ উল্লেখযোগ্য। শোণিত কুঁৱৰী (১৯২৫), কাৰেঙৰ লিগিৰি (১৯৩০), লভিতা(১৯৪৮), ৰূপালীম(১৯৩৮), নিমাতী কইনা(১৯৬৪) আৰু খনিকৰ(১৯৭৭) হৈছে তেওঁ ৰচনা কৰা নাটক। ‘কনকলতা’, ‘সুন্দৰকোঁৱৰ’ আৰু ‘সোণপখিলী’ হৈছে তেওঁ ৰচনা কৰা তিনিখন অসম্পূৰ্ণ নাটক।জ্যোতিপ্ৰসাদ আগৰৱালায়ে প্ৰায় ৩০০ গীত ৰচনা কৰি নিজে সুৰ দিছিল। সেইবোৰ গীতসমূহেই হৈছে জ্যোতি সংগীত। অসমীয়া সাহিত্য আৰু বোলছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৪ চনত ১৭ জুনত ভাৰত চৰকাৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিৰক্ষামূলক এটা ডাকটিকট মুকলি কৰে। এই টিকটটোৰ মূল্য পাঁচ টকা।

১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰৰ নিজৰ বাসগৃহ ‘পকী’ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্কট ৰোগত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ দিনটো ‘শিল্পী দিৱস’ হিচাপে পালন কৰা হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৮ বছৰ। তেওঁৰ মৃত্যুত সাহিত্যিক হোমেন বৰগোহাঞিয়ে ‘অসম বাণী’ কাকতত তেওঁক অসমৰ ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহজন অসমীয়াৰ এজন বুলি ঘোষণা কৰিছিল৷

উৎস : ইণ্টাৰনেট

Jyoti Prasad Agarwala
Dr. Himanta Biswa Sarma : ড° হিমন্ত বিশ্ব শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in