Dr. Himanta Biswa Sarma : ড° হিমন্ত বিশ্ব শৰ্মা

Dr. Himanta Biswa Sarma
Dr. Himanta Biswa Sarma
Published on
Updated on

Dr. Himanta Biswa Sarma : ড° হিমন্ত বিশ্ব শৰ্মা অসমৰ এগৰাকী ৰাজনীতিবিদ আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী। তেওঁৰ জন্ম ১৯৬৯ চনৰ ১ ফ্ৰেব্ৰুৱাৰীত যোৰহাটত হৈছিল। তেওঁৰ পিতৃৰ নাম কৈলাশ নাথ শৰ্মা আৰু মাতৃ মৃণালিনী দেৱী।

নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহন কৰা হিমন্ত বিশ্ব শৰ্মাই কামৰূপ একাডেমীত হাইস্কুল শিক্ষা গ্ৰহন কৰিছিল। ১৯৮৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কটন কলেজত কলা শাখাত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি কৰিছিল হিমন্ত বিশ্ব শৰ্মাই । ছাত্ৰ ৰাজনীতিৰে জড়িত হিমন্ত বিশ্ব শৰ্মাই ১৯৮৭ৰ পৰা ১৯৮৮ চনলৈকে কটন কলেজ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক আছিল । পৰৱৰ্তী সময়ত ১৯৮৮- ৮৯,১৯৮৯- ৯০,১৯৯১-৯২বৰ্ষত কটন কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে তেওঁ দায়িত্ব পালন কৰিছিল।হাইস্কুলত পঢ়ি থকা কালতো হিমন্ত বিশ্ব শৰ্মাই ১৯৮২ -৮৩ চনত কামৰূপ একাডেমীৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল । কটন কলেজৰ পৰা তেওঁ ১৯৯০ চনত ৰাজনীতি বিজ্ঞানত স্নাতক আৰু ১৯৯২ চনত স্নাতকোত্তৰ পৰীক্ষা পাছ কৰে।তেওঁ গুৱাহাটী চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা নিৰু হাজৰিকাৰ তত্বাবধানত তেওঁ ডক্টৰেট ডিগ্ৰী গ্ৰহন কৰে । তেওঁৰ গৱেষনাৰ বিষয় আছিল – নৰ্থ ইষ্টাৰ্ণ কাউণ্সিল : এ ষ্ট্ৰাকছাৰেল এণ্ড ফাংচনেল এনালাইচিছ।তেওঁ ১৯৯৬ৰ পৰা ২০০১ লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তাৰূপে কৰ্ম জীৱন আৰম্ভ কৰিছিল। ১৯৯৪ চনত কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতেও জড়িত হৈ আছিল । তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ঘনিষ্ঠ আছিল হিমন্ত বিশ্ব শৰ্মা।

ড° হিমন্ত বিশ্ব শৰ্মাই ২০০১ চনত অসম জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলি অসম গণ পৰিষদৰ নেতা ভৃগু কুমাৰ ফুকনক পৰাস্ত কৰি  প্ৰথমবাৰৰ বাবে জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল। ২০০৬ চনত তেওঁ পুনৰ জালুকবাৰী সমষ্টিৰ পৰা জয়লাভ কৰে। ইয়াৰ পিছত ২০১১ চনত ৭৮,০০০ ভোটৰ ব্যৱধানত একেৰাহে তৃতীয়বাৰলৈ তেওঁ বিধায়ক নিৰ্বাচিত হয়। ২০০২ চনৰ পৰা ২০১৪ চনলৈকে কৃষি, পৰিকল্পনা আৰু উন্নয়ন, বিত্ত, স্বাস্থ্য, শিক্ষা, আৰু অসম চুক্তি ৰূপায়ণৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শৰ্মাই গুৰুত্বপূৰ্ণ (ৰাজ্য আৰু কেবিনেট উভয়তে) দায়িত্ব পালন কৰিছিল।

তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে ৰাজনৈতিক মতানৈক্যৰ পিছত ২০১৪ চনৰ ২১ জুলাইত ড° হিমন্ত বিশ্ব শৰ্মাই সকলো চৰকাৰী পদত্যাগ কৰে । ২০১৫ চনৰ ১৫ ছেপ্টেম্বৰত তেওঁ বিধানসভাৰ পৰাও পদত্যাগ কৰে। ২০১৫ চনৰ ২৩ আগষ্টত শৰ্মাই অমিত শ্বাহৰ নতুন দিল্লীৰ  বাসগৃহত ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে। সেই সময়ত তেওঁক ৰাজ্যৰ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি  দিয়া হৈছিল । ২০১৬ চনৰ মে’ত তেওঁ একেৰাহে চতুৰ্থবাৰৰ বাবে ভাৰতীয় জনতা দলৰ হৈ জালুকবাৰী সমষ্টিৰ পৰা জয়লাভ কৰি ২৪ মে’ত তদানীন্ত্ৰন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰণালয়ত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।উত্তৰ-পূৱৰ প্ৰথমখন বিজেপি চৰকাৰত তেওঁক বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শিক্ষা, পৰিকল্পনা আৰু উন্নয়ন, পৰ্যটন, পেঞ্চন আৰু জনসংযোগ আদিৰ দৰে বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্বত আছিল।

বিজেপি মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত ২০২১ চনৰ ৮ মে’ত নতুন চৰকাৰ গঠনৰ আলোচনাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ড° হিমন্ত বিশ্ব শৰ্মাক নতুন দিল্লীলৈ মাতি পঠিওৱা হৈছিল। সেই সময়ৰ বিজেপিৰ সভাপতি জে পি নড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে শৰ্মা আৰু সোণোৱাল ৪ ঘণ্টাৰো অধিক সময় ধৰি ধাৰাবাহিক বৈঠকত মিলিত হয় । ৯ মে'ত পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত লোৱাৰ বাবে আয়োজিত এখন বৈঠকৰ পূৰ্বে সোণোৱালে ৰাজ্যপাল জগদীশ মুখীক পদত্যাগ পত্ৰ প্ৰদান কৰে আৰু তেওঁ  তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু নৱনিৰ্বাচিত বিধায়িকা নন্দিতা গাৰ্লোছাই মুখ্যমন্ত্ৰী পদৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ দিয়ে। যিহেতু মুখ্যমন্ত্ৰী পদৰ বাবে আন কাৰো নাম প্ৰস্তাৱ কৰা হোৱা নাছিল, সেয়েহে সৰ্বসন্মতিক্ৰমে হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ২০২১ চনৰ ১০ মে'ত সোণোৱালৰ পিছত ৰাজ্যপাল জগদীশ মুখীয়ে অসমৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাক শপত গ্ৰহণ কৰোৱায়।

ড° হিমন্ত বিশ্ব শৰ্মা বৰ্তমান ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি। তেওঁ ২০১৬ চনৰ পৰা ২০১৯ চনলৈ অসম ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পূৰ্বে ২০০২ৰ পৰা ২০১৬লৈ তেওঁ ইয়াৰ উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। 

ড° হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানলৈ চাৰিখন কিতাপ লেখি উলিয়াইছে। সেই কেইখন হৈছে 'ভিন্ন সময় অভিন্ন মত', 'এটা সপোনৰ পম খেদি', 'সমাগত সময়' আৰু 'অন্য এক দৃষ্টিকোণ'।

ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নাম ৰিণিকি ভূঞা শৰ্মা। তেওঁলোকৰ পুত্ৰ সন্তানৰ নাম নন্দিল বিশ্ব শৰ্মা আৰু কন্যাৰ নাম সুকন্যা বিশ্ব শৰ্মা।

উৎস : ইণ্টাৰনেট

Dr. Himanta Biswa Sarma
Sivasagar : শিৱসাগৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in