দুখৰ দিনত সংগ দিয়া সকলোকে জনালে কৃতজ্ঞতা

ভাল খবৰ ! দৃষ্টি শক্তি ঘূৰি আহিল অভিনেত্ৰী জেছমিন ভাছিনৰ।হয়, কৰ্ণিয়াৰ ক্ষতি হোৱাৰ ফলত দৃষ্টিশক্তি হেৰুৱাই অভিনেত্ৰীগৰাকী মুম্বাইত চিকিৎসাধীন হৈ আছিল। শেহতীয়াকৈ জেছমিনে এই ভাল খবৰটো অনুৰাগীক নিজেই দিয়ে।

author-image
Asomiya Pratidin
New Update
দুখৰ দিনত সংগ দিয়া সকলোকে জনালে কৃতজ্ঞতা

ডিজিটেল ডেস্ক: ভাল খবৰ ! দৃষ্টি শক্তি ঘূৰি আহিল অভিনেত্ৰী জেছমিন ভাছিনৰ।হয়, কৰ্ণিয়াৰ ক্ষতি হোৱাৰ ফলত দৃষ্টিশক্তি হেৰুৱাই অভিনেত্ৰীগৰাকী মুম্বাইত চিকিৎসাধীন হৈ আছিল। শেহতীয়াকৈ জেছমিনে এই ভাল খবৰটো অনুৰাগীক নিজেই দিয়ে। 

Advertisment

হয়, ছ’চিয়েল মেডিয়াত এটা প’ষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে এই বিষয়ে ৰাজহুৱা কৰে। চিকিৎসকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি জেছমিনে উল্লেখ কৰে, ‘অৱশেষত মোৰ চকুৰ অসুবিধাবোৰ দূৰ হ’ল।এই সময়ছোৱাত মোৰ বাবে প্ৰাৰ্থনা কৰা সকলোলৈ মোৰ কৃতজ্ঞতা।’  জেছমিন চিকিৎসাধীন হৈ থকাৰ সময়ছোৱাত তেওঁৰ ঘনিষ্ঠ বন্ধু আলী গনীয়ে অভিনেত্ৰীগৰাকীৰ খবৰবোৰ অনুৰাগীক অৱগত কৰিছিল।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে তেওঁ চকুত লেন্স পিন্ধি দিল্লীত এটা অনুষ্ঠানত ভাগ লৈছিল। সেই অনুষ্ঠানতে তেওঁ চকুত তীব্ৰ বিষ অনুভৱ কৰিছিল আৰু তাৰ পাছতেই তেওঁ চকুৰে নেদেখা হৈ পৰিছিল।এই খবৰ চৌদিশে বিয়পি পৰাৰ পাছতেই জেছমিনৰ অগনন অনুৰাগীয়ে ছ’চিয়েল মেডিয়াত অগনন প’ষ্ট কৰি তেওঁৰ আৰোগ্য কামনা কৰিছিল। 

Also Read: কথাই প্ৰতি কান্দি থকাসকলৰ বাবে ভাল খবৰ !