অনুৰাগীক বাৰে বাৰে কৃতজ্ঞতা জনালে তৃপ্তিয়ে

তৃপ্তি ডিমৰী। খুব কম সময়তে বলীউডত ৰাজত্ব কৰা এইগৰাকী অভিনেত্ৰীৰ জনপ্ৰিয়তাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। ব্লকবাষ্টাৰ ছবি ‘এনিমেল’ত প্ৰদৰ্শন কৰা দুৰ্দান্ত অভিনয়ৰ পাছতে তৃপ্তিয়ে ‘নেছনেল ক্ৰাছ’ৰ আন এক পৰিচয় লাভ কৰিলে।

author-image
Asomiya Pratidin
New Update
অনুৰাগীক বাৰে বাৰে কৃতজ্ঞতা জনালে তৃপ্তিয়ে

ডিজিটেল ডেস্ক: তৃপ্তি ডিমৰী। খুব কম সময়তে বলীউডত ৰাজত্ব কৰা এইগৰাকী অভিনেত্ৰীৰ জনপ্ৰিয়তাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। ব্লকবাষ্টাৰ ছবি ‘এনিমেল’ত প্ৰদৰ্শন কৰা দুৰ্দান্ত অভিনয়ৰ পাছতে তৃপ্তিয়ে ‘নেছনেল ক্ৰাছ’ৰ আন এক পৰিচয় লাভ কৰিলে। দৰ্শকৰ প্ৰিয় এই অভিনেত্ৰীগৰাকী এতিয়া আন এখন ছবিৰ সৈতে দৰ্শকৰ সন্মুখলৈ আহিবলৈ পুনৰ সাজু হৈছে। হয়, সম্প্ৰতি এই নতুন ছবিখনৰ বাবে তৃপ্তি চৰ্চাৰ শীৰ্ষত আছে। 

Advertisment

তৃপ্তি ডিমৰীৰ এই নতুন ছবিখনৰ নাম ‘বেড নিউজ’।ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ পাছতে অনুৰাগীসকলে তেওঁক বিগ ক্ৰীণত চাবলৈ যথেষ্ট উৎসুক হৈ পৰিছে। ছ’চিয়েল মেডিয়াত অনুৰাগীসকলে অভিনেত্ৰীগৰাকীক উদ্দেশি ইতিমধ্যে বহু প’ষ্ট শ্বেয়াৰ কৰিছে।ছবিখনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত তৃপ্তিয়ে তেওঁৰ সকলো অনুৰাগীক হাতযোৰ কৰি বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে।তেওঁ কয়, ‘ সকলোয়ে মোক ‘নেছনেল ক্ৰাছ’ বুলি নতুন পৰিচয় দিলে। মই বহুত বেছি সৌভাগ্যৱান। ইয়াৰ বাবে মই মোৰ অনুৰাগী আৰু ঈশ্বৰক কৃতজ্ঞতা জনাইছো। অনুৰাগীৰ পৰা যথেষ্ট পাইছো।ছবিজগতলৈ অহাৰ পূৰ্বে মোৰ এটাই কামনা আছিল যে দৰ্শকে মোৰ অভিনয় ভাল পাওঁক।মোক ভাল পাওঁক।যি ভাবিছিলো, সেয়া সকলো হৈছে।মই ভাবো এই মৰমে কেৱল মোকেই নহয়, সকলো অভিনেতাকে জীৱনত ভাল কাম কৰি আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে।’

‘বেড নিউজ’ত তৃপ্তিৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিকী কৌশলে।আন এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে এম্মী ভাৰ্কে।ৰোমাণ্টিক-কমেডীধৰ্মী ছবিখন পৰিচালনা কৰিছে আনন্দ তিৱাৰীয়ে।মুক্তিৰ পূৰ্বেই দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা 'বেড নিউজ' ১৯ জুলাইত ছবিগৃহলৈ আহিব।

Also Read: স্পষ্ট কৰিলে সোণাক্ষী সিংহাৰ স্বামী জাহিৰ ইকবালৰ পিতৃয়ে