কি গছৰ কাঠৰে নিৰ্মাণ কৰা হয় এই পৱিত্ৰ ৰথ, ৰথযাত্ৰাৰ সময়, তাৎপৰ্য জানি লওঁক

ওড়িশাৰ পুৰীৰ জগন্নাথ ৰথ যাত্ৰা ভাৰতৰ অন্যতম প্ৰাচীন আৰু পবিত্ৰ ধৰ্মীয় তীৰ্থযাত্ৰা ৷ জগন্নাথ ৰথ যাত্ৰাক ৰথ উৎসৱ বা শ্ৰী গুণ্ডিচা যাত্ৰা বুলিও কোৱা হয়। বিশ্বাস অনুসৰি, ভগৱান জগন্নাথ, তেওঁৰ ভাতৃ বলোভদ্ৰ আৰু ভগ্নী সুভদ্ৰা ৰথত উঠি ভক্তসকলৰ মাজলৈ আহে ৷

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
bnfngngm

ডিজিটেল ডেস্ক: ওড়িশাৰ পুৰীৰ জগন্নাথ ৰথ যাত্ৰা ভাৰতৰ অন্যতম প্ৰাচীন আৰু পবিত্ৰ ধৰ্মীয় তীৰ্থযাত্ৰা ৷ জগন্নাথ ৰথ যাত্ৰাক ৰথ উৎসৱ বা শ্ৰী গুণ্ডিচা যাত্ৰা বুলিও কোৱা হয়। বিশ্বাস অনুসৰি, ভগৱান জগন্নাথ, তেওঁৰ ভাতৃ বলোভদ্ৰ আৰু ভগ্নী সুভদ্ৰা ৰথত উঠি ভক্তসকলৰ মাজলৈ আহে ৷ এইবেলি ২৭ জুন অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ’ব ভগৱান জগন্নাথ ৰথ যাত্ৰা। এই ৰথ যাত্ৰাত দেশ-বিদেশৰ ভিন্ন প্ৰান্তৰ অগণন ভক্তই অংশগ্ৰহণ কৰে।

Advertisment

Jagannath Rath Yatra 2025: ৰথ যাত্ৰাৰ তাৎপৰ্য

দ্বাদশ শতিকাৰ পৰা ষোড়শ শতিকাৰ ভিতৰত উৎপত্তি হোৱা বুলি ধাৰণা কৰা জগন্নাথ ৰথ যাত্ৰা পৌৰাণিক কাহিনী আৰু ইতিহাসৰ মাজত শিপাই আছে। কোনোৱে কয় যে, ভগৱান শ্ৰীকৃষ্ণৰ মাতৃৰ ঘৰলৈ যোৱাৰ উপলক্ষে, আন কোনোৰ মতে আকৌ ৰজা ইন্দ্ৰদ্যুম্নৰ সৈতে সংযোগ কৰি এই ৰথ যাত্ৰা অনুষ্ঠিত হয় ।

ওড়িশাৰ গজাপতি বংশৰ সময়ছোৱাত এই উৎসৱে তাৎপৰ্য লাভ কৰিছিল আৰু আজি ই বিশ্বাস আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতীক হিচাপে থিয় দিছে। এই যাত্ৰা পুৰীৰ জগন্নাথ মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ কৰা হয়, য'ত ৯ দিনত প্ৰায় ৩ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলগীয়া হয়।

Jagannath Rath Yatra 2025: ৰথ যাত্ৰাৰ ৰীতি-নীতি

জগন্নাথ ৰথ যাত্ৰাৰ আৰম্ভণিতে ৰথ স্নানা নামৰ আনুষ্ঠানিক স্নান হয়, য’ত ১০৮টা পাত্ৰৰ পবিত্ৰ পানী ব্যৱহাৰ কৰি দেৱতাসকলক শুদ্ধ কৰা হয়। ইয়াৰ পিছত ৰথ প্ৰতিষ্ঠা হয়, য'ত পুৰোহিতসকলে নতুনকৈ নিৰ্মিত ৰথক মন্ত্ৰেৰে আশীৰ্বাদ দিয়ে।

মূল ৰথ যাত্ৰাত হাজাৰ হাজাৰ ভক্তই ৰথ টানি ৰথখন গুণ্ডিচা মন্দিৰলৈ লৈ যায়। নীলাদ্ৰী বিজয়াত এই উৎসৱৰ অন্ত পৰে। নীলাদ্ৰী বিজয়াত ৰথসমূহ ভাঙি পেলোৱা হয়, যি পবিত্ৰ যাত্ৰাৰ অন্ত  আৰু আগন্তুক বৰ্ষত উভতি অহাৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক।

Jagannath Rath Yatra 2025: তাৰিখ আৰু সময়

 

অনুষ্ঠান                              তাৰিখ

অনাৱসৰা                               ১৩ জুন-২৬ জুন

গুণ্ডিচা মাৰ্জনা                            ২৬ জুন

ৰথ যাত্ৰা                                      ২৭ জুন

হেৰা পঞ্চমী                                 ১ জুলাই

বহুদা যাত্ৰা                                  ৪ জুলাই

Jagannath Rath Yatra 2025: বছৰি তৈয়াৰ কৰা হয় নতুন ৰথ

ভগৱান জগন্নাথ ৰথ যাত্ৰাৰ বাবে বছৰি তিনিখন ৰথ তৈয়াৰ কৰা হয়। পাঁচ প্ৰকাৰৰ কাঠেৰে সজোৱা এই ৰথ। ইয়াৰ উচ্চতা ৪৫ ফুট। কাঠ জোখাৰ বাবে কোনো স্কেল ব্যৱহাৰ কৰা নহয়। এডাল লাঠিৰে কাঠ জোখা হয়। এই ৰথৰ ওজন ২০০ টনতকৈ অধিক। এইবাৰ এই ৰথ প্ৰস্তুত কৰাত ২০০ জন লোক জড়িত হৈ আছে। ৰথ যাত্ৰাত ব্যৱহৃত তিনিওখন ৰথ প্ৰস্তুত কৰিবলৈ ৫৮ দিন সময় লাগে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰেও এই যাত্ৰাত তীক্ষ্ণ দৃষ্টি ৰাখে। কাৰ্যসূচীৰ সফলতা নিশ্চিত কৰাৰ লগতে ভক্তসকলক সুবিধা প্ৰদানৰ বাবে প্ৰশাসনিক পৰ্যায়তো খুব প্ৰস্তুতি চলোৱা হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে প্ৰতি বছৰে নতুন নতুন ৰথৰ বিকাশ ঘটে। যাত্ৰা সম্পূৰ্ণ হোৱাৰ পিছত ৰথ ভাঙি পেলোৱা হয় যাতে পিছৰ বছৰত ইয়াৰ কোনো সামগ্ৰী ব্যৱহৃত নহয়।

Jagannath Rath Yatra 2025: কি গছৰ কাঠৰে তৈয়াৰ কৰা হয় এই ৰথ ?

জগন্নাথ ৰথ যাত্ৰাৰ বাবে ৰথ শুভ কাঠৰ পৰা তৈয়াৰ কৰা হয়। ইয়াৰ বাবে ওড়িশাৰ ময়ুৰভঞ্জ, গঞ্জাম আৰু কেওনঝাৰ জিলাৰ অৰণ্যৰ পৰা কাঠ অনা হয়। পুৰোহিতসকলে শুভ সময়ত গছবোৰ চিহ্নিত কৰে। ৰথৰ বাবে এনে গছৰ পৰা কাঠ বাছি লোৱা হয় য'ত শংখ, গদা, পদ্মৰ দৰে চিন দেখা যায়।

নদী, মন্দিৰ বা শ্মশানৰ ওচৰৰ গছৰ কাঠ আৰু যিবোৰত চৰাইয়ে বাহ সাজিছে, সেইবোৰ কাঠ ৰথ নিৰ্মাণত ব্যৱহাৰ কৰা নহয়। পুৰোহিতসকলে যেতিয়া গছবোৰ বাছি লয়, তেতিয়া সেইবোৰক পূজা কৰা হয় আৰু কুঠাৰেৰে গছবোৰ কাটি দিয়া হয়। শুভ সময় অনুযায়ী বসন্ত পঞ্চমীৰ দিনা এই গছ পুৰীলৈ পঠোৱা হয়। ৰামনাৱমী উপলক্ষে কাঠ কটাৰ কাম আৰম্ভ হয়। তদুপৰি অক্ষয় ত্ৰিতীয়াৰ পৰা ৰথ নিৰ্মাণৰ কাম আৰম্ভ হয়।