'পাৰ্ল হাৰ্বৰ'ৰ পুনৰাবৃত্তি ! ইতিহাসৰ পৰা যুদ্ধ কৌশল শিকিছে ইউক্ৰেইনে...

সামৰিক ভাষাত এটা শব্দ আছে- 'এলিমেণ্টছ অফ ছাৰপ্ৰাইজ'। শত্ৰুৱে আশা নকৰা সময়ত বা স্থানত পৰিকল্পিতভাৱে আঘাত কৰা বিষয়টোকে এলিমেণ্টছ অফ ছাৰপ্ৰাইজ বুলি কোৱা হয়।

author-image
Asomiya Pratidin
New Update
'পাৰ্ল হাৰ্বাৰ'ৰ পুনৰাবৃত্তি ! ইতিহাসৰ পৰা যুদ্ধ কৌশল শিকিছে ইউক্ৰেইনে...

'পাৰ্ল হাৰ্বৰ', দ্বিতীয় বিশ্বযুদ্ধৰ গতিয়েই সলনি কৰি দিয়া এক ঘটনা। ১৯৪১ চনৰ ৭ ডিচেম্বৰৰ সেই ঘটনাৰেই যেন পুনৰাবৃত্তি হ'ল ১ জুন, ২০২৫ ত। পাৰ্ল হাৰ্বাৰৰ ঘটনাৰ চাৰি বছৰৰ পিছত আমেৰিকাই জাপানত কৰিছিল পৰমাণু আক্ৰমণ। দেওবাৰে পাৰ্ল হাৰ্বৰৰ পুনৰাবৃত্তি কৰাৰ পিছত এতিয়া ৰাছিয়াইও ল'ব নেকি আমেৰিকাৰ দৰেই মাৰাত্মক সিদ্ধান্ত? কি হ'ব ইউক্ৰেইনৰ ভৱিষ্যত? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিনৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

সামৰিক ভাষাত এটা শব্দ আছে- 'এলিমেণ্টছ অফ ছাৰপ্ৰাইজ'। শত্ৰুৱে আশা নকৰা সময়ত বা স্থানত পৰিকল্পিতভাৱে আঘাত কৰা বিষয়টোকে এলিমেণ্টছ অফ ছাৰপ্ৰাইজ বুলি কোৱা হয়। এনে আক্ৰমণত শত্ৰুৰ প্ৰত্যাক্ৰমণ বা প্ৰতিৰোধৰ সুযোগৰ সম্ভাৱনা ক্ষীণ। বিভ্ৰান্ত হয় শত্ৰু পক্ষ। 

যুদ্ধত সাফল্যৰ চাবিকাঠি আক্ৰমণৰ আকস্মিকতা। ইতিহাসে তেনে বহু উদাহৰণ দি গৈছে।  দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানী সেনাই যি কৰিছিল তাৰেই যেন পুনৰাবৃত্তি কৰিলে ইউক্ৰেইনৰ সেনাই। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলনস্কিয়ে দেখুৱাই দিলে ইতিহাসৰ পৃষ্ঠাৰ পৰা অৰ্জন কৰা তেওঁৰ যুদ্ধৰ ফলপ্ৰসূ কৌশল। 

১৯৪১ চনৰ ৭ ডিচেম্বৰত জাপানৰ সেনা বাহিনীয়ে তাৎক্ষণিক আক্ৰমণেৰে তছনছ কৰি দিছিল প্ৰশান্ত মহাসাগৰৰ হাওৱাই দ্বীপপুঞ্জৰ পাৰ্ল হাৰ্বৰত থকা মাৰ্কিন নৌ সেনাৰ বন্দৰ আৰু বিমানঘাটি। সেই দিনা পুৱা ৭-৪৮ বজাত হঠাৎ জাপানী সেনাই পাৰ্ল হাৰ্বৰত বিমানেৰে আৰম্ভ কৰিছিল আক্ৰমণ।

পুৱাৰ ৭-৪৮ বজাৰ পিছৰ সাত ঘণ্টাত জাপানী সেনাই চলোৱা সেই আক্ৰমণত মাৰ্কিন নৌ সেনা আৰু বিমানঘাটিক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল। মাৰ্কিন নৌ সেনাই হেৰুৱাইছিল ছখন বিমানবাহী যুদ্ধ জাহাজসহ মুঠ ৩৫৩ খন বিমান।

মহাসাগৰত ডুব গৈছিল চাৰিখন যুদ্ধ জাহাজ আৰু দুখন সামৰিক পৰিবহণ জাহাজ। ক্ষতিগ্ৰস্ত হৈছিল ফ্ৰিগেট, ক্ৰুজাৰ, ডেষ্ট্ৰায়াৰৰ দৰে আৰু ১০ খন যু্দ্ধ জাহাজ। নিহত হৈছিল ২৪০৩ গৰাকী মাৰ্কিন সেনা। জাপানী ভাষাত এই অভিযানৰ সাংকেতিক নাম দিয়া হৈছিল 'টোৰা টোৰা টোৰা'। এই ঘটনাক লৈ প্ৰথমে জাপানত আৰু পিছত হলিউডতো নিৰ্মাণ হৈছিল চিনেমা।

যুদ্ধৰ পিছত কলাৰ জৰিয়তেও যেন চলিছিল আন এখন যুদ্ধ। জাপানে সেই পাৰ্ল হাৰ্বৰৰ ঘটনাক লৈ যিদৰে চিনেমা নিৰ্মাণ কৰিছিল ঠিক সেইদৰেই হলিউডতো 'পাৰ্ল হাৰ্বাৰ' শিৰোনামেৰেই নিৰ্মাণ হৈছিল আন এখন চিনেমা।

২০০১ চনত নিৰ্মাণ হোৱা হলিউডৰ সেই ব্লকবাষ্টাৰ ছবিখনত অভিনয় কৰিছিল বেন এফ্লেক আৰু জছ হাৰ্টনেটে। তেওঁলোক দুয়োকে চিনেমাখনত অদম্য দুগৰাকী আমেৰিকান যুঁজাৰু পাইলট হিচাপে দেখুওৱা হৈছিল। যিয়ে পাৰ্ল হাৰ্বৰত জাপানী সেনাই চলোৱা ধ্বংসলীলাৰ মাজতে কিদৰে প্ৰত্যাহ্বান গঢ়ি তুলিছিল সেয়া উপস্থাপন কৰা হৈছিল। 

দ্বিতীয় বিশ্বযুদ্ধৰ গতিয়েই সলনি কৰি দিছিল জাপানী সেনাৰ সেই অভিযানে। পাৰ্ল হাৰ্বৰৰ সেই লজ্জাজনক পৰাজয়ৰ প্ৰতিশোধ ল'বলৈকে তাৰ চাৰি বছৰ পিছত ১৯৪৫ চনত হিৰোছিমা আৰু নাগাছাকিত পৰমাণু বোমাৰে আক্ৰমণ কৰিছিল আমেৰিকাই। 

যদিও সকলো ধ্বংস হৈ গৈছিল তথাপিও জাপানে পাৰ্ল হাৰ্বৰত আক্ৰমণ কৰাৰ সময়ত আমেৰিকান বায়ু সেনাৰ পাইলটে ৰাণৱেৰ কেইবাখনো যুদ্ধ বিমানেৰে জাপানী বায়ু সেনাক উভতি ধৰাৰ চেষ্টা কৰিছিল। সাহসেৰে যুঁজ দিবলৈ আগুৱাই গৈছিল। 

দ্বিতীয় বিশ্বযুদ্ধৰ গতি সলনি কৰি দিয়া জাপানৰ সেই অভিযানৰেই যেন পুনৰাবৃত্তি কৰিলে ইউক্ৰেনে। আৰু  তাৰ পিছত এতিয়া আমেৰিকাৰ দৰেই ৰাছিয়াও ইউক্ৰেইনৰ ওপৰত পৰমাণু আক্ৰমণৰ কথা চিন্তা কৰিছে নেকি বুলিও চৰ্চা চলিছে। 

দেওবাৰে হঠাৎ ইউক্ৰেইনে ড্ৰ’ণ আক্ৰমণেৰে ৰাছিয়াৰ পাঁচটাকৈ বিমানঘাটিত আক্ৰমণ কৰে। এই আক্ৰমণৰ সঠিক প্ৰত্যুত্তৰ দিয়াত ব্যৰ্থ হ’ল ৰাছিয়া। ১৯৪১ ত আমেৰিকান বায়ু সেনাই ধ্বংসৰ মাজতো ৰাণৱেত থিয় হৈ থকা কেইখনমান বিমানেৰে জাপানক প্ৰত্যুত্তৰ দিবলৈ সাহসেৰে আগবাঢ়ি গৈছিল। কিন্তু দেওবাৰে ৰাছিয়ান বায়ু সেনাই তেনে সাহস দেখুৱাব নোৱাৰিলে।

ইয়াৰ পিছতেই এতিয়া ক্ৰেমলিনে ইউক্ৰেইনৰ ওপৰত পাৰমাণৱিক প্ৰতিশোধৰ কথা চিন্তা কৰিছে বুলিও খবৰ প্ৰকাশ পাইছে। দেওবাৰৰ আক্ৰমণত ৰাছিয়াৰ কেইবাখনো যুদ্ধ বিমান আৰু চোৰাংচোৱা বিমান কাৰ্যতঃ প্ৰতিৰোধ নোহোৱাকৈয়ে ধ্বংস হৈ গ’ল। 

এই তালিকাত টিউ-৯৫এমএছ আৰু টু-২২এ-৩ৰ দৰে গুৰুত্বপূৰ্ণ ষ্ট্ৰেটেজিক বোমাৰু বিমানো আছে। ইয়াৰ উপৰিও আছে বিশ্বৰ অন্যতম শক্তিশালী সামৰিক নিৰীক্ষণ বিমান এ-৫০। তাৰোপৰি ক্ষতিগ্ৰস্ত হৈছে ৰাণৱে আৰু যোগাযোগ ব্যৱস্থাও। 

ইউক্ৰেইনে এই আক্ৰমণক ‘অপাৰেচন স্পাইডাৰৱেব’ নাম দিছে। তেওঁলোকে দাবী কৰিছে এই অভিযানৰ জৰিয়তে কমেও ৭ বিলিয়ন ডলাৰৰ ৰাছিয়াৰ সামৰিক আন্তঃগাঁথনি ধ্বংস কৰিছে। আনহাতে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতিত দাবী কৰা হৈছে যে যোৱা সপ্তাহত সামৰিক অভিযানত কমেও ১৪৭৫ জন ইউক্ৰেইনৰ সৈন্য নিহত হৈছে।

সেয়া যিয়েই নহওঁক শেষ নোহোৱা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ অৱসান কেতিয়া হ'ব সেয়া এতিয়া সম্পূৰ্ণ অনিশ্চয়তাত। আলোচনাত বহিও দুয়ো দেশেই পিছুৱাই আহিবলৈ অসন্মত। মহা শক্তিশালী ৰাছিয়াই যুঁজি যুঁজি ভাগৰি পৰিছে ক্ষুদ্ৰ দেশ ইউক্ৰেইনৰ বিৰুদ্ধে।

স্বদেশৰ স্বাধীনতা আৰু সাৰ্বভৌমত্বক লৈ দৰদাম কৰিব নিবিচৰা ভলোদিমিৰ জেলেনস্কিয়ে ভয় কৰা নাই ড'নাল্ড ট্ৰাম্পৰ ৰঙা চকুলৈকো।  ৰাছিয়াই চলাই থকা আক্ৰমণৰ মাজতে হঠাৎ দেওবাৰে যিদৰে ৰাছিয়াক আঘাত কৰিলে সেই আঘাতত এতিয়া থকাসৰকা ৰাছিয়া। ইয়াৰ পৰিণাম কি হয় সেয়া সময়ে ক'ব, কিন্তু জেলেনস্কিৰ সামৰিক বাহিনীয়ে ইতিহাসৰ পৰা যি কৌশল আয়ত্ব কৰিলে সেই কৌশলে পুনৰ এবাৰ এই যুদ্ধক নতুন কৈ বিশ্লেষণ কৰিবলৈ বিশ্ববাসীক বাধ্য কৰি তুলিলে। 

ইউক্ৰেইন ৰাছিয়া যুদ্ধ ৰাছিয়া-ইউক্ৰেইন