/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c0ec4cc8-9846-499c-a42f-bd64d180392e/WhatsApp Image 2024-07-15 at 2.12.00 PM.jpeg)
ডিজিটেল ডেস্ক: বিগত বহু দিনৰ পৰাই বচ্চন পৰিয়ালৰ বিবাদে বেচ চৰ্চা লাভ কৰি আহিছে।বহুতেই ইয়াক উৰাবাতৰি আখ্যা দিলেও শেহতীয়াকৈ এই সমগ্ৰ বিষয়টো স্পষ্ট হৈ পৰিল মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বিয়াৰ অনুষ্ঠানসমূহত।
সমগ্ৰ বলীউড এতিয়া আম্বানীৰ ‘হাইপ্ৰফাইল’ বিয়াত নাচ-গান কৰাত ব্যস্ত।কেৱল বলীউডেই নহয়, বিশ্বৰ এনে কোনো তাৰকা নাই যিয়ে এই বিয়াখনত অংশ লোৱা নাই।সকলো তাৰকাই বিয়ালৈ আহি প্ৰথমে ফটোৰ বাবে প’জ দিয়ে। এয়া তাৰকাসকলৰ পৰম্পৰা বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব।কিন্তু এই বিয়াখনত উঠা দুখনমান ফটোত ফাদিল হ’ল বলীউডৰ মহাতাৰকা অমিতাভ বচ্চনৰ পৰিয়ালৰ আচল ৰহস্য।
হয়, অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত অমিতাভ বচ্চনে তেওঁ পৰিয়ালৰ সৈতে ফটোৰ বাবে প’জ দিয়ে।য’ত তেওঁৰ সৈতে দেখা গৈছে পত্নী জয়া বচ্চন, পুত্ৰ অভিষেক বচ্চন, কন্যা শ্বেতা বচ্চন নন্দা, জোৱায়েক নিখিল নন্দা, নাতি আগষ্ট্য নন্দা আৰু নাতিনী নভ্যা নাবেলী নন্দাক।কিন্তু তেওঁলোকৰ এই ফটোখনত দেখা নগ’ল অভিষেক বচ্চনৰ পত্নী তথা ‘বিগ বি’ৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যা বচ্চনক।ঐশ্বৰ্য আৰু আৰাধ্যায়ে বেলেগে গৈ এই বিয়াখনত অংশ গ্ৰহণ কৰে।
এই ফটো ভাইৰেল হোৱাৰ পাছতে এতিয়া ছ'চিয়েল মেডিয়া তোলপাৰ লাগিছে। বহুতেই ‘বিগ বি’ৰ পৰিয়ালৰ এই বিবাদক সমোলোচনা কৰিছে। আনহাতে, কন্যা শ্বেতা বচ্চনৰ বাবেই এই গৃহকন্দলৰ আৰম্ভণি হোৱা বুলি চৰ্চা হৈছে।যাৰ বাবে এতিয়া সকলোয়ে শ্বেতা বচ্চনকো সমালোচনাৰে থকা-সৰকা কৰিছে।আনহাতে, বহুতেই আকৌ ঐশ্বৰ্য ৰায় বচ্চন এই পৰিয়ালটোৰ পৰা পৃথক হোৱাৰ বাবে সুখী বুলিহে ছ’চিয়েল মেডিয়াত মুকলিকৈ মন্তব্য কৰিছে।
Also Read: আম্বানীৰ বিয়াত নহয়, আধ্যাত্মিক পৰিৱেশত আচুতীয়া সময় অতিবাহিত কৰিছে এইহাল তাৰকাই