Independence Day 2025: ক’ত চাব, শুনিব পাৰিব প্ৰধানমন্ত্ৰীৰ বিশেষ ভাষণ, জানি লওঁক

কাইলৈ ভাৰতে পালন কৰিব স্বাধীনতা দিৱস। প্ৰতিবছৰৰ দৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পতাকা উত্তোলন কৰি লালকিল্লাৰ প্ৰাচীৰৰ পৰা সমগ্ৰ জাতিটোক সম্বোধন কৰিব।

author-image
সংগীতা দাস
New Update
web ap IND

ডিজিটেল ডেস্ক: Independence Day 2025: ভাৰতে কাইলৈ পালন কৰিব স্বাধীনতা দিৱস। প্ৰতিবছৰৰ দৰেই এইবছৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পতাকা উত্তোলন কৰি লালকিল্লাৰ প্ৰাচীৰৰ পৰা সমগ্ৰ জাতিটোক সম্বোধন কৰিব। এই ভাষণ হ’ব প্ৰধানমন্ত্ৰী মোডীয়ে স্বাধীনতা দিৱস উপলক্ষে একেৰাহে দিয়া ১২ সংখ্যক ভাষণ।

Advertisment

স্বাধীনতা দিৱসৰ এই বিশেষ অনুষ্ঠানটো সাধাৰণতে ৰাতিপুৱা সোনকালে আৰম্ভ হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুৱা প্ৰায় ৭:৩০ বজাত আনুষ্ঠানিক ভাষণ দিয়ে।  গণ্যমান্য ব্যক্তিৰ পৰা উষ্ম অভিবাদনেৰে এই অনুষ্ঠানৰ আৰম্ভণি হয়। তাৰ পিছত ২১ বন্দুকৰ চেলুট, ৰাষ্ট্ৰীয় সংগীত জন গণ মন পৰিৱেশন আৰু ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰৰ পৰা ফুলৰ পাহি তললৈ পেলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

Independence Day 2025: ক’ত চাব, শুনিব পাৰিব প্ৰধানমন্ত্ৰীৰ ভাষণ ?

প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ দূৰদৰ্শনত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব। প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ (পিআইবি) ইউটিউব চেনেল আৰু এক্স (পূৰ্বৰ টুইটাৰ)ত @PIB_Indiaৰ জৰিয়তে এই অনুষ্ঠান লাইভ প্ৰচাৰ কৰা হ’ব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েও নিজৰ অফিচিয়েল ইউটিউব চেনেলতো এই ভাষণ সম্প্ৰচাৰ কৰিব। ভাৰতবাসীয়ে pmindia.gov.in, ddnews.gov.in আৰু ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰৰ স্বাধীনতা দিৱস পৰ্টেল (independenceday.nic.in)ৰ জৰিয়তেও লাইভ ষ্ট্ৰীমিং চাব পাৰিব।

Independence Day 2025: স্বাধীনতা দিৱসৰ বিষয়বস্তু

স্বাধীনতা দিৱস ২০২৫ৰ আনুষ্ঠানিক বিষয়বস্তু এতিয়াও ঘোষণা কৰা হোৱা নাই। কিন্তু ই বৈচিত্ৰ্য, সৰ্বাংগীন বৃদ্ধি আৰু ৰাষ্ট্ৰীয় উন্নয়ন তথা ঐক্যৰ ভিত্তিত গুৰুত্ব আৰোপ কৰিব বুলি আশা কৰা হৈছে।  

Independence Day 2025:এইবাৰ ৭৮ নে ৭৯ সংখ্যক স্বাধীনতা দিৱস ?

সঠিককৈ ক’বলৈ গ’লে ভাৰতে ২০২৫ ৰ ১৫ আগষ্টত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। আমি ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰাৰ ৭৮ বছৰ হ’ল। প্ৰথম স্বাধীনতা দিৱস ১৯৪৭ চনৰ ১৫ আগষ্টত পালন কৰা হৈছিল আৰু তাৰ পিছৰ প্ৰতিটো বছৰে সেই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৰ বৰ্ষপূৰ্তি উদযাপন কৰা হৈছে। গতিকে, ২০২৫ ত আমি স্বাধীনতাৰ ৭৯ সংখ্যক বছৰত প্ৰৱেশ কৰিছো। এই কথা মনত ৰখাৰ সহজ সূত্ৰটো হ’ল- ২০২৫ - ১৯৪৭ + ১ = ৭৯।