/asomiyapratidin/media/media_files/2025/08/12/gsyuagsiuahsa-2025-08-12-17-28-07.jpg)
ডিজিটেল সংবাদ, সোণাপুৰঃ সোণাপুৰত জন্মাষ্টমী মহোৎসৱ উপলক্ষে ডিমৰীয়াৰ প্ৰতিখন বিদ্যালয় আৰু মহাবিদ্যালয়ত মঙলবাৰৰ পৰা আৰম্ভ হৈছে বিশেষ অনুষ্ঠান "গুৰুকুলত কৃষ্ণকথা"। নৱ প্ৰজন্মক সনাতনী ধৰ্ম আৰু কৃষ্ণ জীৱন কথা শুনি আধ্যাত্মিক ধ্যান সঞ্চাৰ কৰাৰ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে এই বিশেষ অনুষ্ঠানৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/12/capture-hgh-2025-08-12-18-12-59.jpg)
মঙলবাৰে ডিমৰীয়াৰ কেইবাখনো বিদ্যালয়ত কৃষ্ণ বন্দনাৰে ভক্তি ৰসত বুৰ যোৱা পৰিলক্ষিত হয়। বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূৱ প্ৰান্তৰ আহ্বানত, গুৱাহাটী মহানগৰ সমিতিৰ সৌজন্যত আৰু ডিমৰীয়া প্ৰান্তৰ সহযোগত আয়োজন কৰা জন্মাষ্টমী মহোৎসৱৰ প্ৰথমতো কাৰ্য্যসূচী হিচাপে গুৰুকুলত কৃষ্ণকথাৰ আয়োজন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/12/capture-mlm-2025-08-12-18-13-28.jpg)
আনহাতে, অহা ১২,১৩ আৰু ১৪ ছেপ্টেম্বৰত তিনিদিনীয়াকৈ সোণাপুৰ মিনি ষ্টেডিয়ামত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূৱ প্ৰান্তৰ আহ্বানত, গুৱাহাটী মহানগৰ সমিতিৰ সৌজন্যত আৰু ডিমৰীয়া প্ৰান্তৰ সহযোগত জন্মাষ্টমী মহোৎসৱৰো বিশাল আয়োজন কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/12/capturekmlnkl-2025-08-12-18-13-45.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us