এইসমূহ বাস্তু নিয়মৰে দূৰ কৰক ঘৰৰ নেতিবাচক শক্তি

এইসমূহ বাস্তু নিয়মৰে দূৰ কৰক ঘৰৰ নেতিবাচক শক্তি

ডিজিটেল ডেস্ক: আমাৰ জীৱনত বাস্তু শাস্ত্ৰই গুৰুতৰ ভূমিকা পালন কৰে। বাস্তুত শক্তি আৰু নিৰ্দেশনাক বিশেষ গুৰুত্ব দিয়া হয়। ঘৰত থকা নেতিবাচকতা আৰু ইতিবাচকতা ঘৰখনৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। এই শাস্ত্ৰ অনুসৰি, ঘৰৰ বিভিন্ন দিশত থকা বিভিন্ন বস্তু তথা শক্তিয়েই ঘৰখনলৈ নেতিবাচকতা আৰু ইতিবাচকতা কঢ়িয়াই আনে। যদি এই বাস্তু নিয়মবোৰ সঠিকভাৱে অনুসৰণ কৰা নহয়, তেন্তে বাস্তু দশাই ঘৰখনত বিভেদ সৃষ্টি কৰে। বাস্তু নিয়ম পালন কৰি কিদৰে ঘৰৰ বিবাদ দূৰ কৰিব পাৰি, আজি সেই বিষয়ে জানো আহক-

বুদ্ধৰ মূৰ্তি 

যদি আপোনাৰ ঘৰত প্ৰতিদিনে বাদ-বিবাদ বা কাজিয়া হয়, তেন্তে ঘৰত এটা বুদ্ধৰ মূৰ্তি ৰাখিব। বুদ্ধৰ মূৰ্তি ঘৰত থাকিলে ঘৰৰ শান্তি-সম্প্ৰীতি অটুট থাকে।বিশ্বাস অনুসৰি, যি ঘৰত বুদ্ধৰ মূৰ্তি থাকে, সেই ঘৰত সদায় শান্তি থাকে। আপুনি মূৰ্তিটো সদায় আপোনাৰ ড্ৰয়িং ৰূমত ৰাখিব।

নিমখ

বাস্তু শাস্ত্ৰৰ মতে, নিমখে সকলো ধৰণৰ ঋণাত্মক শক্তি আঁতৰ কৰে। যদি আপোনাৰ কোঠাত নেতিবাচক শক্তি থকাৰ দৰে অনুভৱ হয়, তেন্তে কোঠাটোৰ এটা কোণত ‘পিংক ছল্ট’ৰ এটা টুকুৰা ৰাখিব। বিশ্বাস অনুসৰি, ই ঘৰৰ বিবাদ হোৱাত বাধা দিয়াৰ উপৰিও ঘৰত ইতিবাচকতা বজাই ৰাখে। 

ক্ৰিষ্টেল উইণ্ড চাইম 

যদি আপোনাৰ ঘৰৰ সঘনাই বা সকলো সময়তে কাজিয়া লাগি থাকে, তেনেহ'লে ঘৰৰ খিৰিকীত এটা ক্ৰিষ্টেলৰ উইণ্ড চাইম লগাব।বিশ্বাস অনুসৰি, ই ঘৰৰ সুখ-শান্তি অটুট ৰখাত সহায় কৰাৰ লগতে ইয়াৰ শব্দ শুনি আপোনাৰ মনটোয়েও শান্তি লাভ কৰিব।শোৱনি কোঠাৰ খিৰিকীত উইণ্ড চাইম লগালেও ঘৰখনলৈ ইতিবাচক শক্তিৰ আগমন হয়।

অত্যাধিক আয়না 

ঘৰৰ দুৱাৰ-খিৰিকিত অত্যাধিক আয়না নলগাব। ইফালে, যদি ঘৰত ভঙা আইনা আছে, তেন্তে আজিয়েই পেলাই দিয়ক। ভঙা আইনাই আপোনাৰ জীৱন সলনি কৰিব পাৰে। কিন্তু ঘৰৰ উত্তৰ কোণত আইনা থকাটো অতি শুভ বুলি গণ্য কৰা হয়।

অপ্ৰয়োজনীয় বস্তু নাৰাখিব 

বাস্তু শাস্ত্ৰ অনুসৰি, ঘৰখনৰ সদস্য আৰু সামগ্ৰীবোৰৰ দ্বাৰায়েই ঘৰখনত শক্তিৰ সৃষ্টি হয়, সেয়েহে ব্যৱহাৰ নকৰা একো আপোনাৰ ঘৰত নাৰাখিব। ইয়াৰ বাহিৰে, ঘৰত বাহি খাদ্য আৰু অব্যৱহৃত জোতা নাৰাখিব।বাস্তু বিশ্বাস মতে, যিখন ঘৰত এনে হয়, সেই ঘৰত কাজিয়া বেছিকৈ হয়।

এইসমূহ বাস্তু নিয়মৰে দূৰ কৰক ঘৰৰ নেতিবাচক শক্তি
আগন্তুক শাওন মাহত আপুনি কোন মন্দিৰ দৰ্শনৰ পৰিকল্পনা কৰিছে ?

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in