মন গ’লেই শোধাই চৰ, শৌচাগাৰলৈ যোৱাও কৰিছিল নিষিদ্ধ

স্বামীৰ হাতত ১২ বছৰ বন্দী হৈ জীয়াই থাকিবলৈ বাধ্য হৈছে এইখন দেশৰে এগৰাকী মহিলা।এই দুৰ্ভগীয়া মহিলাগৰাকী কৰ্ণাটকৰ মহীশূৰ জিলাৰ। এই ঘটনাৰ বিষয়ে জানি হয়তো সকলোৰে মনত এটাই প্ৰশ্ন উত্থাপিত হৈছে যে, কোনোয়ে তেওঁৰ পত্নীক কেনেকৈ এইদৰে বন্দী কৰি ৰাখিব পাৰে ?

author-image
Asomiya Pratidin
New Update
মন গ’লেই শোধাই চৰ, শৌচাগাৰলৈ যোৱাও কৰিছিল নিষিদ্ধ

ডিজিটেল ডেস্ক: স্বামীৰ হাতত ১২ বছৰ বন্দী হৈ জীয়াই থাকিবলৈ বাধ্য হৈছে এইখন দেশৰে  এগৰাকী মহিলা।এই দুৰ্ভগীয়া মহিলাগৰাকী কৰ্ণাটকৰ মহীশূৰ জিলাৰ। এই ঘটনাৰ বিষয়ে জানি হয়তো সকলোৰে মনত এটাই প্ৰশ্ন উত্থাপিত হৈছে যে, কোনোয়ে তেওঁৰ পত্নীক কেনেকৈ এইদৰে বন্দী কৰি ৰাখিব পাৰে ?

Advertisment

এই ঘটনাটো মহীশূৰ জিলাৰ হীৰেজ গাঁৱত সংঘটিত হৈছে। অভিযুক্তজনে বিবাহৰ প্ৰথম দিনাৰ পৰাই তেওঁৰ পত্নীৰ চৰিত্ৰত সন্দেহ কৰিছিল।এই সন্দেহতে বিয়াৰ দুদিনৰ পাছতে তেওঁ মহিলাগৰাকীক এটা কোঠাত আৱদ্ধ কৰি দুৱাৰত তিনিটা তলা মাৰি  কাৰো সৈতে কথা নাপাতিবলৈ তেওঁক সতৰ্ক কৰি দিছিল।মহিলাগৰাকীক মাজে-মাজে খাদ্য যোগান ধৰা হৈছিল যদিও শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ তেওঁক অনুমতি দিয়া হোৱা নাছিল।তেওঁক শৌচ-প্ৰস্ৰাৱ কৰিবলৈ এটা সৰু বাকচ দিয়া হৈছিল আৰু একো কাৰণ নোহোৱাকৈয়ে তেওঁক বাৰে বাৰে চৰ মৰাটো অভিযুক্তজনৰ যেন এক অভ্যাসত পৰিণত হৈছিল।

১২ বছৰ এনেদৰেই দি কটাই মহিলাগৰাকীয়ে কেনেবাকৈ তেওঁৰ আত্মীয়ক এই বিষয়ে বৰ্ণনা কৰিছিল।ইয়াৰ পিছতে ঘৰত তালাচী চলাই মহিলাগৰাকীক কেইদিনমান পূৰ্বে উদ্ধাৰ কৰে।এই দুই স্বামী-স্ত্ৰীৰ দুটা সন্তানো আছে, যাক এতিয়া মহিলাগৰাকীৰ পিতৃ-মাতৃৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছে।মহিলাগৰাকীৰ পৰিয়াল, স্থানীয় লোক তথা আৰক্ষীয়ে মিলি উদ্ধাৰ কৰাৰ পিছত মহিলাগৰাকীয়ে সমগ্ৰ ঘটনা বৰ্ণনা কৰে।মহিলাগৰাকীক স্বামীয়ে কৰা অত্যাচাৰৰ বিষয়ে জানিব পাৰি সকলো একপ্ৰকাৰ অবাক হৈ পৰিছিল। পাছত অৱশ্যে আৰক্ষীয়ে এই অত্যাচাৰী স্বামীক গ্ৰেপ্তাৰ কৰে আৰু মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত মাতৃগৃহত কেইদিনমান থকাৰ বাবে অনুমতি দিয়ে।

Also Read: সংসাৰ যদি ভালে ৰাখিবলৈ বিচাৰে, তেন্তে কেতিয়াও নকৰিব এই ৩টা ভুল