/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/d745712e-be06-4b12-bfa6-7f95ddfe137f/2__20_.jpg)
ডিজিটেল ডেস্ক: গৰ্ভৱতী নহয় অভিনেত্ৰী কেটৰিনা কাইফ। বিগত কেইদিনমানৰ পৰা চৌদিশ উত্তাল কৰি ৰখা খবৰটো যেন এতিয়া মিছা প্ৰমাণিত হৈছে।শেহতীয়াকৈ কেটৰিনাক দেখি অনুৰাগীসকলে এই বিষয়ে নিশ্চিত হৈছে। দীৰ্ঘদিন লণ্ডনত কটাই এতিয়া মুম্বাইলৈ পুনৰ ঘূৰি আহিছে কেটৰিনা।
হয়, বলীউডৰ 'ডিম্পল গাৰ্ল' দীপিকা পাডুকনৰ পাছত কেটৰিনা কাইফো গৰ্ভৱতী বুলি খুব চৰ্চা চলিছিল। প্ৰকৃততে, শেহতীয়াকৈ লণ্ডনৰ কেটৰিনা আৰু বিকিৰ এটা ভিডিঅ' ভাইৰেল হৈছিল, য'ত অনুৰাগীসকলে অভিনেত্ৰীগৰাকীৰ ‘বেবী বাম্প’ লক্ষ্য কৰি ছ’চিয়েল মেডিয়াতে মুকলিকৈ তেওঁক শুভেচ্ছা জনাইছিল। এক প্ৰতিবেদনত দাবীও কৰা হৈছিল যে কেটৰিনাই লণ্ডনতেই তেওঁলোকৰ প্ৰথম সন্তান জন্ম দিব।সেয়েহে, কেটৰিনা বহুদিনৰ পৰা লণ্ডনতে আছে।
উল্লেখ্য যে, বিগত কিছু সময়ৰ পৰা বলীউডৰ বহুতো তাৰকাই তেওঁলোকৰ জীৱন যিমান সম্ভৱ ব্যক্তিগত কৰি ৰাখিবলৈ চেষ্টা কৰি আছে। অনুষ্কা শৰ্মাইও লণ্ডনতে তেওঁৰ পুত্ৰক জন্ম দিছিল। অৱশ্যে, কেটৰিনাৰ ‘পি আৰ’ দলে এই সকলোবোৰ প্ৰতিবেদন আগতেই অস্বীকাৰ কৰিছিল।তেওঁলোকৰ মতে, অভিনেত্ৰীগৰাকীয়ে কেৱল স্বামীৰ সৈতে ভাল সময় অতিবাহিত কৰিবলৈহে লণ্ডনত আছিল।
২০২১ চনৰ ৯ ডিচেম্বৰত ৰাজস্থানত কেটৰিনা কাইফ আৰু বিকি কৌশলে অতি ৰাজকীয় শৈলীত বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াখনত দম্পতিহালৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গ উপস্থিত আছিল। বিবাহৰ ৩ মাহৰ পিছত, ২০২২ৰ ১৯ মাৰ্চত তেওঁলোকে আইনীভাৱে বিবাহ পঞ্জীয়ন কৰিছিল।
Also Read: ‘হাই প্ৰফাইল’ পিতৃ-কন্যাক প্ৰথমবাৰৰ বাবে একেলগে চাবলৈ উৎসাহী অনুৰাগী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us