চিন্তা নকৰিব ! কেৱল উপায়কেইটা জানি লওঁক

কল হৈছে এনে এবিধ ফল, যি সকলোৰে প্ৰিয়। কলৰ অগনন স্বাস্থ্য উপকাৰিতা আছে। কলে শৰীৰক তাৎক্ষণিক শক্তি প্ৰদান কৰে। এইবিধ ফল দৈনিক খাই আপুনি গোটেই দিনটো শৰীৰটোক উদ্যমী কৰি ৰাখিব পাৰে।

author-image
সংগীতা দাস
New Update
web ap 2

ডিজিটেল ডেস্ক: কল হৈছে এনে এবিধ ফল, যি সকলোৰে প্ৰিয়। কলৰ অগনন স্বাস্থ্য উপকাৰিতা আছে। কলে শৰীৰক তাৎক্ষণিক শক্তি প্ৰদান কৰে। এইবিধ ফল দৈনিক খাই আপুনি গোটেই দিনটো শৰীৰটোক উদ্যমী কৰি ৰাখিব পাৰে।

কিন্তু, এক সমস্যা হ'ল যে কল খুব সোনকালে বেয়া হৈ যায়। এই সমস্যাৰ অৱশ্যে সমাধান আছে। আপুনি যদি কল দীৰ্ঘদিনৰ বাবে সতেজ কৰি ৰাখিবলৈ বিচাৰে, মাত্ৰ তিনিটা উপায় অৱলম্বন কৰিব পাৰে।

বিশেষকৈ, বজাৰৰ পৰা কল আনোতে আপুনি কলৰ সতেজতাৰ প্ৰতি মনোযোগ দিব। যদি কলখিনি অলপ কেঁচা হয়, ফ্ৰীজত ভুলতো নথ’ব। সতেজ ৰাখিবলৈ কলখিনি পৃথকে-পৃথকে ঢাকি ৰাখিব। খুব বেছিকৈ পকা কল ঘৰলৈ নানিব।

কল সতেজ কৰি ৰখাৰ অন্যতম উপায়

১. কল সদায় কোঠাৰ উষ্ণতাত এটা ডাঙৰ পাত্ৰত ওলোটাকৈ ৰাখিব। কল কেতিয়াও পানীৰে নুধুব।

২. যদি কলখিনি বেছিকৈ পকা নহয়, তেন্তে ওলোমাই ৰাখিব।

৩. প্লাষ্টিকৰ বেগত কেতিয়াও কল নাৰাখিব। এনেদৰে থ'লে খুব সোনকালে কলখিনি পকি বেয়া হৈ যায়। 

উল্লেখ্য যে, কল এবিধ সহজলভ্য ফল। ইয়াৰ বাকলিয়ে ভিতৰৰ খাদ্য অংশ বীজাণু সংক্ৰমণ নোহোৱাকৈ ৰাখে। কলৰ পুষ্টি প্ৰচুৰ। ইয়াত শৰ্কৰা,কোষবৰ্ধক পদাৰ্থ, প্ৰ'টিন, ভিটামিন,খনিজ লৱণ পোৱা যায়। কলত যথেষ্ট পৰিমাণে আইৰণ আৰু খনিজ লৱণ থাকে। সেয়েহে, কল খালে শৰীৰৰ হিমোগ্ল’বিন বৃদ্ধি পায়। এনিমিয়াত ভোগা লোকে নিয়মীয়াকৈ কল খালে শৰীৰত ৰক্তৰ পৰিমাণ বৃদ্ধি হয়। হৃদৰোগত আক্ৰান্তসকলে নিয়মীয়াকৈ কল খালে যিকোনো ধৰণৰ হৃদৰোগ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগক পৰাও উপশম পায়। বাত বিষ আৰু সঘনাই ডায়েৰিয়াত ভোগাসকলে কল নিয়মীয়াকৈ খাব পাৰে। অৱশ্যে, মধুমেহ ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে কল খাব লাগে।

আনহাতে, অতীজৰে পৰা কৰি অহা বিশ্বাস অনুসৰি, পকা ভীমকল পুহ মাহত নিয়মিত খালে গাত ভীমৰ সমান বল হয়। গৰমত দেহটো শীতল কৰি ৰাখিবলৈ এটা ভীম কল বা জাহাজী,অমৃত সাগৰ,মালভোগে কলৰ চৰৱতে আপোনাক যথেষ্ট সকাহ দিব পাৰে। পকা ভীম কল পিঠা গুৰিৰ সৈতে খালে শিশুৰ শ্ৰীবৃদ্ধি হয় আৰু পয়ালগাও ভাল হয়। মূলতঃ দিনত এটা বা দুটা কল সেৱনে আপোনাক নিৰোগী কৰি ৰাখিব পাৰে।

উল্লেখ্য যে, কাচ কলৰো আছে বহু উপকাৰিতা। কাচ কলত যথেষ্ট পৰিমাণৰ পটেছিয়াম থাকে, যিয়ে কলেষ্ট্ৰেৰল,দেহত হোৱা চৰ্বি নিয়ন্ত্ৰণত সহায় কৰে। পেট চলা, হিমোগ্ল'বিনৰ অভাৱটো কাচ খোৱাটো খুব উপকাৰী।