আপোনাৰ স্বামীও খুব ব্যস্ত নেকি ?

বহু পুৰুষ এনে আছে, যিসকলে প্ৰায় সকলো সময়তে তেওঁলোকৰ অফিচৰ কামতেই ব্যস্ত হৈ থাকে। এই অভ্যাসৰ বাবে তেওঁলোকৰ পত্নী আৰু সন্তানে অৱহেলিত অনুভৱ কৰিবলৈ আৰম্ভ কৰে।যাৰ ফলত স্বামী-স্ত্ৰীৰ মাজত প্ৰায় প্ৰতিদিনে কাজিয়া হয় আৰু তেওঁলোকৰ সম্পৰ্ক বেয়াৰ ফাললৈ গতি কৰে।

author-image
Asomiya Pratidin
New Update
আপোনাৰ স্বামীও খুব ব্যস্ত নেকি ?

ডিজিটেল ডেস্ক: বহু পুৰুষ এনে আছে, যিসকলে প্ৰায় সকলো সময়তে তেওঁলোকৰ অফিচৰ কামতেই ব্যস্ত হৈ থাকে। এই অভ্যাসৰ বাবে তেওঁলোকৰ পত্নী আৰু সন্তানে অৱহেলিত অনুভৱ কৰিবলৈ আৰম্ভ কৰে।যাৰ ফলত স্বামী-স্ত্ৰীৰ মাজত প্ৰায় প্ৰতিদিনে কাজিয়া হয় আৰু তেওঁলোকৰ সম্পৰ্ক বেয়াৰ ফাললৈ গতি কৰে।এই ক্ষেত্ৰত পত্নীয়ে কেতবোৰ দিশত গুৰুত্ব দি অৱশ্যে সম্পৰ্কটো ফাঁট মেলাৰ পৰা বচাব পাৰে।

Advertisment

পত্নীয়ে কি কৰা উচিত ? 

এনে পৰিস্থিতিত এগৰাকী পত্নীয়ে সাহসেৰে কাম কৰা উচিত। খং-ৰাগ একাষৰীয়া কৰি বুজাবুজিৰে  স্বামীৰ পৰা প্ৰেম প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰিব লাগে।ইয়াৰ বাবে এগৰাকী পত্নীয়ে নিজকে ‘আপডেট’ কৰি ৰখাটো খুবেই দৰকাৰী। ইয়াৰ বাবে তেওঁলোকে ইণ্টাৰনেট আৰু কিতাপৰ পৰা তথ্য প্ৰাপ্ত কৰিব পাৰে।নিজকে 'আপডেট' কৰি ৰখাৰ ফলত এগৰাকী পত্নীয়ে স্বামীক কামত সহায় কৰিব পাৰে আৰু তেওঁৰ কামৰ চাপ হ্ৰাস কৰিব পাৰে।

তদুপৰি, স্বামীৰ মানসিক অৱস্থা বুজি তেওঁক মৰমেৰে বুজাবলৈ চেষ্টা কৰক যে তেওঁৰ এই অভ্যাসে পৰিয়ালত নেতিবাচক প্ৰভাৱ পেলাইছে।আনহাতে, যদি তেওঁৰ কামৰ চাপ অত্যাধিক, তেন্তে তেওঁক শান্ত পৰিবেশত কাম কৰিবলৈ দিয়ক। অন্যথা আপোনাৰ কথাত তেওঁৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে।উচিত সময়তহে তেওঁৰ সৈতে এইসমূহ কথা পাতিব।

স্বামীৰ কামৰ প্ৰতি সন্মান কৰি আপুনি ঘৰৰ দায়িত্ব আপোনাৰ হাতত লওঁক। তদুপৰি, স্বামীৰ স্বাস্থ্য আৰু খাদ্যৰ সম্পূৰ্ণ যত্ন লওঁক। তেওঁক অলপ খোজ কাঢ়িবলৈ আপোনাৰ লগত লৈ যোৱাটো এটা দৈনন্দিন ৰুটিন কৰক।এনে কৰিলে আপুনিও তেওঁৰ সৈতে কিছু আচুতীয়া সময অতিবাহিত কৰিবলৈ সুযোগ পাব।

সপ্তাহান্তত যিকোনো ঠাইলৈ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব। এই সময়ত একেলগে চিনেমা চোৱা বা ঘৰলৈ বন্ধুবৰ্গক নিমন্ত্ৰণ কৰি একেলগে খোৱা-বোৱাৰ ব্যৱস্থা কৰিব পাৰে। যদি শিশুৱে অভিযোগ কৰে, তেন্তে তেওঁলোকৰ সৈতে খোজ কাঢ়িবলৈ যাওঁক। যদি তেওঁলোকে বিচাৰে, তেওঁলোকক খেলা-ধূলা বা বজাৰ কৰিবলৈ লগত লৈ যাওঁক।

Also Read: সংসাৰ যদি ভালে ৰাখিবলৈ বিচাৰে, তেন্তে কেতিয়াও নকৰিব এই ৩টা ভুল