Advertisment

ৰাম লাল্লাক পিন্ধোৱা হৈছে উমাল কাপোৰ, খাবলৈ দিয়া হৈছে গৰম খাদ্য

আন আন ঠাইৰ লগতে আযোধ্যাতো বৃদ্ধি পাইছে শীতৰ প্ৰকোপ।এই সময়ছোৱাত অযোধ্যাৰ ৰাম মন্দিৰৰ ৰাম লাল্লাৰ বিশেষ যত্ন লোৱা হৈছে।হয়, পৰিৱৰ্তনশীল ঋতুত আমি আমাৰ পোছাক আৰু খাদ্য সলনি কৰাৰ দৰে ৰাম লাল্লাৰ কাপোৰ, গা ধোৱাৰ ব্যৱস্থা তথা ভোগৰ পৰিৱৰ্তন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
লাল্লা

ডিজিটেল ডেস্ক: আন আন ঠাইৰ লগতে আযোধ্যাতো বৃদ্ধি পাইছে  শীতৰ প্ৰকোপ।এই সময়ছোৱাত অযোধ্যাৰ ৰাম মন্দিৰৰ ৰাম লাল্লাৰ বিশেষ যত্ন লোৱা হৈছে।হয়, পৰিৱৰ্তনশীল ঋতুত আমি আমাৰ পোছাক আৰু খাদ্য সলনি কৰাৰ দৰে ৰাম লাল্লাৰ কাপোৰ, গা ধোৱাৰ ব্যৱস্থা তথা ভোগৰ পৰিৱৰ্তন কৰা হৈছে। মন্দিৰ প্ৰশাসনে ৰাম লাল্লাক ঠাণ্ডাৰ পৰা সুৰক্ষিত কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা কৰিছে।

Advertisment

ৰাম লাল্লাক ঠাণ্ডাৰ পৰা সুৰক্ষিত কৰিবলৈ বৈদিক কেলেণ্ডাৰ অনুসৰি ২০ নৱেম্বৰ অৰ্থাৎ আগাহান পঞ্চমীৰ দিনা এখন লেপৰে ঢাকি দিয়া হয়। ইয়াৰ আগতে ৰামলাল্লাক গৰম পানীৰে গা ধুৱাই বিশেষ ঊলৰ কাপোৰ পিন্ধোৱা হয়।ৰামলাল্লাৰ এই গৰম কাপোৰ লাডাখ আৰু উত্তৰাখণ্ডৰ পৰা অনা হৈছে। এই কাপোৰ ডিজাইন কৰে বিখ্যাত ডিজাইনাৰ মনীষ ত্ৰিপাঠীয়ে।

আনহাতে, ৰাম লাল্লাৰ ভোগৰ পৰা ঠাণ্ডা খাদ্য আঁতৰ কৰি গৰম খাদ্য দিয়া হৈছে। তেওঁৰ খাদ্য তালিকাত এনে খাদ্য দিয়া হব, যিয়ে তেওঁক ঠাণ্ডাৰ পৰা সুৰক্ষা দিয়ে। যদি প্ৰয়োজন হয় ৰাম লাল্লা আৰু ভক্তক ঠাণ্ডাৰ পৰা সুৰক্ষিত কৰিবলৈ মন্দিৰ চৌহদত হিটাৰ আৰু ব্ল'ৱাৰ স্থাপনৰ ব্যৱস্থাও কৰা হ'ব। 

ৰামলাল্লাক বিশেষ যত্নৰ কিয় প্ৰয়োজন?

ৰাম লাল্লাক শিশুৰ দৰে যত্ন লোৱা হয়। সেয়েহে, শীতকালত তেওঁৰ স্বাস্থ্য আৰু আৰামৰ সম্পূৰ্ণ যত্ন লোৱা হৈছে।ৰাম লাল্লাৰ সেৱা আৰু যত্নৰ প্ৰতি ভক্তসকলৰ মাজত সদায় উৎসাহ থাকে।ঊলৰ কাপোৰৰ সৈতে ৰামলাল্লাৰ এই নতুন ৰূপ চাবলৈ বহু সংখ্যক ভক্তই ইতিমধ্যে ৰাম মন্দিৰত ভিৰ কৰিছে।

Also Read: আযোধ্যা ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি এই বিষয়ে জানি লওঁক