/asomiyapratidin/media/media_files/2025/07/16/web-ap-1-2025-07-16-16-53-21.jpg)
ডিজিটেল ডেস্ক:বৰ্তমান সময়ত সুস্থ হৈ থকাটো প্ৰত্যাহ্বানৰ দৰেই হৈ পৰিছে। খুব কম বয়সতে এতিয়া আমাৰ দেহত বহু ৰোগৰ আৱিৰ্ভাৱ হয়। শৰীৰত কিছুমান সৰু সৰু লক্ষণ দেখা দিয়েই ডাঙৰ বেমাৰৰ ৰূপ লয় আৰু প্ৰাণ পৰ্যন্ত হেৰুৱাব লগীয়া হয়। যদি ভালকৈ মন কৰা হয়, আজিকালি সকলোবোৰ গুৰুতৰ ৰোগৰ কাৰণেই হ’ল অস্বাস্থ্যকৰ জীৱনশৈলী। ব্যস্ততাৰ অজুহাতত বহু লোকেই আজিকালি হোটেল-ৰেষ্টুৰেণ্ট অথবা 'ৰেডীমেড' খাদ্য জোখতকৈ বেছি খায় আৰু ব্যায়াম বা শাৰীৰিক কাৰ্যকলাপ একেবাৰেই নকৰে। একাংশ আকৌ জীমলৈ যায় ঠিকেই, কিন্তু খোৱা-বোৱাত তেওঁলোকৰ নিয়ন্ত্ৰণ নাথাকে। যাৰ বাবে তেওঁলোক জীমলৈ যোৱা-নোযোৱা একেই হৈ পৰে।
এনে পৰিস্থিতিত ঘৰুৱা কাম-কাজে আপোনাক যথেষ্ট সহায় কৰিব পাৰে। জীমলৈ যাবলৈ সময় নোহোৱাসকলে ঘৰুৱা কাম-কাজ কৰিয়েই শৰীৰটোক সক্ৰিয় আৰু সুস্থ কৰি ৰাখিব পাৰে। শাৰীৰিক কাৰ্য্যকলাপত কৰি সক্ৰিয় হৈ থাকিলে ৰক্ত সঞ্চালন উন্নত হয় আৰু বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ হয়, যিটো সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। স্বাস্থ্যবিশেষজ্ঞৰ মতে, প্ৰায় এঘণ্টা ঘৰ চাফা কৰাটো ২০ মিনিট সময় ব্যায়াম কৰাৰ সমতুল্য। হয়, ঘৰৰ সৰু সৰু কাম-কাজ কৰাৰ ফলত শৰীৰটো স্বাস্থ্যৱান হৈ থাকে। জিমলৈ যোৱা বা খেলা-ধূলা কৰাটো জনপ্ৰিয় বিকল্প হ'লেও দৈনন্দিন ঘৰুৱা কামেও আপোনাক ‘ফিট’ হৈ থাকিবলৈ আৰু চৰ্বি হ্ৰাস কৰাত সহায় কৰিব পাৰে।
ওজন কমাবলৈ বা নিয়ন্ত্ৰণত ৰাখিবলৈ ঘৰত কি কাম কৰিব ?
মজিয়া চাফা কৰা\ ঘৰ মচা
স্বাস্থ্য বিশেষজ্ঞৰ মতে, যদি আপুনি দৈনিক বহি ঘৰৰ মজিয়া মচে, তেন্তে আপুনি আন ব্যায়াম নকৰিলেও হয়। ঘৰ মচিলে শৰীৰৰ মূল পেশীবোৰ নিয়োজিত হয়। যাৰ ফলত আপুনি প্ৰতি ঘণ্টাত ১৫০-২৫০ কেলৰি দহন কৰিব পাৰে।
বাগিচা/চোতালৰ কাম
চোতালত ঝাড়ু মৰা, ফুলৰ টাব, গছৰ গুৰি, লতা চাফা কৰাৰ দৰে কামে প্ৰতি ঘণ্টাত ২০০-৪০০ কেলৰি দহন কৰিব পাৰে। তদুপৰি, বাগিচাৰ কাম কৰাৰ সময়ত মাটিৰ সংস্পৰ্শত থাকিলে আমাৰ অতিৰিক্ত উপকাৰো যথেষ্ট হয়। সেই সময়খিনি যদি আপুনি খালি ভৰিৰে মাটি স্পৰ্শ কৰে, ই আপোনাৰ শৰীৰ-মন সুস্থ কৰাত দুগুণ সহায় কৰিব পাৰে।
খিৰিকী ধোৱা
ঘৰৰ খিৰিকী ধোওঁতে হাত আগবঢ়াই দি আকৌ টানি অনা আৰু গ্লাছ চাফা কৰা গতিবিধিত কেইবাটাও পেশীৰ গোট ব্যৱহাৰ হয়। য’ত প্ৰতি ঘণ্টাত ১০০-২০০ কেলৰি দহন হয়।
কাপোৰ ধোৱা\ শুকাবলৈ মেলি দিয়া
কাপোৰ ধোৱা আৰু মেলাৰ সময়ত বেঁকা হোৱা, কাপোৰ তুলি লোৱা, ইফালে সিফালে ঘূৰি ফুৰাৰ ফলত প্ৰতি ঘণ্টাত ১০০-২০০ কেলৰি দহন হয়।
বাথৰুম পৰিষ্কাৰ কৰা
বাথৰুমটোৰ তল-ওপৰ ভালকৈ চাফা কৰিলেও সম্পূৰ্ণ শৰীৰৰ ব্যায়াম হয়। যাৰ ফলত প্ৰতি ঘণ্টাত ১৫০-৩০০ কেলৰি দহন হয়।
ধূলি চাফা কৰা
ধূলি পৰি লোতেৰা হোৱা ঘৰৰ সা-সামগ্ৰী চাফা কৰিও আপুনি প্ৰতি ঘণ্টাত ১০০-২০০ কেলৰি দহন কৰিব পাৰে।
ভেকুৱামিং
ভেকুৱাম ক্লিনাৰ ব্যৱহাৰ কৰিলেও শৰীৰৰ ওজন কমে। শৰীৰৰ ওজন আৰু কিমান তীব্ৰ গতিত আপুনি ক্লীনাৰ ব্যৱহাৰ কৰিছে, তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি ঘণ্টাত ১৫০-৩০০ কেলৰি দহন কৰিব পাৰি।
এই কাৰ্য্যকলাপসমূহ NEAT (Non-Exercise Activity Thermogenesis)ৰ অন্তৰ্গত, যিয়ে পৰিকল্পিত ব্যায়ামৰ বাহিৰৰ দৈনন্দিন গতিবিধি আৰু কাৰ্য্যকলাপৰ জৰিয়তে কেলৰি দহন কৰা বুজায়। আপোনাৰ দৈনন্দিন জীৱনশৈলীত অধিক ঘৰুৱা কাম অন্তৰ্ভুক্ত কৰিলে আপোনাৰ NEAT বৃদ্ধি পাব পাৰে, যাৰ ফলত ওজন নিয়ন্ত্ৰণ কৰি আপুনি সুস্থ হৈ থাকিব পাৰিব।
সামগ্ৰিক স্বাস্থ্য ৰক্ষাত ঘৰুৱা কামৰ ভূমিকা
১) ঘৰুৱা কামবোৰে কেলৰি দহনত যথেষ্ট সহায় কৰে। যাৰ ফলত ওজন হ্ৰাস আৰু শাৰীৰিক শক্তিৰ ভাৰসাম্য বৰ্তি থাকে।
২) গধুৰ বস্তু তুলি লোৱা, ঠেলি দিয়া বা কঢ়িয়াই নিয়া কামবোৰে পেশীৰ ভৰ গঢ়ি তোলা তথা বজাই ৰখাত সহায় কৰে। পেশীৰ ভৰ বৃদ্ধিয়ে আপোনাৰ জিৰণিৰ বিপাকীয় হাৰ বৃদ্ধি কৰে, যাৰ ফলত আপুনি জিৰণিৰ সময়তো অধিক কেলৰি দহন কৰিব পাৰে।
৩) ঘৰৰ কামবোৰ কৰি থাকোতে প্ৰায়ে ঘৰৰ চাৰিওফালে ঘূৰি ফুৰা, চিৰি বগাবলৈ চলা-ফুৰা কৰা হয় আৰু বিভিন্ন কামৰ প্ৰয়োজন হয়। গোটেই দিনটোত এইদৰে আকস্মিকভাৱে কৰা ব্যায়ামে সক্ৰিয় জীৱনশৈলী আৰু সামগ্ৰিক স্বাস্থ্য ৰক্ষাত অৰিহণা যোগায়।
৪) কামত ব্যস্ত হৈ থাকিলে, মনোনিৱেশ কৰিলে অতিমাত্ৰা খাদ্য খোৱাৰ হাৰিয়াস নাথাকে। যিয়ে আপোনাক সক্ৰিয় হৈ থকাৰ লগতে ওজন নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰিব পাৰে।
৫) মানসিক চাপৰ পৰা সকাহ দিয়াত ঘৰুৱা কামৰ ভূমিকা অপৰীসীম। ঘৰুৱা কাম সম্পূৰ্ণ কৰিলে মনত ফূৰ্তি অনুভৱ হয় আৰু মানসিক চাপ হ্ৰাস পায়, যি ওজন নিয়ন্ত্ৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us