ঘৰুৱা হিংসা : পত্নীক ১ কোটি পৰিশোধ কৰিব লাগিব হানীয়ে

অৱশেষত বিবাহ বিচ্ছেদ হ'ল জনপ্ৰিয় গায়ক হানী সিঙৰ। অন্ত পৰিল ১৩ বছৰীয়া এটা মধুৰ সম্পৰ্কৰ।হয়, হানী সিং আৰু তেওঁৰ পত্নী শালিনী তলৱাৰৰ বিবাহ বিচ্ছেদৰ গোচৰ দীৰ্ঘদিন ধৰি দিল্লীৰ আদালতত চলি আছিল। এবছৰৰ মোকৰ্দমাৰ পিছত শেহতীয়াকৈ আদালতে দুয়োকে বিবাহ বিচ্ছেদৰ অনুমোদন জনায়।

author-image
Asomiya Pratidin
New Update
ঘৰুৱা হিংসা : পত্নীক ১ কোটি পৰিশোধ কৰিব লাগিব হানীয়ে

ডিজিটেল ডেস্ক: অৱশেষত বিবাহ বিচ্ছেদ হ'ল জনপ্ৰিয় গায়ক হানী সিঙৰ। অন্ত পৰিল  ১৩ বছৰীয়া এটা মধুৰ সম্পৰ্কৰ।হয়, হানী সিং আৰু তেওঁৰ পত্নী শালিনী তলৱাৰৰ বিবাহ বিচ্ছেদৰ গোচৰ দীৰ্ঘদিন ধৰি দিল্লীৰ আদালতত চলি আছিল। এবছৰৰ মোকৰ্দমাৰ পিছত শেহতীয়াকৈ আদালতে দুয়োকে বিবাহ বিচ্ছেদৰ অনুমোদন জনায়।

Advertisment

পাৰিবাৰিক আদালতৰ মুখ্য ন্যায়াধীশ পৰমজিৎ সিঙে হানী আৰু শালিনী তলৱাৰৰ মাজত সকলো বিবাদ সমাপ্ত কৰাৰ চুক্তিত উপনীত হোৱাৰ পিছত বিবাহ বিচ্ছেদ মঞ্জুৰ কৰে।আদালতৰ ৰায় অনুসৰি গায়কজনে বিবাদটো সমাপ্ত কৰাৰ চুক্তি হিচাপে তেওঁৰ পত্নী শালিনীক ১ কোটি টকা পৰিশোধ কৰিব লাগিব। এই সন্মতিৰ সৈতে তেওঁৰ পত্নী শালিনীয়ে হানীৰ বিৰুদ্ধে দাখিল কৰা গোচৰটো প্ৰত্যাহাৰ কৰে।শালিনীয়ে হানীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ কৰি গোচৰ তৰিছিল।

আদালতত শুনানিৰ সময়ত ন্যায়াধীশে শেষবাৰৰ বাবে হানী সিং আৰু তেওঁৰ পত্নীক একেলগে থকাৰ পৰামৰ্শ দিছিল যদিও তেওঁলোক দুয়োয়েই একেলগে থাকিবলৈ অস্বীকাৰ কৰিছিল। হানী সিঙৰ হৈ আদালতত ওকালতি কৰিছিল অধিবক্তা ঈশান মুখাৰ্জীয়ে।

উল্লেখ্য যে, দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত হানী সিং আৰু শালিনী তলৱাৰে ২০১১ চনত বিবাহ পাশত আৱদ্ধ হৈছিল।অৱশ্যে তেওঁলোক দুয়োয়ে অতি গোপনে গুৰুদ্বাৰাত শিখ ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হৈছিল। ১৩ বছৰ সংসাৰ কৰাৰ পাছত  তেওঁলোক দুয়োজনে ২০২২ ৰ ছেপ্টেম্বৰত পাৰস্পৰিক বিবাহ বিচ্ছেদ বিচাৰি আদালতত গোচৰ ৰুজু কৰিছিল।

Also Read: সংসাৰ যদি ভালে ৰাখিবলৈ বিচাৰে, তেন্তে কেতিয়াও নকৰিব এই ৩টা ভুল