এইসমূহ ঘৰুৱা প্ৰতিকাৰৰে স্বাস্থ্যকৰ কৰি ৰাখক আপোনাৰ চুলি

গ্ৰীষ্মকালত আপুনি এই সমস্যাৰ পৰা কিদৰে সকাহ পাব পাৰে, আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
এইসমূহ ঘৰুৱা প্ৰতিকাৰৰে স্বাস্থ্যকৰ কৰি ৰাখক আপোনাৰ চুলি

ডিজিটেল ডেস্ক: ছাল আৰু চুলিয়ে আমাৰ স্বাস্থ্যকৰ জীৱন-যাপন কৰাত বহুখিনি প্ৰভাৱ পেলায়। বিশেষকৈ যদি চুলিৰ ভালদৰে যত্ন লোৱা নহয়, তেনেহ'লে চুলিত উফিৰ লগতে আন বহু সমস্যাই দেখা দিয়ে। গ্ৰীষ্মকালত মূৰৰ ছালত লেতেৰা জমা হোৱাৰ ফলতো উফি বৃদ্ধি হয়। গ্ৰীষ্মকালত আপুনি এই সমস্যাৰ পৰা কিদৰে সকাহ পাব পাৰে, আজি সেই বিষয়ে জানো আহক-

Advertisment

এল’ভেৰা 

চুলিত এল’ভেৰা ব্যৱহাৰ কৰি আপুনি চুলি সম্পৰ্কীয় বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। এল’ভেৰাত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগাল গুণ আছে, যিয়ে উফিৰ সমস্যাৰ পৰা আপোনাক পৰিত্ৰাণ দিব পাৰে। এল’ভেৰাৰ জেলখিনি আপুনি চুলিৰ লগতে ছালতো প্ৰয়োগ কৰি ৩০ মিনিট সময় অপেক্ষা কৰিব।নিৰ্দিষ্ট সময়ৰ পাছত চুলিখিনি পানীৰে ধুব পেলাব।এনে কৰাৰ ফলত আপুনি উফিৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে আপোনাৰ চুলিখিনিও উজ্জ্বল তথা স্বাস্থ্যকৰ হৈ পৰিব।

বেকিং চ’ডা 

আপুনি বেকিং চ’ডা ব্যৱহাৰ কৰি উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।মুৰৰ মৃত ছাল আৰু খজুৱতি দূৰ কৰিবলৈ আপুনি চুলিত বেকিং চ’ডা ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি একাপ বেকিং চ’ডা লৈ তিতা চুলিত মালিচ কৰিব। এনেদৰে ২-৩ মিনিটৰ বাবে এৰি দিয়ক। নিৰ্ধাৰিত সময়ৰ পিছত ছেম্পুৰে চুলিখিনি ধুই পেলাব।বেকিং চ’ডাত পোৱা এণ্টিফাংগাল গুণাগুণবোৰে উফি আঁতৰ কৰাত সহায় কৰে। 

চাহ গছৰ তেল 

চাহ গছৰ তেলক উফি উপশম কৰাত অতি উপকাৰী বুলি গণ্য কৰা হয়। এই তেলত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিবেক্টেৰিয়েল গুণ আছে, যিয়ে উফি আঁতৰ কৰাত যথেষ্ট সহায় কৰে। আপুনি চাহ গছৰ তেলৰ সৈতে অলপ নাৰিকল তেল মিহলি কৰি মূৰৰ ছালত প্ৰয়োগ কৰক।  ৩০ মিনিটৰ পিছত ছেম্পুৰে চুলিখিনি ধুই পেলাব। কিন্তু যদি আপোনাৰ ছাল সংবেদনশীল হয়, তেন্তে ইয়াক চুলিত ব্যৱহাৰ নকৰিব। ই ছালত জ্বলা-পোৰা সমস্যাৰ সৃষ্টি কৰিব পাৰে।

এপেল চাইডাৰ ভিনেগাৰ 

চুলিৰ উফি উপশম কৰাত এপেল চাইডাৰ ভিনেগাৰ অতি সহায়ক বুলি গণ্য কৰা হয়।আপুনি ২ চাহ চামুচ ছেম্পুত এপেল চাইডাৰ ভিনেগাৰ মিহলি কৰি চুলি আৰু মূৰৰ ছালত ভালদৰে প্ৰয়োগ কৰক। ২০-২৫ মিনিটৰ ভালদৰে ধুই পেলাব।

নাৰিকল তেল 

আপুনি নাৰিকল তেল ব্যৱহাৰ কৰিও চুলিৰ পৰা উফি আঁতৰাব পাৰে। উফি আঁতৰাবলৈ ইয়াক আটাইতকৈ কাৰ্যকৰী প্ৰতিকাৰ বুলি গণ্য কৰা হয়। নাৰিকল তেলত পোৱা পুষ্টিবোৰে মূৰৰ ছালৰ সকলো সমস্যা আঁতৰ কৰাত সহায় কৰে।

Also Read: চুলিৰ যতনত পিঁয়াজৰ ভূমিকা