চুলিৰ যতনত পিঁয়াজৰ ভূমিকা

চুলিৰ যতনত পিঁয়াজৰ ভূমিকা

ডিজিটেল ডেস্ক: কথাতেই কয়, নাৰীৰ শুৱনি হেনো চুলি। প্ৰতিগৰাকী মহিলাই তেওঁৰ চুলিখিনি দীঘল,ডাঠ তথা ধুনীয়া হোৱাটো বিচাৰে।তেওঁলোকে নিজৰ চুলিখিনি ধুনীয়া কৰি ৰাখিবলৈ  বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ নামী-দামী প্ৰসাধন ব্যৱহাৰ কৰে।কিন্তু এইসমূহত থকা ৰাসায়নিক পদাৰ্থই চুলিখিনি নষ্টহে কৰি পেলায়। এনে পৰিস্থিতিত আপুনি চুলিত কিছুমান ঘৰুৱা সামগ্ৰী প্ৰয়োগ কৰিব পাৰে, যিয়ে চুলিক প্ৰাকৃতিক বিকাশত সহায় কৰে।ইয়াৰ ভিতৰত অন্যতম হৈছে পিঁয়াজ।পিঁয়াজত উচ্চ পৰিমাণৰ ছালফাৰ থাকে, যিয়ে কোলাজেন উৎপাদনত সহায় কৰে।চুলি আৰু নখৰ বিকাশৰ বাবে কোলাজেন অতি প্ৰয়োজনীয়।চুলিত পিঁয়াজ প্ৰয়োগ কৰাৰ উপকাৰিতাৰ বিষয়ে আজি জানো আহক-

১) পিঁয়াজত পোৱা ছালফাৰে চুলি ছিঙি যোৱা আৰু পাতল হোৱা প্ৰতিহত কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই চুলি বিকশিত হোৱা বৃদ্ধিত সহায় কৰে। 

২) চুলিত সঘনাই পিঁয়াজৰ ৰস ব্যৱহাৰ কৰিলে চুলিৰ মানদণ্ড উন্নত হয়। পিঁয়াজে চুলিৰ ৰং প্ৰাকৃতিকভাৱে ক’লা কৰাতো সহায় কৰে।

৩) পিঁয়াজত পোৱা  অক্সিডেণ্টে মূৰৰ ছালৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ইয়াক প্ৰয়োগ কৰিলে আপুনি মূৰৰ ছাল সম্পৰ্কীয় সকলো সমস্যাৰ সমাধান লাভ কৰিব।

৪) পিঁয়াজৰ ৰসে মূৰৰ ছালৰ পিএইচ স্তৰ সন্তুলিত কৰাতো সহায় কৰে।

৫) যদি আপুনি দীঘল চুলি বিচাৰে, ব্যয়বহুল সামগ্ৰীৰ সলনি আপোনাৰ চুলিৰ যত্নৰ ৰুটিনত পিঁয়াজ অন্তৰ্ভুক্ত কৰিব পাৰে। পিঁয়াজৰ ৰসে চুলিৰ বিকাশত সহায় কৰে। সেয়েহে, পিঁয়াজ  চুলি বৃদ্ধিৰ বাবে এক সহজ আৰু প্ৰাকৃতিক উপায়। 

৬) পিঁয়াজত বায়’টিন নামৰ পুষ্টি থাকে, যিয়ে আপোনাৰ চুলি শক্তিশালী আৰু স্বাস্থ্যৱান ৰখাত সহায় কৰে। ই চুলি সৰাও প্ৰতিৰোধ কৰে। 

৭) মূৰৰ ছালত পিঁয়াজৰ ৰস প্ৰয়োগ কৰিলে ৰক্ত সঞ্চালন উন্নত হয়।

উল্লেখ্য, চুলিৰ সমস্যা সমূহ সমাধানৰ বাবে আপুনি পিঁয়াজ ভালদৰে পিছি মূৰত এক ঘণ্টা মানৰ বাবে লগাই থ’ব পাৰে।তদুপৰি, আপুনি নাৰিকল তেল বা অলিভ অইল অলপমান এটা পাত্ৰত লৈ পিয়াজ কেইটামান তাত সৰু সৰুকৈ কাটি দিব পাৰে। তেলখিনি গৰম হ’লে গেছটো বন্ধ কৰি এখন ছেকনিৰে ছেকি ১৫ দিন-এক মাহলৈ সেই তেল চুলিত ব্যৱহাৰ কৰিব পাৰে।

চুলিৰ যতনত পিঁয়াজৰ ভূমিকা
ছালক প্ৰাকৃতিকভাৱে উজ্জ্বল কৰিবলৈ ব্যৱহাৰ কৰক আপেলৰ বাকলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in