ঘৰুৱা প্ৰতিকাৰৰে এই সমস্যাৰ সমাধান পাওঁক

ঘৰুৱা প্ৰতিকাৰৰে এই সমস্যাৰ সমাধান পাওঁক

ডিজিটেল ডেস্ক: মুখমণ্ডলৰ সৌন্দৰ্য কেৱল ছালতেই নহয়, চকুৰ দ্বাৰাও প্ৰতিফলিত হয়। ধুনীয়া চকুৱে সৌন্দৰ্য বৃদ্ধি কৰে, কিন্তু যদি চকুৰ তলত ‘ডাৰ্ক চাৰ্কল’ অৰ্থাৎ চকুৰ গুৰি ক’লা পৰে, তেন্তে সকলো সৌন্দৰ্য ম্লান যেন লাগিবলৈ আৰম্ভ কৰে। মহিলাসকলে এই সমস্যাৰ পৰা সকাহ পাবলৈ বহু প্ৰকাৰৰ সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰে যদিও সেয়া ফলপ্ৰসু নহয়। এনে পৰিস্থিতিত আপুনি কিছুমান ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰি চকুৰ তলৰ ‘ডাৰ্ক চাৰ্কল’ৰ পৰা পৰিত্ৰাণ পাব পাৰে।আজি এই বিষয়ে জানো আহক-

কফি পাউডাৰ আৰু এল’ভেৰা জেল 

আপুনি ‘ডাৰ্ক চাৰ্কল’ আঁতৰাবলৈ কফি পাউডাৰ আৰু এল’ভেৰা জেল ব্যৱহাৰ কৰিব পাৰে। কফিত পোৱা পুষ্টিবোৰে এই সমস্যা উপশমত যথেষ্ট সহায় কৰে। 

সামগ্ৰীসমূহ 

কফি পাউডাৰ - ১ টেবল চামুচ 

এল’ভেৰা জেল - ১ টেবল চামুচ 

জলফাই তেল (অলিভ অইল) - ১ টেবল চামুচ 

ভিটামিন ই কেপচুল - ২টা 

ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব? 

. প্ৰথমে কফি পাউডাৰ অলপ এটা পাত্ৰত লওঁক। 

. ইয়াত এল’ভেৰা জেল মিহলি কৰক। 

. এতিয়া ইয়াত জলফাই তেল আৰু ভিটামিন ই কেপচুল দি সকলোবোৰ ভালদৰে মিহলি কৰক। 

. ইয়াৰ পিছত মিশ্ৰণটো ‘ডাৰ্ক চাৰ্কল’ এলেকাত প্ৰয়োগ কৰক। 

. ৫ মিনিটৰ বাবে মালিচ কৰক আৰু এইদৰে ১-২ ঘণ্টাৰ বাবে এৰি দিয়ক।

. নিৰ্ধাৰিত সময়ৰ পিছত চকু দুটা পানীৰে ধুই পেলাব। 

বিলাহী আৰু নেমু 

আপুনি ‘ডাৰ্ক চাৰ্কল’ আঁতৰাবলৈ বিলাহী আৰু নেমুৰ ৰস ব্যৱহাৰ কৰিব পাৰে। ই আপোনাৰ ছাল সতেজ আৰু কোমল কৰি ৰাখে। 

সামগ্ৰীসমূহ 

বিলাহী - ১টা 

নেমুৰ ৰস - ২ চাহ চামুচ

ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব? 

. প্ৰথমে বিলাহীটো ভালদৰে গুৰি কৰি ৰস উলিয়াই লওঁক। 

. তাৰ পিছত ইয়াত কেইটোপালমান নেমুৰ ৰস মিহলি কৰক। 

. বিলাহী আৰু নেমু ৰস ভালদৰে মিহলি কৰি চকুৰ তলত প্ৰয়োগ কৰক। 

টি বেগ

আপুনি ঠাণ্ডা টি বেগ ব্যৱহাৰ কৰিও ‘ডাৰ্ক চাৰ্কল’ৰ সমস্যাৰ পৰা সকাহ পাব পাৰে।

 ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব? 

. প্ৰথমে টি বেগ দুটা কিছু সময়ৰ বাবে পানীত ডুবাই দিয়ক। 

. ইয়াৰ পিছত সেয়া ঠাণ্ডা কৰক। 

. ঠাণ্ডা হোৱাৰ পিছত চকুত টি বেগ লৈ ১০ মিনিটৰ বাবে শুই থাকক।

. দৈনিক টি বেগ ব্যৱহাৰ কৰিলে আপোনাৰ ‘ডাৰ্ক চাৰ্কল’ অতি সোনকালে আঁতৰ হ'ব। 

ঠাণ্ডা গাখীৰ 

ঠাণ্ডা গাখীৰ লগালেও চকুৰ তলৰ ক’লা পৰা আঁতৰ হয়। কপাহৰ সহায়ত চকুৰ তলত ঠাণ্ডা গাখীৰ প্ৰয়োগ কৰক। নিৰ্ধাৰিত সময়ৰ পিছত চকু দুটা সাধাৰণ পানীৰে ধুই দিব। 

ঘৰুৱা প্ৰতিকাৰৰে এই সমস্যাৰ সমাধান পাওঁক
Coffee Facepack: ছালৰ বহু সমস্যাৰ সমাধান দিয়ে কফিয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in