Coffee Facepack: ছালৰ বহু সমস্যাৰ সমাধান দিয়ে কফিয়ে

Coffee Facepack: ছালৰ বহু সমস্যাৰ সমাধান দিয়ে কফিয়ে

ডিজিটেল ডেস্ক: সূৰ্যৰ ক্ষতিকাৰক আৰু শক্তিশালী ৰশ্মিৰ ফলত ছালৰ বহু প্ৰকাৰৰ ক্ষতি হয়। ইয়াৰ ভিতৰত এক অন্যতম সমস্যা হৈছে ‘টেন’। মহিলাসকলে বাহিৰলৈ যোৱাৰ আগতে ছালত ছানস্ক্ৰীণ ব্যৱহাৰ নকৰাৰ ফলত ‘টেন’ৰ সমস্যাই দেখা দিয়ে।সেয়েহে ঘৰৰ পৰা বাহিৰ ওলাই অহাৰ আগতে ছালক সূৰ্যৰ পৰা সুৰক্ষিত কৰাৰ বাবে ছানস্ক্ৰীণ প্ৰয়োগ কৰোটা অতি প্ৰয়োজনীয়।সূৰ্যৰ পোহৰৰ ফলত ছালৰ কোষবোৰ ক্ষতিগ্ৰস্ত হৈ মুখত ক'লা দাগ পৰে।এই সমস্যাবোৰৰ পৰা ছালখনক সুৰক্ষিত কৰিবলৈ আপুনি কফিৰ পৰা প্ৰস্তুত কৰা ‘ফেচপেক’ এটা ব্যৱহাৰ কৰিব পাৰে।আজি এইবিষয়ে জানো আহক-

কফি ‘ফেচপেক’ৰ লাভালাভ 

কফিত এণ্টিঅক্সিডেণ্ট, এণ্টিফাংগাল আৰু এণ্টিবেক্টেৰিয়েল গুণাগুণ থাকে। আপুনি ইয়াক মুখৰ টেনিং, ক'লা পৰাকে ধৰি আন বহু সমস্যাৰ পৰা সকাহ পাবলৈ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও ই মৃত ছাল পৰিস্কাৰ কৰা আৰু ছাল এক্সফলিয়েট কৰাৰ বাবেও অতি উপকাৰী। কফিক প্ৰাকৃতিক স্ক্ৰাব হিচাপেও ব্যৱহাৰ কৰা হয়। 

এই ‘ফেচপেক’ কেনেদৰে বনাব  

কফি পাউডাৰ - ৩ চাহ চামুচ 

মৌ - ৩ টেবল চামুচ 

কেঁচা গাখীৰ - ৩ চাহ চামুচ 

ইয়াক কেনেদৰে তৈয়াৰ কৰিব লাগে 

. প্ৰথমে এটা বাটিত কফি ল’ব। 

. তাৰ পিছত ইয়াত কেঁচা গাখীৰ আৰু মৌ যোগ দিব। 

. সকলোবোৰ উপাদান ভালদৰে মিহলি কৰি এটা ডাঠ পেষ্ট প্ৰস্তুত কৰিব। 

মুখত কেনেদৰে প্ৰয়োগ কৰিব

. কফি ‘ফেচপেক’ প্ৰয়োগ কৰিবলৈ প্ৰথমে মুখখন ভালদৰে ধুব। 

. ইয়াৰ পিছত ‘পেক’টো ছালত প্ৰয়োগ কৰিব। 

. পেষ্টটো ছালত ১৫-২০ মিনিটৰ বাবে প্ৰয়োগ কৰিব। 

. এই পেষ্টটো শুকাই যোৱাৰ লগে লগে পানীৰে ভালদৰে মুখখন ধুব আৰু মুখখন বৃত্তাকাৰ গতিত মালিচ কৰিব।

এই ‘ফেচপেক’য়ে ছালৰ মৃত ছাল আঁতৰ কৰে। ‘পেক’টো প্ৰয়োগ কৰাৰ পিছত ছালত ময়েশ্চাৰাইজাৰ প্ৰয়োগ কৰিব। আপুনি ৰাতি টোপনি যোৱাৰ আগতে ছালত এই ‘ফেচপেক’টো প্ৰয়োগ কৰিব পাৰে। 

আপুনি এই ‘ফেচপেক’টো সপ্তাহত ২-৩ বাৰ ছালত ব্যৱহাৰ কৰিব পাৰে।

Coffee Facepack: ছালৰ বহু সমস্যাৰ সমাধান দিয়ে কফিয়ে
‘ফেটী লিভাৰ’ৰ কাৰণ-লক্ষণসমূহ চিনাক্ত কৰি এইদৰে শিশুটোৰ যত্ন লওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in