/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/945b38c6-1c3f-44ee-894d-bf14eced530c/AP_FOR_WEB_holi.jpg)
ডিজিটেল ডেস্ক: আমাৰ সকলোৱে এক অন্যতম পছন্দৰ হৈছে ৰঙৰ উৎসৱ ফাকুৱা।ফাকুৱাত ইজনে সিজনক ৰং লগোৱাটো পৰম্পৰা।কিন্তু এই ৰং যদি শৰীৰত লাগি ধৰে, ছালৰ পৰা ইয়াক আঁতৰ কৰাটো অতি কঠিন। এই কথা চিন্তা কৰিয়েই বহুতেই আজিকালি ফাকুৱা খেলিবলৈ এক প্ৰকাৰ ভয়েই কৰে।কিন্তু এতিয়া আৰু গাত ৰং লাগি ধৰিব বুলি ভয় কৰাৰ দৰকাৰ নাই।হয়, এই জেদী ৰঙৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আপোনাৰ ঘৰতে আছে। আজি সেই বিষয়ে জানো আহক-
তিঁয়হ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/d6efe867-a237-419e-8367-bb3dd8bfca59/cucumber.jpg)
গাত লাগি ধৰা ৰঙৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি তিয়ঁহ ব্যৱহাৰ কৰিব পাৰে।আপুনি তিয়ঁহৰ ৰস উলিয়াই অলপ গোলাপ জল আৰু এক চামুচ ভিনেগাৰ মিহলি কৰি এটা মিশ্ৰণ প্ৰস্তুত কৰক। এই মিশ্ৰণটোৰে ৰং লগা ঠাইখিনি ভালদৰে ধুই দিয়ক আৰু ৰঙৰ পৰা মুক্তি পাওঁক।
মূলা
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/bc6a2fe4-e9f4-42c7-a4ed-e95598e023fe/radish.jpg)
ৰং আঁতৰোৱাৰ বাবে মূলা অতি উত্তম বুলি গণ্য কৰা হয়।মূলাৰ ৰস উলিয়াই আপুনি ইয়াক বেচনৰ সৈতে মিহলি কৰি এটা মিশ্ৰণ তৈয়াৰ কৰি লওঁক।এই মিশ্ৰণটো আপোনাৰ ৰং লগা ঠাইত ভালদৰে লগাই দিয়ক। এনে কৰিলে আপোনাৰ শৰীৰৰ পৰা ৰঙো নাইকিয়া হ'ব আৰু ছালখনেও উজ্জলতা পাব।
নেমুৰ সৈতে বেচন
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/67caadc5-9bae-4c6f-9fdb-c911e7cd720b/besan.webp)
নেমুৰ সৈতে বেচন ব্যৱহাৰ কৰিও শৰীৰৰ ৰং সহজে আঁতৰ কৰিব পাৰি। নেমু আৰু বেচনৰ সৈতে অলপ গাখীৰ মিহলি কৰি মিশ্ৰণটো তৈয়াৰ কৰিব।এই মিশ্ৰণটো ছালত প্ৰয়োগ কৰি ছালৰ পৰা ৰং অতি সহজতে আতৰাব পাৰি।
কেষ্টৰ অইল
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/54840555-b036-4440-87bd-95745a85c14b/castor_oil.jpg)
ছালত লগা ফাকুৱাৰ গাঢ় ৰঙৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কেষ্টৰ অইল ছালত লগাব পাৰে।ইয়াৰ ফলতো আপুনি ছালত লগা ফাকুৱাৰ ৰং নিমিষতে আঁতৰ কৰিব পাৰে।
বাৰ্লি
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/0b164033-a283-444b-822f-97d13abd2992/images.jpg)
শৰীৰত লগা ফাকুৱাৰ ৰঙৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বাদাম তেলৰ লগত বাৰ্লি মিহলাই ছালত লগাব পাৰে।গাখীৰৰ লগতো বাৰ্লি মিহলি কৰি লগাব পাৰে।
কমলা বাকলি
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f3354d80-aec7-46d5-8994-940cadfc2799/orange.jpg)
ফাকুৱাৰ ৰং আঁতৰ কৰিবলৈ আপুনি কমলা বাকলি আৰু মচুৰ দাইল পিছি লৈ গাখীৰত মিহলাই ছালত লগাওঁক। ই ছালৰ পৰা ৰং আঁতৰ কৰাৰ লগতে আপোনাৰ ছালখনো পৰিস্কাৰ কৰিব।
Also Read: ‘বিয়ৈ’ৰ সম্পৰ্কৰে বান্ধ খাব অজয় দেৱগন- ছেইফ আলী খান !