‘বিয়ৈ’ৰ সম্পৰ্কৰে বান্ধ খাব অজয় দেৱগন- ছেইফ আলী খান !

‘বিয়ৈ’ৰ সম্পৰ্কৰে বান্ধ খাব অজয় দেৱগন- ছেইফ আলী খান !

ডিজিটেল ডেস্ক: প্ৰেম, বিবাহ, বিচ্ছেদ তথা আন বহু বিশেষ কাৰণত প্ৰতিদিনে চৰ্চাৰ শীৰ্ষত থাকে বলীউড।শেহতীয়াকৈ এক নতুন প্ৰেম কাহিনীৰ বাবে পুনৰ চৰ্চালৈ আহিছে ‘বি টাউন’।হয়, দুই ‘ষ্টাৰ কিড’ৰ মাজত চলিছে এই প্ৰেমৰ সম্পৰ্ক।তেওঁলোক হৈছে ছুপাৰষ্টাৰ অজয় দেৱগনৰ কন্যা নাইছা আৰু ছেইফ আলী খানৰ পুত্ৰ ইব্ৰাহীম আলী খান।নাইছা আৰু ইব্ৰাহীমক এতিয়া প্ৰায়ে একেলগে দেখিবলৈ পোৱা যায়।

ছ’ছিয়েল মেডিয়াত সম্প্ৰতি নাইছা আৰু ইব্ৰাহীমৰ এখন বিশেষ ‘ছেলফি’ ভাইৰেল হৈছে।ফটোখনত দুয়োকে অতি ঘনিষ্ঠভাৱে দেখা গৈছে।ফটোখন দুয়োয়ে এটা পাৰ্টীত উঠা ফটো।দুয়োয়ে বৰ ধুনীয়াকৈ হাঁহি থকা এই ফটোখন ছ’ছিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতে এতিয়া এই সম্পৰ্কক লৈ চৌদিশে গুজৱ উঠিছে। বহু অনুৰাগীয়ে তেওঁলোকৰ এই যুটীটোক অত্যন্ত পছন্দ কৰিছে। একাংশই আনকি তেওঁলোকক বলীউডৰ পৰৱৰ্তী ‘বিগ ষ্টাৰ’ যুটী বুলি সম্বোধন কৰিছে।

এই সন্দৰ্ভত অৱশ্যে দুয়োয়ে বৰ্তমানলৈ কোনো মন্তব্য আগবঢ়োৱা নাই। তেওঁলোকৰ এই সম্পৰ্কক বিষয়ে পৰিয়ালেও স্পষ্ট কৰা নাই। যাৰ বাবে দুয়োৰে সম্পৰ্কক লৈ বহুতে বহু মন্তব্য কৰিবলৈ বাধ্য হৈছে।আনহাতে, এই সম্পৰ্ক চিৰস্থায়ী হ’লে বলীউডৰ দুই ‘হাই প্ৰফাইল’ পৰিয়াল সম্পৰ্কত বান্ধ খাই পৰিব।হয়, অজয় দেৱগন আৰু ছেইফ আলী খান হ’বগৈ বিয়ৈ।ইয়াৰ বিপৰীতে কাজল আৰু অমৃতা সিঙ হ’বগৈ বিয়নী।

‘বিয়ৈ’ৰ সম্পৰ্কৰে বান্ধ খাব অজয় দেৱগন- ছেইফ আলী খান !
উৰ্ফীৰ বিশেষ সাজ-পাৰ চাবলৈ সাজু হওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in