ধৰ্মীয় অনুভূতিত আঘাত হানি সমস্যাত 'নবাব'ৰ পত্নী

ডাঙৰ সমস্যাত পৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰ।হয়, মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে পাটাউডীৰ নবাব ছেইফ আলী খানৰ পত্নী তথা অভিনেত্ৰী কৰীণালৈ শেহতীয়াকৈ এখন জাননী জাৰি কৰিছে।

author-image
Asomiya Pratidin
New Update
ধৰ্মীয় অনুভূতিত আঘাত হানি সমস্যাত 'নবাব'ৰ পত্নী

ডিজিটেল ডেস্ক: ডাঙৰ সমস্যাত পৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰ।হয়, মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে পাটাউডীৰ নবাব ছেইফ আলী খানৰ পত্নী তথা অভিনেত্ৰী কৰীণালৈ শেহতীয়াকৈ এখন জাননী জাৰি কৰিছে। এজন ব্যক্তিয়ে দাখিল কৰা আবেদনৰ ভিত্তিত আদালতে এই জাননী জাৰি কৰে।

Advertisment

এই সমগ্ৰ বিষয়টো অভিনেত্ৰীগৰাকীৰ গৰ্ভধাৰণৰ সৈতে সম্পৰ্কিত।হয়, কৰীণাই গৰ্ভধাৰণৰ সময়ত তেওঁৰ অভিজ্ঞতাসমূহ অনুৰাগীৰ সৈতে ভাগ বতৰা কৰিবলৈ এখন কিতাপ লেখিছিল।এই কিতাপখনৰ নাম আছিল ‘কৰীণা কাপুৰ খানছ প্ৰেগনেণ্সী বাইবেল'।কিন্তু এতিয়া জবলপুৰৰ খ্ৰীষ্টান সমাজকৰ্মীসকলে এই কিতাপখনৰ নামটোৰ বিৰোধিতা কৰিছে। তেওঁলোকে কয় যে গৰ্ভধাৰণ সন্দৰ্ভত লেখা কিতাপখনত 'বাইবেল' শব্দটো ব্যৱহাৰ কৰি অভিনেত্ৰীগৰাকীয়ে খ্ৰীষ্টান সমাজৰ অনুভূতিক আঘাত কৰিছে। জবলপুৰৰ ক্ৰিষ্টোফাৰ এন্থনী নামৰ এজন ব্যক্তিয়ে মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ত কৰীণা কাপুৰ আৰু বিক্ৰেতাসকলৰ পৰা উত্তৰ বিচাৰি এখন আবেদন দাখিল কৰিছে।ক্ৰিষ্টোফাৰ এন্থনীয়ে উল্লেখ কৰা মতে, বাইবেল খ্ৰীষ্টান ধৰ্মৰ ধৰ্মপুথি। কৰীণাৰ গৰ্ভধাৰণক ইয়াৰ সৈতে তুলনা কৰাটো অন্যায়।

এতিয়া আদালতে অভিনেত্ৰীগৰাকীৰ পৰা 'বাইবেল' শব্দটো ব্যৱহাৰ কৰাৰ বাবে ব্যাখ্যা বিচাৰিছে আৰু কিতাপখনৰ বিক্ৰী বন্ধ কৰিবলৈ বিক্ৰেতাসকললৈ জাননীও প্ৰেৰণ কৰিছে। উল্লেখ্য যে, অভিযোগকাৰীয়ে কৰীণাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ চেষ্টা কৰিছিল যদিও  আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাত তেওঁ নিম্ন আদালতলৰ দাৰস্থ হয়। নিম্ন আদালতেও এই বিষয়ত গুৰুত্ব আৰোপ নকৰাত তেওঁ এতিয়া উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে।অৱশ্যে, এই সন্দৰ্ভত বৰ্তমানেও নীৰৱতা অৱলম্বন কৰিছে কৰীণা কাপুৰ খানে।

Also Read: Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত