থলুৱা সোৱাদক ৰাষ্ট্ৰীয় সন্মান !

'অদৰকাৰী খবৰ'ৰ ধামখুমীয়াত আজিকালি কিছুমান খবৰ সকলোয়ে নাপায়। গণতন্ত্ৰ দিৱসত ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনত গুৱাহাটীৰ এজন যুৱকে যে খাদ্য ৰান্ধিবলৈ সুযোগ লাভ কৰিছে, সেই বিষয়েও হয়তো বহু লোক আজিও অজ্ঞাত।

author-image
সংগীতা দাস
New Update
ৰাষ্ট্ৰপতি ভৱন web

ডিজিটেল ডেস্ক: 'অদৰকাৰী খবৰ'ৰ ধামখুমীয়াত আজিকালি কিছুমান খবৰ সকলোয়ে নাপায়। গণতন্ত্ৰ দিৱসত ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনত গুৱাহাটীৰ এজন যুৱকে যে খাদ্য ৰান্ধিবলৈ সুযোগ লাভ কৰিছে, সেই বিষয়েও হয়তো বহু লোক আজিও অজ্ঞাত। হয়, ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনত খাদ্য ৰন্ধাৰ সুযোগ লাভ কৰাটো সাধাৰণ কথা নহয়। এই মঞ্চত খাদ্য কেৱল ৰুচিৰ বিষয় নহয়, ই দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে পৰিগণিত হয়। এনে এক ৰাষ্ট্ৰীয় আৰু ঐতিহাসিক পৰিসৰত উত্তৰ পূৰ্বাঞ্চলৰ খাদ্য সংস্কৃতিক প্ৰতিনিধিত্ব কৰি গুৱাহাটীৰ যুৱ চেফ অভিষেক বেদী বৰ্মাই অসমৰ বাবে এক গৌৰৱৰ অধ্যায় সংযোজন কৰে। ৰাষ্ট্ৰপতি ভৱনত আয়োজিত গণতন্ত্ৰ দিৱসৰ ‘At Home Reception’ অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিষেকে থলুৱা সোৱাদ তথা পৰম্পৰাক ৰাষ্ট্ৰীয় মঞ্চত চিনাকি কৰাই দিয়ে।

উল্লেখ্য যে, এই অনুষ্ঠানত দেশ-বিদেশৰ বিশিষ্ট অতিথি, কূটনৈতিক, শীৰ্ষ ৰাজনৈতিক ব্যক্তি আৰু চৰকাৰী বিষয়াসকল উপস্থিত আছিল। এনে এখন ঐতিহাসিক আৰু ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ অনুষ্ঠানত অসমৰ এগৰাকী যুৱকে অংশগ্ৰহণ কৰাটো সঁচাকৈয়ে 'বিশেষ' হিচাপে গণ্য কৰা হৈছে।

গুৱাহাটীৰ বাসিন্দা অভিষেক বেদী বৰ্মাই উত্তৰ পূৰ্বাঞ্চলীয় খাদ্য সংস্কৃতিৰ প্ৰচাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আহিছে। তেওঁ অসমৰ লগতে মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ পৰম্পৰাগত খাদ্যসমূহক আধুনিক ৰূপত উপস্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ দক্ষতা লাভ কৰিছে। ৰাষ্ট্ৰপতি ভৱনৰ অনুষ্ঠানত তেওঁলোকে থলুৱা উপাদান ব্যৱহাৰ কৰি অঞ্চলভিত্তিক স্বাদ অক্ষুণ্ণ ৰাখি খাদ্য প্ৰস্তুত কৰে।

বিশেষজ্ঞৰ মতে, ৰাষ্ট্ৰপতি ভৱনত উত্তৰ পূৰ্বাঞ্চলীয় খাদ্যৰ অন্তৰ্ভুক্তিয়ে দেশৰ খাদ্য বৈচিত্ৰ্যক ৰাষ্ট্ৰীয় মঞ্চত উপস্থাপন কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই প্ৰয়াসত অভিষেক বেদী বৰ্মাৰ দৰে যুৱ চেফসকলৰ অৱদান বিশেষভাবে উল্লেখযোগ্য।

ৰাষ্ট্ৰপতি ভৱনত অসমীয়া জলপান

aabhishek-2026-01-30-18-52-37

ৰাষ্ট্ৰপতি ভৱনৰ গণতন্ত্ৰ দিৱসৰ 'At Home Reception'ৰ মেনুত উত্তৰ পূৰ্বাঞ্চলীয় খাদ্যৰ সৈতেঅসমীয়া জলপান বিশেষভাৱে অন্তৰ্ভুক্ত কৰা হৈছিল। মেনুত তিল পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, কলা জহা চাউলৰ পায়স, পানী পিঠাৰ দৰে পৰম্পৰাগত অসমীয়া খাদ্য ৰাষ্ট্ৰীয় অতিথিসকলৰ আগত পরিবেশন কৰা হৈছিল।

এই প্ৰদৰ্শনে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খাদ্য সংস্কৃতিক ৰাষ্ট্ৰীয় মঞ্চত স্বীকৃতি দিছে। দেশৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানত থলুৱা সোৱাদ আৰু পৰম্পৰাক আধুনিক 'ফাইন‑ডাইনিং' ৰূপত উপস্থাপন কৰাৰ সুযোগ লাভ কৰিছিল অভিষেক বেদী বৰ্মাই।

পৰিয়ালৰ ৰেষ্টুৰা আৰু ৰন্ধন পৰম্পৰা

চেফ অভিষেক বেদী বৰ্মাৰ পৰিয়াল দীৰ্ঘদিন ধৰি খাদ্য আৰু আতিথ্য ক্ষেত্ৰৰ সৈতে জড়িত আছিল। গুৱাহাটীত তেওঁলোকৰ পৰিয়ালৰ এখন ৰেষ্টুৰা আছিল, যাৰ জৰিয়তে পৰিয়ালটোৱে খাদ্য ব্যৱসায়ৰ সৈতে সক্ৰিয়ভাৱে সম্পৰ্ক ৰক্ষা কৰিছিল। এই ৰেষ্টুৰাখন থলুৱা আৰু ঘৰুৱা স্বাদৰ খাদ্য পৰিবেশন গ্ৰহকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

aabhishek-2-2026-01-30-18-48-33

এই ৰেষ্টুৰাৰ পৰিৱেশতেই অভিষেক বেদী বৰ্মাই সৰুৰে পৰা খাদ্য প্ৰস্তুতি, উপাদানৰ ব্যৱহাৰ, গ্ৰাহকৰ ৰুচি আৰু আতিথ্য ব্যৱস্থাৰ বাস্তৱ অভিজ্ঞতা লাভ কৰাৰ সুযোগ পাইছিল। মাতৃ সুৰেখা বেদীৰ তত্ত্বাৱধানত চলা এই ৰেষ্টুৰাখনে তেওঁৰ ৰন্ধন জীৱনৰ প্ৰথম পাঠশালা হিচাপে কাম কৰিছিল বুলি ঘনিষ্ঠ মহলে উল্লেখ কৰে।

পৰিয়ালৰ এই ব্যৱসায়িক আৰু সাংস্কৃতিক পটভূমিয়েই অভিষেক বেদী বৰ্মাক খাদ্যক কেৱল পেচা নহয়, দায়িত্ব আৰু পৰম্পৰা হিচাপে আগবঢ়াই নিয়াৰ প্ৰেৰণা যোগায় আহিছে।

aabhishek-9-2026-01-30-18-44-43

কি কয় অভিষেকে ?

নিজৰ এই সাফল্য সন্দৰ্ভত অভিষেক বেদী বৰ্মাই কয়, 'ৰাষ্ট্ৰপতি ভৱনত খাদ্য ৰন্ধাৰ সুযোগ লাভ কৰাটো মোৰ জীৱনৰ এক স্মৰণীয় অভিজ্ঞতা। অসমৰ খাদ্য ঐতিহ্য আৰু উত্তৰ পূৰ্বাঞ্চলৰ সোৱাদ দেশবাসীৰ আগত আগবঢ়াব পাৰি মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছো।

উল্লেখ্য যে অভিষেক বেদী বৰ্মাৰ এই সাফল্যই ৰাজ্যখনৰ যুৱ প্ৰজন্মক খাদ্য শিল্প আৰু আতিথ্য ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ অনুপ্ৰেৰণা যোগাব।