/asomiyapratidin/media/media_files/2026/02/06/whatsapp-2026-02-06-12-03-11.jpeg)
ডিজিটেল ডেস্ক: চেক বাউন্সৰ গোচৰত শাস্তিৰ ম্যাদ বৃদ্ধি কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে অস্বীকাৰ কৰাৰ পিছতে বলীউড অভিনেতা ৰাজপাল যাদৱে বৃহস্পতিবাৰে তিহাৰ জেল কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰে। জেল সূত্ৰৰ মতে, বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত অভিনেতাজনে জেল কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/06/rajpal-yadav-1-2026-02-06-11-51-16.webp)
উল্লেখ্য যে, আদালতে ৰাজপাল যাদৱক ২ ফেব্ৰুৱাৰী বুধবাৰে সন্ধিয়া ৪ বজাৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল। যদিও আত্মসমৰ্পণৰ সময়সীমা ৪ ফেব্ৰুৱাৰীলৈ আছিল, অভিনেতাজনৰ অধিবক্তাই আদালতত ৫০ লাখ টকা যোগাৰ কৰি ধন পৰিশোধ কৰাৰ বাবে আৰু এসপ্তাহৰ সময় বিচাৰিছিল। কিন্তু ন্যায়াধীশ স্বৰণ কান্ত শৰ্মাই এই আবেদন নাকচ কৰি কয় যে আত্মসমৰ্পণৰ সময় বৃদ্ধি কৰাৰ বাবে কোনো যুক্তিসংগত ভিত্তি নাই।
প্ৰকৃততে হৈছিল কি ?
এই গোচৰৰ মূল ঘটনা ২০১০ চনৰ। অভিনেতা ৰাজপাল যাদৱে তেওঁৰ পৰিচালিত একমাত্ৰ ছবি ‘আতা পাটা লাপাতা’ নিৰ্মাণৰ বাবে M/s Murali Projects Private Limited নামৰ কোম্পানী এটাৰ পৰা ৫ কোটি টকাৰ ঋণ লৈছিল। পৰৱৰ্তী সময়ত তেওঁ ঋণৰ ধন ঘূৰাই দিব নোৱাৰাত কোম্পানীটোৱে তেওঁৰ বিৰুদ্ধে গোচৰ তৰে। অভিযোগ অনুসাৰে, ধন পৰিশোধৰ বাবে দাখিল কৰা ৰাজপাল যাদৱৰ সকলো চেক বাউন্স হৈছিল।
ইয়াৰ ফলস্বৰূপে অভিনেতাজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৩৮ ধাৰাত গোচৰ ৰুজু কৰা হয়। আদালতৰ নিৰ্দেশ অনুসৰি এতিয়া তেওঁ তিহাৰ জেলত শাস্তি ভোগ কৰিব লাগিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us