শীঘ্ৰেই কমিব সোণৰ মূল্য

বিগত বৰ্ষৰ শেষৰ পৰা বৰ্তমানলৈকে সোণৰ বৰ্ধিত মূল্যই আকাশ চুইছে। ২০২৪ৰ ডিচেম্বৰত প্ৰতি ১০ গ্ৰামৰ মূল্য আছিল ৭৬,১৬২ টকা। এতিয়া প্ৰতি ১০ গ্ৰামৰ মূল্য প্ৰায় ১ লাখ ২৫ হাজাৰ টকা।

author-image
সংগীতা দাস
New Update
ভাল খবৰ ! seo

ডিজিটেল ডেস্ক: বিগত বৰ্ষৰ শেষৰ পৰা বৰ্তমানলৈকে সোণৰ বৰ্ধিত মূল্যই আকাশ চুইছে। ২০২৪ৰ ডিচেম্বৰত প্ৰতি ১০ গ্ৰামৰ মূল্য আছিল ৭৬,১৬২ টকা। এতিয়া প্ৰতি ১০ গ্ৰামৰ মূল্য প্ৰায় ১ লাখ ২৫ হাজাৰ টকা। একেদৰে, ৰূপৰ মূল্যও প্ৰতি কিলোগ্ৰামত ১,৬৪,৫০০ টকালৈ গৈছে।

এই হাৰত সোণ-ৰূপৰ মূল্য বৃদ্ধিত গ্ৰাহক বিপদত পৰিছে। বিশেষকৈ সমাগত  ধনতেৰাছ আৰু দীপাৱলী। এই সময়ত সোণ-ৰূপ ক্ৰয় কৰাটো এক পৰম্পৰা।

কিয় বাঢ়িল সোণৰ দাম ?

বিশেষজ্ঞসকলৰ মতে, এই অতিমাত্ৰা মূল্যবৃদ্ধিৰ কেইবাটাও কাৰণ আছে। ইয়াত বিশ্বজুৰি ভূ-ৰাজনৈতিক পৰিস্থিতিৰ পৰা আৰম্ভ কৰি দেশীয় চাহিদালৈকে এক বৃহৎ পৰিসৰ জড়িত।

১. ভূ-ৰাজনৈতিক উত্তেজনা

মধ্যপ্ৰাচ্যত চলি থকা ইজৰাইল-হামাছ সংঘাত, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰু আমেৰিকা-চীন বাণিজ্যিক দন্দ্বৰ বাবে বিশ্বৰ বজাৰত অস্থিৰতা জন্মাইছে। এনে অৱস্থাত বিনিয়োগকাৰীয়ে 'ছেইফ হেভেন' হিচাপে সোণ বাচি লৈছে।

২. কেন্দ্ৰীয় বেংকসমূহৰ সোণ ক্ৰয়

বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকসমূহে ডলাৰৰ ওপৰত নিৰ্ভৰতা হ্ৰাস কৰিবলৈ বৃহৎ পৰিমাণত সোণ সংগ্ৰহ কৰিছে। ইয়াৰ ফলস্বৰূপে বিশ্বৰ বজাৰত সোণৰ যোগান সংকুচিত হৈ দাম বৃদ্ধি পাইছে।

৩. উৎসৱকালীন চাহিদা

ভাৰতত উৎসৱসমূহত সোণ ক্ৰয় কৰাটো এটা সংস্কৃতি। এই সময়ছোৱাত গ্ৰাহক তথা চাহিদা তীব্ৰভাৱে বৃদ্ধি পায়, ফলত দামো স্বাভাৱিকভাৱে বাঢ়ে।

দাম হ্ৰাসৰ সম্ভাৱনা কিমান?

যদিও বৰ্তমান সোণৰ দাম ইতিহাসৰ সৰ্বোচ্চ পৰ্যায়ত, কিন্তু বিশেষজ্ঞৰ মতে এই উত্থান অধিক দিন স্থায়ী নহ’ব। যদি বজাৰত এক গভীৰ সংশোধন ঘটে, তেন্তে সোণৰ মূল্য ৩০-৪৫% পৰ্যন্ত হ্ৰাস পাব পাৰে। ফলস্বৰূপে, সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,২২,০০০ ৰ পৰা প্ৰায় ৭৭,০০০ টকালৈ নামিব পাৰে।

কি পৰিস্থিতিত দাম হ্ৰাস হ’ব পাৰে ?

সোণৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনাসমূহ মূলত কিছুমান বিশ্ব ৰাজনৈতিক আৰু অৰ্থনৈতিক স্থিতিশীলতাৰ সৈতে জড়িত। সেয়া-

  • ইজৰাইল-হামাছ যুদ্ধত যদি যুদ্ধবিৰতি ঘোষণা হয়।

  • মধ্যপ্ৰাচ্য অঞ্চলত যদি স্থিতিশীলতা উভতি আহে।

  • আমেৰিকাত চলি থকা চৰকাৰী বন্ধ (Government Shutdown) শেষ হয়।

উল্লেখযোগ্য যে, ২০১৩ আৰু ২০১৯ চনত আমেৰিকাত চৰকাৰী বন্ধ শেষ হোৱাৰ পিছত সোণৰ মূল্য ২-৩% হ্ৰাস পাইছিল।