/asomiyapratidin/media/media_files/2025/09/11/hema-rekha-2025-09-11-13-15-49.jpg)
ডিজিটেল ডেস্ক: বলীউডৰ অভিনেত্ৰী ৰেখা আৰু হেমা মালিনীয়ে তেওঁলোকৰ অভিনয় তথা অপৰূপ সৌন্দৰ্য্যৰে সকলোৰে হৃদয় জয় কৰি আহিছে। এতিয়াও তেওঁলোকৰ ব্যক্তিত্ব আৰু গ্লেমাৰত বয়সৰ চাপ পৰা নাই। দুয়োগৰাকী সুন্দৰীয়েই প্ৰায়ে চৰ্চাত থাকে। শেহতীয়াকৈ এই দুয়ো বলিষ্ঠ অভিনেত্ৰী চৰ্চালৈ অহাৰ কাৰণ হৈছে তেওঁলোকৰ সম্পত্তি। ছ'চিয়েল মেডিয়াত এই বিষকটোক কেন্দ্ৰ কৰি বেচ চৰ্চা চলিছে। ধন-সম্পত্তিৰ ক্ষেত্ৰত কোনগৰাকী অভিনেত্ৰী শীৰ্ষত আছে, সেয়া জানিবলৈ বিচাৰিছে অনুৰাগীসকলে।
বলীউডৰ চিৰসেউজ অভিনেত্ৰী ৰেখাৰ সৌন্দৰ্য্য আৰু অভিনয়ৰ প্ৰতি সকলো দুৰ্বল। বৰ্তমানলৈ দুই শতাধিক ছবিত অভিনয় কৰা ৰেখাৰ নৃত্যশৈলীও খুব আকৰ্ষণীয়। বহুদিন ধৰি ছবিৰ পৰা নিজকে আতৰাই ৰখা ৰেখাই অৱশ্যে সময়ে সময়ে ‘হাই প্ৰফাইল’ ইভেণ্টবোৰত অংশ গ্ৰহণ কৰে।
কোন কিমান সম্পত্তিৰ গৰাকী?
ৰেখা সম্প্ৰতি ৩৩২ কোটি টকাৰ সম্পত্তিৰ মালিক। ৰেখা মুম্বাইৰ এটা বাংলোত থাকে, যাৰ নাম ‘বছেৰা’। এই বাংলোটোৰ দাম ১০০ কোটি টকা। ৰেখাৰ এখন ছবিৰ পাৰিতোষিক ১৩ৰ পৰা ১৪ কোটি টকা।
আনহাতে, ১৯৬৩ চনত চলচ্চিত্ৰত প্ৰৱেশ কৰা হেমা মালিনীয়ে ১৯৬৮ চনৰ ‘সপনো কা সৌদাগৰ’ ছবিৰ জৰিয়তে দৰ্শকৰ হৃদয়ত খোপনি পুতিবলৈ সক্ষম হৈছিল। ৭০-৮০ৰ দশকৰ সবাতোকৈ চৰ্চিত অভিনেত্ৰীৰ অন্যতম আছিল হেমা মালিনী।
সম্পত্তিৰ কথা ক’বলৈ গ’লে হেমা মালিনী বহু কোটি টকাৰ মালিক। চেন্নাই, মুম্বাই, বৃন্দাবনকে ধৰি বহু ঠাইত তেওঁৰ ঘৰ-মাটি আছে। বিগত বৰ্ষত লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ সময়ত দাখিল কৰা শপতনামা অনুসৰি হেমা মালিনীয়ে নিজৰ সম্পত্তি ১২২.১৯ কোটি।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us