ছালক প্ৰাকৃতিকভাৱে উজ্জ্বল কৰিবলৈ ব্যৱহাৰ কৰক আপেলৰ বাকলি

আপেল খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে খুবেই লাভজনক।কোৱা হয় যে, যিসকলে দৈনিক এটাকৈ আপেল খায়, তেওঁলোক চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই। কিন্তু আপুনি জানেনে আপেলৰ দৰেই আপেলৰ বাকলিও যে যথেষ্ট উপকাৰী ?

author-image
Asomiya Pratidin
New Update
ছালক প্ৰাকৃতিকভাৱে উজ্জ্বল কৰিবলৈ ব্যৱহাৰ কৰক আপেলৰ বাকলি

ডিজিটেল ডেস্ক: আপেল খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে খুবেই লাভজনক।কোৱা হয় যে, যিসকলে দৈনিক এটাকৈ আপেল খায়, তেওঁলোক চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই। কিন্তু আপুনি জানেনে আপেলৰ দৰেই আপেলৰ বাকলিও যে যথেষ্ট উপকাৰী ? হয়, আপুনি জানি আচৰিত হ'ব যে আপেলৰ বাকলিয়ে ছালৰ সৈতে সম্পৰ্কিত বহুতো সমস্যাৰ সমাধান কৰিব পাৰে।আজি আপেলৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

Advertisment

ডাৰ্ক চাৰ্কল

যদি আপোনাৰ চকুৰ তলটো ক'লা পৰিছে, তেন্তে প্ৰতি নিশা আপুনি চকুৰ তলত আপেলৰ বাকলি প্ৰয়োগ কৰিব। আপেলৰ বাকলিখিনি ভালদৰে পিছি লৈ চকুৰ তলত লগাই ১৫-২০ মিনিট সময় ৰাখিব।ইয়াৰ পাছত চকু দুটা পৰিস্কাৰ পানীৰে ভালদৰে ধুই পেলাব।ই চাপ দূৰ কৰাতো যথেষ্ট ফলপ্ৰসু।

তৈলাক্ত ছাল

আপেলৰ বাকলিত ষ্টাৰ্চ থাকে, যি ছালৰ ৰং পাতল কৰে আৰু যিকোনো ধৰণৰ তৈলাক্ততা হ্ৰাস কৰে।সেয়েহে, তৈলাক্ত ছালৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি আপেলৰ বাকলিৰে সৈতে মুখখন কিছু সময় ঘঁহি থাকিব।তাৰ পাছত পানীৰে ধুই দিব।

উত্তম ময়েশ্চাৰাইজাৰ

আপেলৰ বাকলিখিনি ভালদৰে পিছি লৈ ইয়াত এক চামুচ মৌ আৰু ক্ৰিম মিহলি কৰিব। ছাল কোমল আৰু মসৃণ কৰি ৰাখিবলৈ এই পেষ্টটো নিয়মীয়াকৈ ছালত প্ৰয়োগ কৰিব।ই ছালখনক ময়েশ্চৰাইজ কৰাত যথেষ্ট সহায়ক।

বয়স বৃদ্ধিৰ চাপ

ছালখনত বয়সৰ চাপ পৰাৰ পৰা বচাই ৰাখিবলৈও আপুনি আপেলৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপেলৰ বাকলিবোৰ শুকুৱাই লৈ ইয়াৰ পাউডাৰ বনাই ল’ব। ইয়াৰ পিছত তিনি চাহ চামুচ বাটাৰমিল্কৰ সৈতে দুই চাহ চামুচ আপেলৰ বাকলিৰ পাউডাৰ মিহলি কৰি এটা পেষ্ট বনাওঁক। এই পেষ্টটো মুখ আৰু ডিঙিত প্ৰয়োগ কৰি মাত্ৰ ২৫ মিনিটৰ বাবে এৰি দিয়ক।মুখখন শুকাবলৈ ধৰিলে পানীৰে ভালদৰে ধুই পেলাব।

Also Read: সংগীৰ সৈতে সম্পৰ্ক কিদৰে শক্তিশালী কৰিব পাৰি জানি লওঁক