সংগীৰ সৈতে সম্পৰ্ক কিদৰে শক্তিশালী কৰিব পাৰি জানি লওঁক

বিবাহিত জীৱনত সম্পৰ্ক শক্তিশালী কৰি ৰাখিবলৈ আপুনি কিছুমান বিশেষ দিশত মন দিয়া উচিত।আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
সংগীৰ সৈতে সম্পৰ্ক কিদৰে শক্তিশালী কৰিব পাৰি জানি লওঁক

ডিজিটেল ডেস্ক: স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্ক অতি বিশেষ।এই সম্পৰ্ক সদায় মৰম আৰু শ্ৰদ্ধাৰে ভৰি থাকে। সুখে-দুখে গোটেই জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কিন্তু বহু সময়ত এই সম্পৰ্কত আউল লাগে।কথাৰ কটা-কটি, মতৰ অমিল, প্ৰতিদিনে সম্পৰ্কটো দুৰ্বল হৈ অৱশেষত কাজিয়া লাগে। বহুসময়ত কাজিয়া ইমানেই বাঢ়ি যায় যে দুয়োৰে মাজত বিবাহ বিচ্ছেদ পৰ্যন্ত হয়। এনে পৰিস্থিতিত সম্পৰ্কটো শক্তিশালী কৰাটো স্বামী আৰু পত্নীৰ দুয়োৰে কৰ্তব্য। বিবাহিত জীৱনত সম্পৰ্ক শক্তিশালী কৰি ৰাখিবলৈ আপুনি কিছুমান বিশেষ দিশত মন দিয়া উচিত।আজি সেই বিষয়ে জানো আহক-

Advertisment

সন্মান কৰক 

যিকোনো সম্পৰ্ক বিশ্বাস আৰু সন্মান থকাটো অতি প্ৰয়োজন।যদি এটা সম্পৰ্কত সন্মান নাথাকে, ইয়াক দীঘলীয়া সময়ৰ বাবে চলোৱা কঠিন হৈ পৰে। বিশেষকৈ স্বামী-পত্নীৰ সুখী জীৱনৰ বাবে ইজনে সিজনক সন্মান কৰাটো দৰকাৰ।বহুসময়ত মতৰ অমিল হোৱাৰ বাবে দুয়োজনৰ মাজত তৰ্ক হ'ব পাৰে।কিন্তু ইজনে সিজনক সন্মান কৰি আৰু ভালদৰে কথা পাতি সম্পৰ্কটো ঠিক কৰিব পাৰে।

কামত সহায় কৰক

ঘৰ আৰু বাহিৰৰ কামৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ ইজনে সিজনৰ কামত সহায় কৰা উচিত। মনত ৰাখিব যে, আপুনি যাতে আপোনাৰ পত্নীক সকলো দায়িত্বৰ ভাৰ নিদিয়ে। পত্নীয়েও চেষ্টা কৰিব লাগে যে স্বামীৰ কামত তেওঁ কিছু সহায় কৰে। ইজনে সিজনক সমানে সহায় কৰি আপুনি সম্পৰ্কটো মধুৰ কৰি তুলিব পাৰে। 

একো লুকুৱাব নালাগে 

বহুসময়ত স্বামী আৰু পত্নীয়ে ইজনে সিজনৰ পৰা কথা লুকুৱাবলৈ আৰম্ভ কৰে।যাৰ ফলত সম্পৰ্ক দুৰ্বল হ'বলৈ আৰম্ভ কৰে। বহুসময়ত যদি স্বামীয়ে বাহিৰৰ জগতখনৰ পৰা পত্নীৰ বিষয়ে কিবা গম পাই, তেন্তে তেওঁৰ বিশ্বাস ভাঙি সম্পৰ্কত বিভেদ দেখা দিয়ে। স্বামীৰ মিছা কোৱাৰ অভ্যাসৰ বাবে কেতিয়াবা পত্নীয়েও তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সন্মুখত লাজ অনুভৱ কৰিব লগা হ'ব পাৰে। গতিকে ইজনে সিজনৰ পৰা কথা নুলুকুৱাব।

সমস্যাৰ প্ৰতি মনোযোগ দিব 

স্বামী আৰু পত্নীয়ে ইজনে সিজনক ভাল পায় ঠিকেই, কিন্তু ইজনে সিজনৰ সমস্যা শুনিবলৈ ভাল নাপায়। এইটো একেবাৰে ভুল।দুয়োয়ে দুয়োৰ কথা শুনিব আৰু সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব। ই সম্পৰ্কটো শক্তিশালী কৰিব আৰু লগতে ইজনে সিজনৰ প্ৰতি প্ৰেম বৃদ্ধি কৰিব। 

ইজনে সিজনৰ বন্ধু হওঁক 

সম্পৰ্ক শক্তিশালী কৰিবলৈ স্বামী আৰু পত্নীয়ে ইজনে সিজনৰ সৈতে বন্ধুত্ব কৰিব লাগে। ইয়াৰ ফলত দুয়োয়ে যিকোনো কথা-বতৰা খোলাকৈ আলোচনা কৰিব পাৰিব।স্বামীয়ে পত্নীৰ সন্মুখত আৰু পত্নীয়ে স্বামীৰ সন্মুখত এনে আচৰণ কৰিব লাগে যাতে দুয়োয়ে দুয়োৰ ওচৰত সহজ অনুভৱ কৰিব পাৰে।

Also Read: এই অভ্যাসে সলনি কৰিব পাৰে শিশুৰ ভৱিষ্যত