/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/685147c9-54a6-4ed4-9f02-3f02b0e873c9/1__16_.jpg)
ডিজিটেল ডেস্ক: বিগত কেইমাহমান ধৰি প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ এপাৰ্টমেণ্টৰ বাহিৰত প্ৰায়ে দেখিবলৈ পোৱা যায় অভিনেত্ৰী আদা শৰ্মাক।যাৰ বাবে অভিনেত্ৰীগৰাকী সুশান্ত সিঙৰ ঘৰটোত থাকিবলৈ লৈছে বুলি সকলোয়ে সন্দেহ কৰিছিল যদিও নিশ্চিত হ'ব পৰা নাছিল।কিন্তু এতিয়া এই সন্দৰ্ভত মুখ খুলিলে আদা শৰ্মাই।
হয়, অভিনেত্ৰীগৰাকীয়ে অৱশেষত নীৰৱতা ভংগ কৰি দীৰ্ঘদিনৰ পৰা চৰ্চিত এই বিষয়টোৰ মোখনী মাৰে। অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, 'মই চাৰি মাহ আগৰ পৰাই বান্দ্ৰাস্থিত মণ্ট ব্লাংক এপাৰ্টমেণ্টৰ এই ফ্লেটত থাকিবলৈ লৈছো। ইমান দিনে মই মুম্বাইৰে পালি হিলত থকা মোৰ ঘৰত বাস কৰিছিলো।এই ঠাইখনে মোক ইতিবাচকতা প্ৰদান কৰে। মই প্ৰকৃতিৰ প্ৰতি অতি সংবেদনশীল। কেৰালা আৰু মুম্বাইত থকা আমাৰ ঘৰ দুটা গছৰে আগুৰি আছে আৰু আমি চৰাইক খাদ্য খুবাইয়ে ডাঙৰ হৈছো। সেয়েহে, মই গছ-গছনি থকা আৰু চৰাইক খুৱাব পৰা ঘৰ এটা বিচাৰিছিলো।সকলো ফালৰ পৰাই এই ঘৰটো মোৰ বাবে পাৰ্ফেক্ট। এই ধুনীয়া ঘৰটোত খুব ইতিবাচক শক্তি আছে।যিয়ে মোক মানসিক স্বাস্থ্যৰ যতন লোৱাত সহায় কৰিব।'
বিগত বৰ্ষৰ আগষ্টতে আদাই মণ্ট ব্লাংক এপাৰ্টমেণ্টৰ এই ফ্লেটটো ক্ৰয় কৰিছিল। উল্লেখ্য যে, ৰহস্যজনক মৃত্যুক সাৱটি লোৱা সুশান্ত সিং ৰাজপুতে ২০১৯ চনৰ ডিচেম্বৰত প্ৰতি মাহে ৪.৫ লাখ টকাত এপাৰ্টমেণ্টটো ভাড়ালৈ লৈছিল। ঘৰটো ডুপ্লেক্স আৰু ৩,৬০০ বৰ্গ ফুটতকৈও অধিক বিস্তৃত।ঘৰটোৰ তলৰ মহলাত এটা বিশাল হল আৰু ওপৰৰ মজিয়াত তিনিটা শোৱনি কোঠা আছে।