ঘৰত হ’ব টকাৰ বৰষুণ, আহিব সুখ-সমৃদ্ধি

ধন বা টকা এনেকুৱা এটা বস্তু, যাক সকলোৱে প্ৰাপ্ত কৰিব বিচাৰে।টকা অৰ্জন কৰিবলৈ সকলোয়েই কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। কিন্তু বহুসময়ত কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো আমাৰ হাতলৈ ধন নাহে।

author-image
Asomiya Pratidin
New Update
ঘৰত হ’ব টকাৰ বৰষুণ, আহিব সুখ-সমৃদ্ধি

ডিজিটেল ডেস্ক: ধন বা টকা এনেকুৱা এটা বস্তু, যাক সকলোৱে প্ৰাপ্ত কৰিব বিচাৰে।টকা অৰ্জন কৰিবলৈ সকলোয়েই কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। কিন্তু বহুসময়ত কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো আমাৰ হাতলৈ ধন নাহে। এনে পৰিস্থিতিত আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ লগতে ধনৰ দেৱী লক্ষ্মীক বিশেষভাৱে উপাসনা কৰিব লাগে, যাতে মা লক্ষ্মীৰ আপোনাৰ ঘৰলৈ আগমন ঘটে। 

Advertisment

হিন্দু ধৰ্মত শুক্ৰবাৰৰ দিনটো মা লক্ষ্মীৰ নামত উৎসৰ্গিত। এই দিনটোত দেৱী লক্ষ্মীক পূজা কৰা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি, এই দিনটোত মা লক্ষ্মীক উপাসনা কৰাৰ লগতে যদি আপুনি কিছুমান ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে আপুনি মা লক্ষ্মীৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰে। শুকুৰবাৰে কেইটামান বিশেষ কাম কৰিলে আপোনাৰ ঘৰৰ পৰা চিৰদিনৰ বাবে দৰিদ্ৰতা দূৰ হ’ব পাৰে।মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ আপুনি শুকুৰবাৰে কি কৰিব লাগে, আজি জানো আহক- 

জ্যোতিষ শাস্ত্ৰ অনুসৰি, শুকুৰবাৰে মা লক্ষ্মীৰ ফটোবা মূৰ্তিৰ সন্মুখত ৰঙা কাপোৰ এখন লৈ তাৰ ওপৰত এমুঠি জিৰা আৰু কেইটামান খুচুৰা পইচা ল’ব। মা লক্ষ্মীৰ উপাসনা কৰাৰ পিছত সেইখিনি এক সুৰক্ষিত বা য'ত টকা ৰখা হয়, সেই ঠাইত ৰাখিব।এনে কৰাৰ ফলত ঘৰত টকাৰ বৰষুণ হব আৰু ঘৰখনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটিব। আনহাতে, বৃহস্পতিবাৰে যিকোনো শুভ কামত হাত দিয়াৰ আগতে জিৰা খাব। এনে কৰাৰ দ্বাৰা কেৱল আপোনাৰ কামে সিদ্ধি হোৱাই নহয়, গোটেই দিনটো ভালে যাব।

বি.দ্ৰ :ওপৰৰ লেখাটো তথ্যৰ ওপৰতহে আধাৰিত।

Also Read: শাওন মাহত আপুনি এই পদক্ষেপ ল’লে দূৰ হ’ব আৰ্থিক দীনতা