শাওন মাহত আপুনি এই পদক্ষেপ ল’লে দূৰ হ’ব আৰ্থিক দীনতা

শিৱ ভক্তসকলৰ বাবে পবিত্ৰ শাওন মাহটোৰ বিশেষ গুৰুত্ব আছে।এই মাহটোত ভক্তসকলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ আৰাধনা কৰা,উপবাস ৰখাৰ লগতে দৈনিক শিৱলিংগত পানী আগবঢ়ায়।

author-image
Asomiya Pratidin
New Update
শাওন মাহত আপুনি এই পদক্ষেপ ল’লে দূৰ হ’ব আৰ্থিক দীনতা

শাওন মাহত আপুনি এই পদক্ষেপ ল’লে দূৰ হ’ব আৰ্থিক দীনতা

ডিজিটেল ডেস্ক: শিৱ ভক্তসকলৰ বাবে পবিত্ৰ শাওন মাহটোৰ বিশেষ গুৰুত্ব আছে।এই মাহটোত ভক্তসকলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ আৰাধনা কৰা,উপবাস ৰখাৰ লগতে   দৈনিক শিৱলিংগত পানী আগবঢ়ায়। বহুলোকে এই মাহত শিৱলিংগত বেলপাতো আগবঢ়ায়। বিশ্বাস অনুসৰি, বেলপাত ভগৱান শিৱৰ অতি প্ৰিয়। এনে পৰিস্থিতিত, শাওন মাহত বেলপাতৰ কিছুমান প্ৰতিকাৰে আপোনাৰ বহুতো সমস্যা দূৰ কৰিব পাৰে। আজি এই বিষয়ে জানো আহক-

ঋণৰ পৰা সকাহ 

যদি আপুনি ঋণৰ দ্বাৰা অসুবিধাত পৰিছে, তেন্তে আপুনি ইয়াৰ পৰা পৰিত্ৰাণ লাভ কৰাৰ বাবে কেতবোৰ ব্যৱস্থা ল'ব পাৰে। মহাদেৱক শাওন মাহৰ প্ৰতি সোমবাৰে সম্পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰক আৰু তেওঁক বেলপাত আগবঢ়াওঁক।মহাদেৱক আগবঢ়োৱা বেলপাতৰ পৰা ৩ টা বেলপাত ঘৰলৈ ঘূৰাই আনি তাত চন্দন কাঠেৰে 'ওম নমহ: শিৱায়' লিখিব। এই পাতকেইটা ভাল ঠাইত সুৰক্ষিত কৰি ৰাখিব। ই আপোনাৰ বিত্তীয় সংকট সমাধান কৰিব। 

সন্তান সুখ লাভ

বিশ্বাস অনুসৰি, যদি আপুনি সন্তান সুখ লাভ কৰিবলৈ সক্ষম নহয়, তেন্তে শাওন মাহত বেলপাতৰ সৈতে ইয়াৰ প্ৰতিকাৰ কৰিব পাৰে। আপোনাৰ বয়স যিমান, সিমানটা বেলপাত লৈ গৰুৰ কেঁচা গাখীৰত ডুবাই ভগৱান শিৱক উপাসনা কৰক আৰু মন্দিৰত আগবঢ়াওঁক। ইয়াৰ বাহিৰেও, এেই মাহত বেল গছ ৰুব।এনে কৰিলে আপুনি নিশ্চিতভাৱে সন্তান সুখ লাভ কৰিব।

বিবাহিত জীৱনো সুখী হ'ব

যদি আপোনাৰ বিবাহিত জীৱনত কোনো সমস্যা আছে, তেন্তে শাওন মাহৰ প্ৰতি সোমবাৰে স্বামী-পত্নী একেলগে ভগৱান শিৱ আৰু মাপাৰ্বতীক উপাসনা কৰক।তাৰ পাছত ভোলেনাথক বেলপাত আগবঢ়াবলৈ নাপাহৰিব। বিশ্বাস অনুসৰি, ই স্বামী-পত্নীৰ মাজৰ তিক্ততা আঁতৰ কৰি প্ৰেম বৃদ্ধি কৰিব।

ধনৰ কোনো অভাৱ নহ'ব

যদি আপোনাৰ ঘৰত ধনৰ অভাৱ হয়, তেন্তে শাওন মাহত আপুনি আপোনাৰ ঘৰত মদাৰ আৰু  বেল গছ ৰুব।এনে কৰিলে মা লক্ষ্মীও সুখী হ'ব আৰু ধনৰ অভাৱ লাহে লাহে আঁতৰি যাব। ইয়াৰ লগতে প্ৰতি সোমবাৰে মহাদেৱক বেলপাত দি উপাসনা কৰিব।

Also Read: আগন্তুক শাওন মাহত আপুনি কোন মন্দিৰ দৰ্শনৰ পৰিকল্পনা কৰিছে ?