প্ৰাক্তন আৰক্ষী বিষয়াৰ পুত্ৰই হত্যা কৰিলে ন্যায়াধীশৰ পুত্ৰক

বন্ধু ! এই সম্পৰ্কৰ বিষয়ে যিমানেই কোৱা হয়, সিমানেই হয়তো কম হ’ব।কিন্তু বন্ধুয়েই বন্ধুৰ বাবে যে কাল হব পাৰে। এয়া সম্ভৱ।

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন আৰক্ষী বিষয়াৰ পুত্ৰই হত্যা কৰিলে  ন্যায়াধীশৰ পুত্ৰক

ডিজিটেল ডেস্ক: বন্ধু ! এই সম্পৰ্কৰ বিষয়ে যিমানেই কোৱা হয়, সিমানেই হয়তো কম হ’ব।কিন্তু বন্ধুয়েই বন্ধুৰ বাবে যে কাল হ'ব পাৰে। এয়া সম্ভৱ। শেহতীয়া এক ঘটনাই যেন এই কথা প্ৰমাণ কৰিলে।ঘটনাটো আমাৰ চুবুৰীয়া দেশ পাকিস্তানত সংঘটিত হৈছে। 

Advertisment

প্ৰকৃততে, দুজন বন্ধু আৰু এজনৰ প্ৰেমিকাই একেলগে সময় অতিবাহিত কৰোতেই এই ঘটনা সংঘটিত হয়।অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক (এছএছপি) নাজিৰ আহমেদ মীৰ বাহাৰৰ পুত্ৰ দানিয়াল নাজিৰ মীৰে তেওঁৰ প্ৰেমিকা শ্বাজিয়াক কৰাচীৰ প্ৰতিৰক্ষা গৃহ নিৰ্মাণ কৰ্তৃপক্ষৰ (ডিএইচএ) পঞ্চম পৰ্যায়ত থকা তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছিল।দানিয়ালৰ লগত আছিল তেওঁৰ খুবেই ঘনিষ্ঠ বন্ধু আলী। সেই সময়তে দানিয়ালে দুটা বাৰ্গাৰ অৰ্ডাৰ দিছিল, এটা নিজৰ বাবে আৰু আনটো শ্বাজিয়াৰ বাবে। কিন্তু, আলীয়ে শ্বাজিয়াৰ বাৰ্গাৰৰ আধা অংশ খাই দিছিল।ইয়াতে খঙত অগ্নিশৰ্মা হৈ দানিয়ালে এজন নিৰাপত্তাৰক্ষীৰ পৰা এটা বন্দুক লৈ আলীৰ ওপৰত গুলীচালনা কৰে আৰু ১৭ বছৰীয়া আলীৰ সেই স্থানতে মৃত্যু হয়।আলী এজন ন্যায়াধীশৰ পুত্ৰ।

এই ঘটনাৰ তদন্ত ইতিমধ্যে সমাপ্ত হৈছে। আৰক্ষীয়ে দানিয়ালক গ্ৰেপ্তাৰ কৰে আৰু বৰ্তমান দানিয়াল কাৰাগাৰৰ বাসিন্দা।এই খবৰ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰাত বিভিন্নজনে তেওঁলোকৰ মত প্ৰকাশ কৰি উশৃংখল প্ৰজন্মক সংযত হ’বলৈ আহ্বান জনাইছে।

Also Read: ননদৰ প্ৰতি থকা ঘৃণাই ল’লে ভয়াৱহ ৰূপ