আইফোন ১৫ৰ সৈতে আহিল ‘ডুপ্লিকেট’ বেটাৰী

আপুনিও বাৰু অনলাইনত বেছিকৈ সামগ্ৰী ক্ৰয় কৰে নেকি ? যদি কৰে, তেতিয়া অলপ সাৱধান হওঁক।কিয়নো আজিকালি অনলাইনত বজাৰ কৰি বহু গ্ৰাহকে ৰামঠগন খাবলগীয়া হৈছে।হয়, শেহতীয়া তেনে এক ঘটনাই পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
আইফোন ১৫ৰ সৈতে আহিল ‘ডুপ্লিকেট’ বেটাৰী

ডিজিটেল ডেস্ক: আপুনিও বাৰু অনলাইনত বেছিকৈ সামগ্ৰী ক্ৰয় কৰে নেকি ? যদি কৰে, তেতিয়া অলপ সাৱধান হওঁক।কিয়নো আজিকালি অনলাইনত বজাৰ কৰি বহু গ্ৰাহকে ৰামঠগন খাবলগীয়া হৈছে।হয়, শেহতীয়া তেনে এক ঘটনাই পোহৰলৈ আহিছে।

Advertisment

প্ৰকৃততে, এজন গ্ৰাহকে এনে এক ঘটনাৰ বিষয়ে ৰাজহুৱা কৰিছে। তেওঁ গণৰাজ্য দিৱস উপলক্ষে ফ্লিপকাৰ্টৰ পৰা এটা আইফোন ১৫ অৰ্ডাৰ কৰে।কিন্তু ফ্লিপকাৰ্টে গ্ৰাহকজনক এই ম’বাইলটো নকল বেটাৰীৰ সৈতে যোগন ধৰে। গ্ৰাহকজনে নকল বেটাৰীৰ সৈতে লাভ কৰা ম’বাইলটোৰ ফটো আৰু ভিডিঅ' টুইটাৰত শ্বেয়াৰ কৰাৰ লগতে ফ্লিপকাৰ্টক অৱগত কৰে।কিন্তু ফ্লিপকাৰ্টে গ্ৰাহকজনৰ ম’বাইলটো সলনি কৰিবলৈ অস্বীকাৰ কৰে।

এই সমগ্ৰ বিষয়টো সন্দৰ্ভত গ্ৰাহকজনে টুইটাৰত উল্লেখ কৰা মতে, ‘মই গণতন্ত্ৰ দিৱস উপলক্ষে দিয়া ৰেহাইৰ সময়ত ফ্লিপকাৰ্টৰ পৰা আইফোন ১৫ অৰ্ডাৰ কৰিছিলো।কিন্তু যেতিয়া মই ম’বাইলটো লাভ কৰো, তেতিয়া ম’বাইলটোয়ে চাৰ্জ লোৱা নাই আৰু এই বেটাৰীটো যে প্ৰকৃত নহয়, সেয়াও প্ৰমাণিত হৈছে।তাৰ পাছতো ফ্লিপকাৰ্টে এই ম’বাইটো সলনি কৰিবলৈ অস্বীকাৰ কৰাত মই সঁচাকৈয়ে বিপদত পৰিছো। ইয়াৰ সমাধান কি হ'ব বাৰু ? ফ্লিপকাৰ্টে এনেদৰেই গ্ৰাহকক প্ৰৱঞ্চনা কৰে নেকি ?’

গ্ৰাহকজনে এই বিষয়ে ছ’চিয়েল মেডিয়াত প’ষ্ট কৰাত অনলাইন বজাৰ কৰি ভালপোৱাসকল এক প্ৰকাৰ চিন্তাত পৰিছে।বহু ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে ইয়াক প্ৰৱঞ্চনা আখ্যা দি সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।

Also Read: সোণৰ তাঁৰৰে বনোৱা হৈছিল ঐশ্বৰ্যয়ে বিয়াত পিন্ধা শাৰীখন, সোণৰ ফুলৰে কৰিছিল কেশসজ্জা