চকুৰ ৰং দেখিয়েই আপুনি জানিব পাৰিব ব্যক্তিৰ স্বভাৱ

চকু দুটাই হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ অভিব্যক্তিপূৰ্ণ অংশ।এজন ব্যক্তিৰ মনত কি চলি আছে, সেয়া চকু দেখিলেই অনুমান কৰিব পৰা যায়। চকুৰ ৰঙে এজন ব্যক্তিৰ প্ৰকৃতিৰ বিষয়েও আভাষ দিয়ে।

author-image
Asomiya Pratidin
New Update
চকুৰ ৰং দেখিয়েই আপুনি জানিব পাৰিব ব্যক্তিৰ  স্বভাৱ

ডিজিটেল ডেস্ক: চকু দুটাই হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ অভিব্যক্তিপূৰ্ণ অংশ।এজন ব্যক্তিৰ মনত কি চলি আছে, সেয়া চকু দেখিলেই অনুমান কৰিব পৰা যায়। চকুৰ ৰঙে এজন ব্যক্তিৰ প্ৰকৃতিৰ বিষয়েও আভাষ দিয়ে। আজি এই বিষয়ে জানো আহক-

Advertisment

ধূসৰ ৰং (গ্ৰে)

এই ৰঙৰ চকুৰ লোকসকলৰ হৃদয়খন খুব পৰিস্কাৰ হয়।তেওঁলোকৰ জীৱনৰ গোপন অধ্যায় বুলি একো নাথাকে।তদুপৰি, তেওঁলোক তেওঁলোকৰ সংগীৰ প্ৰতি অতি নিষ্ঠাৱান।

সেউজীয়া ৰং

এই ৰঙৰ চকু থকা লোকসকল অতি উৎসাহী। তেওঁলোকে যিকোনো কাম সম্পূৰ্ণ উৎসাহৰে কৰে। ইয়াৰ লগতে তেওঁলোক যথেষ্ট ৰোমান্টিক।

নীলা ৰং

এই লোকসকল দেখাত অতি ধুনীয়া তথা আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হয়। তেওঁলোকৰ মন-মগজুও বহুত তীক্ষ্ণ।

মুগা ৰং

এই ৰঙৰ চকু থকা লোকসকল খুব দুঃসাহসী। এই লোকসকলে ধনতকৈ সম্পৰ্কক অধিক গুৰুত্ব দিয়ে। মুগা ৰঙৰ চকু থকা মহিলাসকল তেওঁলোকৰ সংগীৰ প্ৰতিও অতি নিষ্ঠাৱান।

ক'লা ৰং

এনে লোকসকলে কেতিয়াও আনৰ সমালোচনা নকৰে। তেওঁলোক নিজৰ জীৱনতে ব্যস্ত হৈ জীৱনটো উপভোগ কৰে। এই লোকসকল অতি আত্মবিশ্বাসী।

দহা চকু 

দহা চকু বা মেকুৰীৰ লেখিয়া চকু থকা লোকসকলক বৰ আকৰ্ষণীয়। এনে লোকসকল অতি আমোদ-প্ৰেমী আৰু শিহৰণ-প্ৰেমী। এই লোকসকলে পৰিস্থিতি অনুসৰি নিজকে খুব ধুনীয়াকৈ খাপ খুৱাব পাৰে।

পাতল মুগা চকু

এনে চকুৰ অধিকাৰী লোকসকলে ফুৰ্তিত দিন অতিবাহিত কৰে। এনে লোকসকলে সকলো সময়তে আনক সহায় কৰিবলৈ সাজু থাকে।

Also Read: বলীউডৰ অধিকাংশ সুন্দৰীৰে নাই নিজৰ নাক-ওঁঠ