বলীউডৰ অধিকাংশ সুন্দৰীৰে নাই নিজৰ নাক-ওঁঠ

সৌন্দৰ্য্যৰ প্ৰতি নি:সন্দেহে সকলো দুৰ্বল। কোনো ব্যক্তি যিমানেই সৌন্দৰ্য্যৰ অধিকাৰী নহওঁক কিয়, সেয়া তেওঁৰ বাবে যথেষ্ট নহয়। ইয়াৰ উদাহৰণস্বৰূপে বলীউডৰ সুন্দৰীসকলৰ কথাকেই ক’ব পাৰি।

author-image
Asomiya Pratidin
New Update
বলীউডৰ অধিকাংশ সুন্দৰীৰে নাই নিজৰ নাক-ওঁঠ

ডিজিটেল ডেস্ক:সৌন্দৰ্য্যৰ প্ৰতি নি:সন্দেহে সকলো দুৰ্বল। কোনো ব্যক্তি যিমানেই সৌন্দৰ্য্যৰ অধিকাৰী নহওঁক কিয়, সেয়া তেওঁৰ বাবে যথেষ্ট নহয়। ইয়াৰ উদাহৰণস্বৰূপে বলীউডৰ সুন্দৰীসকলৰ কথাকেই ক’ব পাৰি। অপৰূপ সৌন্দৰ্য্যৰ অধিকাৰী হৈও নিজকে আৰু অধিক ধুনীয়া কৰিবলৈ তেওঁলোকে গ্ৰহণ কৰিছে কৃত্ৰিম পন্থা। হয়, প্ৰাক্তন বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায়ে ওঁঠ, গাল আৰু মুখৰ আকাৰ জোখত ৰাখিবলৈ সহায় লৈছে প্লাষ্টিক ছাৰ্জাৰীৰ।

Advertisment

বলীউডৰ লগতে হলীউডতো সুকীয়া স্থান দখল কৰা আন এগৰাকী সুন্দৰী প্ৰিয়ংকা চোপ্ৰাই ছাৰ্জাৰীৰে সৰু ওঁঠজুৰি ডাঙৰ আৰু ভোটা নাকটো অলপ জোঙা কৰিছে।আনহাতে, ‘বি টাউন’ৰ ‘হাই প্ৰফাইল চেলিব্ৰিটী’ শিল্পা ছেট্টী কুন্দ্ৰা নিখুঁত দেহৰ গঠনৰ বাবে সদায়েই চৰ্চাৰ শীৰ্ষত থাকে।পিছে, এইগৰাকী সুন্দৰীয়েও নিজকে আৰু আকৰ্ষণীয় কৰাৰ বাবে নাকটোৰ চাৰ্জাৰী কৰিছে।

‘বাবলী গাৰ্ল’ প্ৰীতি জিন্টাও ইয়াৰ ব্যতিক্ৰম নহয়।৪২ বছৰৰ বয়সতো ষোড়ষী গাভৰু যেন দেখা প্ৰীতিৰ সৌন্দৰ্য্যৰ আঁৰত আছে ‘কছমেটিক ছাৰ্জাৰী’।বৰ্তমানৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাইও তেওঁৰ সৰু ওঁঠজুৰি ছাৰ্জাৰীৰ সহায়ত ডাঙৰ কৰিছে। ‘শুধ দেশী ৰোমাঞ্চ’ খ্যাত অভিনেত্ৰী ৰাণী কাপুৰেও মুখমণ্ডলৰ আকাৰ, গাল আৰু ওঁঠৰ চাৰ্জাৰী কৰি আঁকোৱালি লৈছে কৃত্ৰিম সৌন্দৰ্য্য। মুখৰ আকাৰ, নাক আৰু ওঁঠ ছাৰ্জাৰী কৰা বলীউডৰ আন দুগৰাকী অভিনেত্ৰী হৈছে কংগনা ৰণাৱট আৰু কৰীশ্মা কাপুৰ।

প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীয়েও দেহৰ বহু অংগৰ ছাৰ্জাৰী কৰায় তেওঁ সৌন্দৰ্য্য দুগুণে বৃদ্ধি কৰাইছিল।সৌন্দৰ্য্য অটুট ৰাখিবলৈ এইগৰাকী অভিনেত্ৰীয়ে প্ৰতিবছৰে ‘বটস্ক ট্ৰিটমেণ্ট’ও কৰিছিল।ইফালে, বক্ষ আৰু নাকৰ ছাৰ্জাৰীৰে অধিক আকৰ্ষণীয় হৈ পৰিছে আয়েশা টাকিয়া আৰু মিনিষা লিম্বা।এই সকল সুন্দৰীৰ উপৰিও আমেৰিকা মূলৰ মডেল নাৰ্গিছ ফাখৰীয়ে ওঁঠ, অদিতি ৰাও হাইদ্ৰীয়ে নাক, সকলো সময়তে চৰ্চাৰ অন্যতম কেন্দ্ৰবিন্দু কেটৰিনা কাইফে গাল আৰু ‘বেংগলী বিউটি’ বিপাশা বাসুয়ে নাকৰ ছাৰ্জাৰী কৰি সকলোকে মোহিত কৰি ৰাখিছে।

উল্লেখ্য যে, কৃত্ৰিম সোন্দৰ্য্যৰ অধিকাৰী হ’লেও অসাধাৰণ অভিনয় তথা ব্যক্তিত্বৰে বলীউড জিলিকাই ৰাখিছে এইসকল অভিনেত্ৰীয়ে।

bollywood bollywood actress