মুছলমান ধৰ্মী লোকেও আৰ্শীবাদ বিচাৰি দৰ্শন কৰে এই মন্দিৰ

এটা বিশেষ মন্দিৰ, য'ত ভক্তই সেৱা ল'লে দূৰ হয় চকুৰ সকলো সমস্যা। হয়, নেতুলা মহাৰাণী নামৰ এই মন্দিৰটো বিহাৰত অৱস্থিত। বিহাৰৰ জামুই জিলাৰ চিকান্দ্ৰা খণ্ডত থকা এই মন্দিৰটো দৰ্শন কৰিবলৈ দৈনিক লাখ লাখ ভক্তৰ ভিৰ হয়।

author-image
Asomiya Pratidin
New Update
মুছলমান ধৰ্মী লোকেও আৰ্শীবাদ বিচাৰি দৰ্শন কৰে এই মন্দিৰ

ডিজিটেল ডেস্ক: এটা বিশেষ মন্দিৰ, য'ত ভক্তই সেৱা ল'লে দূৰ হয় চকুৰ সকলো সমস্যা। হয়, নেতুলা মহাৰাণী নামৰ এই মন্দিৰটো বিহাৰত অৱস্থিত। বিহাৰৰ জামুই জিলাৰ চিকান্দ্ৰা খণ্ডত থকা এই মন্দিৰটো দৰ্শন কৰিবলৈ দৈনিক লাখ লাখ ভক্তৰ ভিৰ হয়।

Advertisment

নেতুলা মহাৰাণী মন্দিৰটো গোটেই বছৰটো চকুৰ ৰোগত আক্ৰান্ত ভক্তৰে ভৰি থাকে। আকাংক্ষিত ইচ্ছা পূৰণ হোৱাৰ পিছত ভক্তসকলে মন্দিৰলৈ সোণ অথবা ৰূপৰ চকু দান কৰে। এই মন্দিৰত প্ৰতি মঙলবাৰে আৰু শনিবাৰে বিশেষ পূজাৰ আয়োজন কৰা হয়।এই দিন দুটাত মন্দিৰত আৰু বেছি ভক্তৰ ভিৰ হয়।তদুপৰি, ইয়াত সেঁৱা কৰি বহু দম্পতিয়ে সন্তান প্ৰাপ্ত হ'বলৈও সক্ষম হৈছে।

নৱৰাত্ৰিত নেতুলা মহাৰাণী মন্দিৰত মা দুৰ্গাৰ নটা অৱতাৰৰ উপাসনা কৰা হয়। বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগৰ পৰা হাজাৰ হাজাৰ ভক্তই মন্দিৰ চৌহদত ন দিন মা দুৰ্গাক  উপাসনা কৰে।স্থানীয় লোকসকলৰ মতে, এই মন্দিৰৰ ইতিহাস ২৬০০ বছৰ পুৰণি। বিখ্যাত জৈন শাস্ত্ৰ কালপাসূত্ৰ অনুসৰি, ২৪ সংখ্যক তীৰ্থংকৰ ভগৱান মহাবীৰেই ঘৰ এৰি কুণ্ডলপুৰৰ পৰা আহি প্ৰথম দিনাই নেতুলা মহাৰাণী মন্দিৰত অৱস্থিত বট গছৰ তলত ৰাতিটোৰ বাবে জিৰণি লৈছিল। এই ঠাইতে ভগৱান মহাবীৰে তেওঁৰ কাপোৰ এৰিছিল।উল্লেখ্য যে, হিন্দুসকলৰ লগতে মুছলমান সম্প্ৰদায়ৰ লোকসকলেও এই মন্দিৰলৈ আৰ্শীবাদ বিচাৰি আহে।

Also Read: আপুনিও দৰ্শন কৰি আহক এই ‘বিশেষ’ মন্দিৰ, য’ত প্ৰকৃতিয়ে কৰে শিৱ লিংগৰ অভিষেক