লক্ষ্যদ্বীপলৈ যোৱাৰ পূৰ্বে এই বিষয়ে জানি লওঁক

লক্ষ্যদ্বীপলৈ যোৱাৰ পূৰ্বে এই বিষয়ে জানি লওঁক

ডিজিটেল ডেস্ক: শেহতীয়াকৈ ইণ্টাৰনেটত লক্ষ্যদ্বীপৰ মনোমোহা সৌন্দৰ্যই অভাৱনীয় চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।খুব কম দিনতে লক্ষ্যদ্বীপে সীমাহীন চৰ্চা লাভ কৰাৰ অৱশ্যে কাৰণো আছে।হয়, কেইদিনমান পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লক্ষ্যদ্বীপ ভ্ৰমণ কৰি এই ভ্ৰমণৰ ফটো তেওঁৰ ছ'চিয়েল নেটৱৰ্কিং ছাইটত প'ষ্ট কৰিছিল।ইয়াৰ পাছতেই লক্ষ্যদ্বীপৰ এই মনোমোহা দৃশ্যৰ ফটোসমূহ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছিল। তেতিয়াৰ পৰাই বিদেশতহে মনোমোহা ঠাই থকা বুলি ধাৰণা কৰাসকল তথা সমগ্ৰ ভাৰতীয়ই নিজৰ দেশতেই যে ইমান  ধুনীয়া ঠাই আছে, তাক জানি উৎসুক হৈ পৰিছে।পিছে, আপুনি বাৰু লক্ষ্যদ্বীপ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি ? যদি কৰিছে তেন্তে এই মনোমোহা ঠাইলৈ কেনেদৰে ভ্ৰমণ কৰিব লাগে, আজি জানি লওঁক-

লক্ষ্যদ্বীপ হৈছে ভাৰতৰ অন্যতম কেন্দ্ৰীয় শাসিত অঞ্চল ৩৫ টা দ্বীপৰ এটা গোট। ই পশ্চিমে আৰৱ সাগৰ আৰু পূবৰ লক্ষ্যদ্বীপ সাগৰৰ সামুদ্ৰিক সীমা। অৱশ্যে পৰ্যটকসকল ইয়াত থকা সকলো দ্বীপলৈ যাব নোৱাৰে। কেৱল কিছুমান সীমিত দ্বীপহে তেওঁলোকে ভ্ৰমণ কৰিবলৈ অনুমতি লাভ কৰে।

পাৰমিটৰ বাবে আবেদন কিদৰে কৰিব লাগে ?

অনলাইন বা অফলাইনত দুয়োটা ধৰণেই আপুনি লক্ষ্যদ্বীপ ভ্ৰমণৰ পাৰমিট লাভ কৰিব পাৰে। আপুনি লক্ষদ্বীপ পৰ্যটনৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে এই অনুমতিৰ অনলাইন প্ৰক্ৰিয়াৰে কৰিব পাৰে। প্ৰয়োজনীয় নথিপত্ৰ আপলড তথা লাগতিয়াল মাচুল পৰিশোধ কৰাৰ পিছত যাত্ৰাৰ ১৫দিন আগতে ই-মেইলযোগে পাৰমিট লাভ কৰিব। যদি আপুনি এই প্ৰক্ৰিয়াটো অফলাইন যোগে কৰিব বিচাৰে, তেন্তে আপুনি কাভাৰাট্টিত সংগ্ৰাহকৰ কাৰ্যালয়লৈ যাব লাগিব। ইয়াৰ পৰা প্ৰপত্ৰখন লৈ প্ৰয়োজনীয় তথ্য দাখিল কৰিলে আপুনি পাৰমিট লাভ কৰিব।

সাধাৰণতে পাৰমিটৰ বৈধতা ৩০ দিন থাকে। কিন্তু বিশেষ পৰিস্থিতিত ইয়াক সম্প্ৰসাৰিত কৰিব পাৰি। প্ৰতিজন আবেদনকাৰীয়ে অনুমতিৰ বাবে নূন্যতম ৫০ টকা পৰিশোধ কৰিব লাগিব। অৱশ্যে, ১২ ৰ পৰা ১৮ বছৰৰ ভিতৰত লোকসকলৰ বাবে মাচুল হৈছে ১০০ টকা। আনহাতে এই মাচুল ১৮ বছৰতকৈ অধিক বয়সৰ লোকৰ বাবে ২০০ টকা। পাৰমিটৰ বাবে, পাছপ'ৰ্ট আকাৰৰ ফটোগ্ৰাফ, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভ্ৰমণ টিকটৰ দৰে পৰিচয় পত্ৰৰ ফটোকপি প্ৰদৰ্শন কৰিব লাগিব। আনহাতে, পৰ্যটকসকলে কোনখন হোটেলত থাকিব সেয়াও জনাব লাগিব।

লক্ষ্যদ্বীপলৈ কেনেকৈ যাব লাগে

কোচিক লক্ষ্যদ্বীপৰ প্ৰৱেশদ্বাৰ হিচাপে গণ্য কৰা হয়। ইয়ালৈ আপুনি জাহাজ আৰু বিমানৰ জৰিয়তে যাব পাৰে। কোচিৰ পৰা আগাতিলৈ বিমানৰে যাওঁতে সময় লাগে প্ৰায় ডেৰ ঘণ্টা। আগাতি আৰু বঙ্গৰাম দ্বীপপুঞ্জ পাবলৈ কোচিৰ পৰা বিমানৰে উৰা মাৰিব লাগিব। অক্টোবৰৰ পৰা মে' মাহৰ ভিতৰত আগাতিৰ পৰা কাভাৰাট্টি আৰু কাদমতলৈ জাহাজ উপলব্ধ।আনহাতে, বাৰিষাৰ সময়ত আগতিৰ পৰা কাভাৰাট্টিলৈ হেলিকপ্টাৰৰে যাব পাৰি।

লক্ষ্যদ্বীপলৈ যোৱাৰ পূৰ্বে এই বিষয়ে জানি লওঁক
বেছি চিন্তা নকৰি ভ্ৰমণ কৰক এইকেইখন ঠাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in