আচৰিত ! শেহতীয়া গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

সপোন আমি সকলোয়ে দেখো। কেতিয়াবা সপোনত আমি দেখো অদ্ভুত বা ভয়ংকৰ ঘটনাবোৰ আমাৰ লগতেই ঘটি আছে। যেনে, আপুনি ক’ৰবাত পৰি আছে, কোনোবাই আপোনাক খেদি ফুৰিছে অথবা আপুনি য'ত আছে, চাৰিওফালে কেৱল আন্ধাৰ, আন্ধাৰ আৰু আন্ধাৰ।

author-image
সংগীতা দাস
New Update
web ap 1

ডিজিটেল ডেস্ক: সপোন আমি সকলোয়ে দেখো। কেতিয়াবা সপোনত আমি দেখো অদ্ভুত বা ভয়ংকৰ ঘটনাবোৰ আমাৰ লগতেই ঘটি আছে। যেনে, আপুনি ক’ৰবাত পৰি আছে, কোনোবাই আপোনাক খেদি ফুৰিছে অথবা আপুনি য'ত আছে, চাৰিওফালে কেৱল আন্ধাৰ, আন্ধাৰ আৰু আন্ধাৰ। যদি আপোনাৰো এনে হয়, তেন্তে ইয়াৰ কাৰণ আপুনি খোৱা পনীৰখিনি হ'ব পাৰে। হয়, শেহতীয়া এক গৱেষণাত এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।

Advertisment

কি পোহৰলৈ আহিছে এই গৱেষণাত ?

এই গৱেষণাত ১০০০ৰো অধিক কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ টোপনিৰ অভ্যাস আৰু সপোন বিশ্লেষণ কৰা হৈছিল। আশ্চৰ্যজনকভাৱে, শুই উঠাৰ আগতে দুগ্ধজাত সামগ্ৰী বিশেষকৈ পনীৰ খোৱাসকলে নেতিবাচক, অদ্ভুত আৰু ভয়ংকৰ সপোন দেখাৰ কথা প্ৰকাশ কৰিছিল। এনে সপোনবোৰৰ বাবেই তেওঁলোকৰ টোপনিৰ মানদণ্ডতো প্ৰভাৱ পৰিছিল।

ইয়াৰ আঁৰৰ ৰহস্য কি?

পনীৰত ট্ৰিপ্ট’ফেন নামৰ এবিধ এমিন’ এচিড থাকে, যিয়ে শৰীৰৰ চেৰ’টনিন আৰু মেলাটনিন হৰম’নত প্ৰভাৱ পেলায়। এই দুয়োটা হৰম’নে টোপনি আৰু মেজাজ নিয়ন্ত্ৰণ কৰে। ট্ৰিপ্ট’ফেন ভালদৰে টোপনি অহাত সহায়ক যদিও ই যেতিয়া বৃহৎ পৰিমাণৰ প্ৰ’টিন আৰু চৰ্বিৰ সৈতে শৰীৰত প্ৰৱেশ কৰে, তেতিয়া হজম প্ৰক্ৰিয়াটো লেহেমীয়া কৰে, যাৰ ফলত মগজু আৰু টোপনিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

প্ৰভাৱিত নহয় সকলো

পনীৰ খোৱাৰ ফলত অৱশ্যে প্ৰতিজন ব্যক্তিয়ে দুঃস্বপ্ন নেদেখিবও পাৰে। ইয়াৰ প্ৰভাৱ সম্পূৰ্ণৰূপে ব্যক্তিজনৰ পাচন ক্ষমতা, মানসিক অৱস্থা আৰু টোপনিৰ অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু যদি ৰাতি পনীৰ খোৱাৰ পিছত বাৰে বাৰে অস্থিৰ টোপনি বা অদ্ভুত সপোন দেখা যায়, তেন্তে সেয়া আপোনাৰ শৰীৰে এই অভ্যাস ভাল নোপোৱাৰ লক্ষণ হ’ব পাৰে।

কেনেকৈ হাত সাৰিব পাৰি ?

ৰাতি লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে। ৰাতিৰ আহাৰত দালি, শাক-পাচলি, ৰুটি আদি খাদ্য অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব। পনীৰ, গাখীৰ, আইচক্ৰীম আদি দুগ্ধজাত খাদ্য ৰাতি নাখাব। শুবলৈ যোৱাৰ এঘণ্টা আগতেই ৰাতিৰ আহাৰ গ্ৰহণ কৰিব লাগে, যাতে হজমৰ বাবে সময় থাকে। ম'বাইল, টিভি, লেপটপ তথা যিকোনো পৰ্দাৰ পৰা নিজকে যিমান পাৰে দূৰত ৰাখিব। শুবলৈ যোৱাৰ পূৰ্বে কিতাপ পঢ়া, ধ্যান কৰাকে ধৰি শান্তিপূৰ্ণ কামবোৰ কৰিব। যদি সঘনাই সপোন দেখাৰ বাবে টোপনিত ব্যাঘাত জন্মিছে, তেন্তে নিশ্চিতভাৱে এবাৰ ডায়েটিচিয়ান বা চিকিৎসকৰ পৰামৰ্শ ল’ব।

উল্লেখ্য যে, ভাৰতীয় পাকঘৰৰ পুষ্টিকৰ আৰু সুস্বাদুৰ অন্যতম অংশ হৈছে পানীৰ। কিন্তু পনীৰ খোৱাৰ সময় আৰু পৰিমাণৰ প্ৰতি সচেতন হোৱাটো অতি জৰুৰী। যদি আপুনি বেছিকৈ দুঃস্বপ্ন দেখে, তেন্তে ৰাতিৰ আহাৰত পনীৰ পৰিহাৰ কৰিব। কিয়নো, টোপনি আমাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। গতিকে ৰুচি আৰু স্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো খুবেই দৰকাৰী। তেতিয়াহে টোপনি শান্তিপূৰ্ণ আৰু সপোনবোৰো মধুৰ হ’ব।