'সৌন্দৰ্যৰ ৰাণী' ঐশ্বৰ্যই কিদৰে ছাল-চুলিৰ যত্ন লয়, আপুনিও জানি লওঁক

অদমনীয় অভিনয় দক্ষতাৰ সমান্তৰালকৈ অতুলনীয় সৌন্দৰ্য অধিকাৰী বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন। প্ৰতিগৰাকী যুৱতীয়েই ঐশ্বৰ্য ৰায়ৰ দৰে ধুনীয়া হ’বলৈ বিচাৰে।বিশেষকৈ, ইমান মেকআপ আৰু ব্যস্ত সময়সূচীৰ পিছত কেনেকৈ তেওঁৰ মুখৰ সৌন্দৰ্য বজাই ৰাখিছে, সেই বিষয়ে নিশ্চিতভাৱে সকলোয়ে জানিবলৈ বিচাৰে।৪৮ বছৰ বয়সতো ঐশ্বৰ্যৰ ছাল-চুলি একেবাৰে গাভৰুৰ দৰেই হৈ আছে।

author-image
Asomiya Pratidin
New Update
'সৌন্দৰ্যৰ ৰাণী' ঐশ্বৰ্যই কিদৰে ছাল-চুলিৰ যত্ন লয়, আপুনিও জানি লওঁক

ডিজিটেল ডেস্ক: অদমনীয় অভিনয় দক্ষতাৰ সমান্তৰালকৈ অতুলনীয় সৌন্দৰ্য অধিকাৰী বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন। প্ৰতিগৰাকী যুৱতীয়েই ঐশ্বৰ্য ৰায়ৰ দৰে ধুনীয়া হ’বলৈ  বিচাৰে।বিশেষকৈ, ইমান মেকআপ আৰু ব্যস্ত সময়সূচীৰ পিছত কেনেকৈ তেওঁৰ মুখৰ সৌন্দৰ্য বজাই ৰাখিছে, সেই বিষয়ে নিশ্চিতভাৱে সকলোয়ে জানিবলৈ বিচাৰে।৪৮ বছৰ বয়সতো ঐশ্বৰ্যৰ ছাল-চুলি একেবাৰে গাভৰুৰ দৰেই হৈ আছে।শেহতীয়াকৈ ঐশ্বৰ্যয়ে তেওঁৰ সৌন্দৰ্যৰ ৰহস্য বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে।আজি এই বিষয়ে জানো আহক-

স্বাস্থ্যকৰ আহাৰেই হৈছে উজ্জ্বল ছালৰ ৰহস্য 

Advertisment

ঐশ্বৰ্যৰ সৌন্দৰ্যৰ ৰহস্য হৈছে তেওঁৰ স্বাস্থ্যকৰ খাদ্য। বিশ্বাস কৰা হয় যে, আপুনি যি খাদ্য খায়, সেয়া আপোনাৰ মুখতে প্ৰতিফলিত হয়।ঐশ্বৰ্যয়ে কেতিয়াও জাংক ফুড গ্ৰহণ নকৰে। তেওঁ দৈনন্দিন খাদ্য তালিকাত ফল, পাচলি আৰু সতেজ ৰস অন্তৰ্ভূক্ত কৰে। তদুপৰি, ঐশ্বৰ্যই যথেষ্ট পানী খায়। পানীয়ে শৰীৰৰ পৰা সকলো বিষাক্ত বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে।

কমকৈ ঘনকৈ খায়

গোটেই দিনটোত কম সময়ৰ মূৰে মূৰে ঐশ্বৰ্যই লঘু আহাৰ গ্ৰহণ কৰি থাকে।এই আহাৰৰ অধিকাংশই আঁহযুক্ত।

ধূমপান-সুৰাৰ পৰা দূৰত্ব

ঐশ্বৰ্যয়ে ধূমপান আৰু সুৰা কেতিয়াও সেৱন নকৰে। এইসমূহ গ্ৰহণৰ ফলত মুখৰ ছাল কোঁচ খোৱাৰ লগতে ছালখনৰ উজ্জ্বলতা হ্ৰাস হয়।

যোগ,পাতল ব্যায়াম

ঐশ্বৰ্যৰ স্বাস্থ্যৱান শৰীৰ আৰু ছালৰ ৰহস্য হৈছে যোগ আসন আৰু পাতল ব্যায়াম।উল্লেখ্য যে, এনে কিছুমান যোগ আসন আছে, যিবোৰ আপোনাৰ স্বাস্থ্যৰ লগতে সৌন্দৰ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। 

ঘৰুৱা উপায়ৰে ছালৰ যত্ন

ঐশ্বৰ্যই বেচন, হালধি আৰু গাখীৰৰ পেষ্ট তৈয়াৰ কৰি মুখত প্ৰয়োগ কৰে। ই সকলো মৃত ছাল পৰিস্কাৰ কৰে। ছালক হাইড্ৰেট কৰিবলৈ তেওঁ দৈ আৰু তিয়ঁহৰ মাস্ক ব্যৱহাৰ কৰে। ই ছালক আৰ্দ্ৰতা প্ৰদান কৰাৰ লগতে ছালখনক উজ্জ্বল কৰি ৰাখে।তেওঁ শ্বুটিঙৰ সময়ত বহু মেকআপ কৰে যদিও নিশা সদায় ছালখন পৰিস্কাৰ কৰে।

ঐশ্বৰ্য ৰায়ে কেনেকৈ লয় চুলিৰ যত্ন ?

ঐশ্বৰ্যই তেওঁৰ ছালৰ লগতে চুলিৰো যথেষ্ট যত্ন লয়।ইয়াৰ বাবে তেওঁ ঘৰতে তৈয়াৰী হেয়াৰ মাস্ক ব্যৱহাৰ কৰে। তেওঁ চুলিত গাখীৰ, মৌ, কণী, জলফাই তেল, আৰু আভাকাডোৰ দৰে বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰি চুলিৰ মাস্ক তৈয়াৰ কৰে।

Also Read: শাহু-বোৱাৰীৰ ৰণ ! এতিয়াৰে পৰা কন্যাৰ সৈতে মাতৃগৃহত থাকিব অমিতাভ বচ্চনৰ বোৱাৰী