/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c1938a7e-1566-44b4-aac4-80ef97b84778/3 (29).jpg)
ডিজিটেল ডেস্ক: বৰষুণৰ বতৰত স্বাস্থ্যৱান হৈ থকাটো সহজ নহয়। এই ঋতুত খুব গৰম আৰু নেৰানেপেৰা বৰষুণ হোৱাৰ বাবে তুলনামূলকভাৱে স্বাস্থ্যৰ বহু সমস্যা হয়।এনে পৰিস্থিতিত আমি আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অতি সাৱধান হোৱা খুবেই প্ৰয়োজন।বাৰিষাৰ দিনকেইটাত স্বাস্থ্যৱান হৈ থাকিবলৈ আমি বিশেষকৈ খাদ্য আৰু আচৰণত সচেতন হ'ব লাগে। বেছি নালাগে, মাত্ৰ ৪টা দিশত সতৰ্ক হ'লেই আপুনি এই দিনকেইটাত নিজকে সুস্থ-সবল কৰি ৰাখিব পাৰে। সেয়া হৈছে-
বৰষুণৰ পৰা সুৰক্ষা
বৰষুণৰ সময়ত নিজকে সুৰক্ষিত ৰখাটো অতি গুৰুত্বপূৰ্ণ। শিশুসকলক বৰষুণৰ বতৰত ভুলতো ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ নিদিব।এইদিনকেইটাত বৰষুণত একেবাৰেই তিতিব নালাগে।প্ৰকৃততে, বৰষুণৰ বতৰত ডেংগু, মেলেৰিয়া, টাইফইডৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ হয়।শৰীৰটোক নিৰোগী কৰি ৰাখিবলৈ আপুনি বৰষুণৰ বতৰত মহৰ পৰা নিজকে বচাই ৰাখিব।
স্বাস্থ্য বিধি
বৰষুণৰ বতৰত যিমান পাৰে পৰিস্কাৰ হৈ থাকিব। শৰীৰৰ অন্যান্য অংশৰ সমান্তৰালকৈ বিশেষকৈ হাত দুখন ঘনাই ধুব। কিয়নো শৰীৰত বীজানু সংক্ৰমণৰ এক অন্যতম মূল কাৰণ এই আমাৰ হাত দুখন।
পৰ্যাপ্ত টোপনি
শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ পৰ্যাপ্ত টোপনি যোৱাটো খুব দৰকাৰ। এই দিনকেইটাত বহু সংক্ৰণাত্মক ৰোগ হয়। সেয়েহে, শৰীৰক ৰোগমুক্ত কৰি ৰাখিবলৈ ৬-৮ ঘণ্টা টোপনি যোৱাটো খুব জৰুৰী।
শাৰীৰিক সক্ৰিয়তা
আমি আমাৰ দেহ-মন সুস্থ ৰাখিবলৈ দৈনিক ব্যায়াম কৰাটো খুবেই জৰুৰী।বিশেষকৈ এই দিনকেইটাত ভুলতো ব্যায়াম নকৰাকৈ নাথাকিব। যোগ, খোজ কঢ়া, দৌৰা আদিৰ দৰে ব্যায়ামে আপোনাৰ শৰীৰ সুস্থ আৰু স্বাস্থ্যৱান ৰখাত সহায় কৰে।শাৰিৰীক সক্ৰিয়তা বজাই ৰাখিবলৈ আপুনি সাঁতোৰ, বাস্কেটবল, বেডমিণ্টনৰ দৰে খেল খেলিব পাৰে।
Also Read: সুস্থ হৈ থাকিবলৈ বিচাৰে যদি আপুনিও খাবলৈ লওঁক এইবিধ চাউল
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us