DURGA PUJA : দুৰ্গা পূজা

দুৰ্গা পূজা বা দুৰ্গোৎসৱ হৈছে ভাৰতীয় উপমহাদেশৰ এক উৎসৱ, যি দুৰ্গা দেৱীৰ উপাসনাক কেন্দ্ৰ কৰি পালন কৰা হয়।হিন্দু ধৰ্মৰ শাক্তবাদ পৰম্পৰাত দুৰ্গা পূজা এক গুৰুত্বপূৰ্ণ উৎসৱ।

author-image
Asomiya Pratidin
New Update
DURGA PUJA : দুৰ্গা পূজা

DURGA PUJA

DURGA PUJA: দুৰ্গা পূজা বা দুৰ্গোৎসৱ হৈছে ভাৰতীয় উপমহাদেশৰ এক হিন্দু উৎসৱ, যি দুৰ্গা দেৱীৰ উপাসনাক কেন্দ্ৰ কৰি উদযাপন কৰা হয়। দুৰ্গা পূজা সমগ্ৰ বিশ্বৰ হিন্দু সম্প্ৰদায়ৰ লোকে পালন কৰে যদিও পশ্চিম বংগ, অসম, উৰিষ্যা, বিহাৰ, ত্ৰিপুৰা, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ (পূৱ) আৰু বাংলাদেশত ইয়াক পৰম্পৰাগতভাৱে উদযাপন কৰা হয়। সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ।দুৰ্গোৎসৱৰ এই পাঁচদিনক যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাঅষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনা যায়। হিন্দু ধৰ্মৰ শাক্তবাদ পৰম্পৰাত দুৰ্গা পূজা এক গুৰুত্বপূৰ্ণ উৎসৱ।উল্লেখ কৰাৰ প্ৰয়োজন যে, ২০২১ চনত কলকাতাৰ দুৰ্গা পুজা ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত সন্নিবিষ্ট হৈছে।

Advertisment

ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ।দুৰ্গা পূজাৰ প্ৰবৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায়।অৱশ্যে, এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই।

দেৱী দুৰ্গা

দেৱী দুৰ্গা হিন্দু ধৰ্মৰ এগৰাকী উপাস্য দেৱী। তেওঁৰ অন্যান্য নামসমূহ হ'ল চণ্ডিকা, যোগমায়া, অম্বিকা, বৈষ্ণবী, মহিষাসুৰসংহাৰিণী নাৰায়নী, মহামায়া, কাত্যায়নী আদি হৈছে দুৰ্গাৰ আন নাম।পুৰাণৰ মতে দেৱী দুৰ্গা হৈছে, যিয়ে দূৰ্গ সম দুৰ্যোগ নাশ কৰিব পাৰে বা যাক পৰাস্ত কৰাটো অসম্ভব। দুৰ্গা দেৱী শাক্ত ধৰ্মত সৰ্বোচ্চ আৰাধ্য দেৱী, বৈষ্ণৱ ধৰ্মত তেওঁক ভগৱান বিষ্ণুৰ অনন্ত মায়া হিচাপে আখ্যা দিয়া হয়।শৈৱ ধৰ্মত দুৰ্গাক শিৱৰ অৰ্ধাংগিনী পাৰ্ৱতী হিচাপে অৰ্চনা কৰা হয়।ঋগত দুৰ্গাদেৱীৰ বৰ্ণনা নাই যদিও ঋগ্বোক্ত দেৱীসুক্তক দুৰ্গা দেৱীৰ সুক্ত হিচাপেই মান্যতা দিয়া হয়। তদুপৰি কেণুপনিষদত বৰ্ণিত হৈমাৱতীকো দুৰ্গা হিচাপেই আখ্যা দিয়া হৈছে।ভাগৱতত শ্ৰীকৃষ্ণৰ যোগমায়াকেই দুৰ্গা আখ্যা দিয়া হৈছে যি হৰি সহায়িনী তথা হৰি ভক্তি প্ৰদায়িনী। এই সমূহৰ উপৰিও দুৰ্গা দেৱীৰ বৰ্ণনা মহাভাৰতৰ বিৰাট পৰ্ব আৰু ওঠৰখন পুৰাণত পোৱা যায়। দুৰ্গা দেৱীৰ ভিন্ন ভিন্ন অৱতাৰ সমূহ হ'ল কালিকা, নন্দা, ভ্ৰামৰী, সাকম্ভৰী, ৰক্তদণ্ডিকা,সতী, পাৰ্ৱতী, কৌশিকী ইত্যাদি।

দেৱী দুৰ্গাৰ মূৰ্তি

দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায়। এই মূৰ্তিসমূহৰ মধ্যস্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ। আনহাতে, বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক। কলিকতাত পোনপ্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে এই প্ৰথাৰ প্ৰচলন কৰিছিল।

দুৰ্গা শব্দটোৰ ‘দ’-আখৰে দৈত্যনাশক, ‘উ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’-কাৰে ৰোগনাশক, ‘গ’-আখৰে পাপনাশক আৰু ‘আ’-কাৰে ভয় তথা শত্ৰুনাশকক বুজায়। অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে, তেওঁয়েই দুৰ্গা। দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেওঁৰ শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে।দুৰ্গা দেৱীৰ ৯টা ৰূপ। শাস্ত্ৰত থকা বৰ্ণনা অনুসৰি সেই দেৱী দুৰ্গাৰ সেই ৯টা ৰূপ হৈছে শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী।

১. শৈল্যপুত্ৰী

মা দুৰ্গা নিজৰ প্ৰথম স্বৰূপত ‘শৈলপুত্ৰী’ নামেৰে জনাজাত। পৰ্ব্বতৰাজ হিমালয়ৰ তাত পুত্ৰীৰূপে জন্ম লোৱা বাবে এই ‘শৈলপুত্ৰী’ নাম হৈছিল। শৈলপুত্ৰীৰ সোঁহাতত শূল আৰু বাঁওহাত কমল পুষ্পৰে সুশোভিত।দুৰ্গাৰ ৯টা ৰূপৰ মাজত এয়া হ’ল প্ৰথম। ইয়াৰ পূৰ্ব জন্মত তেওঁ প্ৰজাপতি দক্ষৰ কন্যাৰূপে জন্ম গ্ৰহণ কৰিছিল। তেতিয়া তেওঁৰ নাম আছিল ‘সতী’ আৰু ভগৱান শংকৰৰ সৈতে তেওঁৰ বিবাহ হৈছিল। কিন্তু প্ৰজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰোধী আছিল। এবাৰ প্ৰজাপতি দক্ষই বৰ ডাঙৰকৈ এটা যজ্ঞ অনুষ্ঠিত কৰিছিল। কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্ৰিত নকৰিলে। পিছে সতীৰ প্ৰবল আগ্ৰহ দেখি ভগৱান শংকৰ সতীৰ পিতৃগৃহলৈ যাবলৈ থিৰাং কৰে।কিন্তু পিতৃগৃহলৈ গৈ দেখিলে যে তাত প্ৰতিটো ক্ষেত্ৰত, চাৰিওপিনে ভগৱান শংকৰৰ প্ৰতি তিৰস্কাৰৰ ভাৱহে পৰিপূৰ্ণ। নিজৰ স্বামী ভগৱান শংকৰৰ প্ৰতি এনে ঘোৰ অপমান সতীৰ সহ্য নহ’ল। তেওঁ তৎক্ষণাত তাত যোগাগ্নি প্ৰজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে। যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পাছত সতী শৈলৰাজ হিমালয়ৰ পুত্ৰীৰূপে পৰৱৰ্তী জন্ম গ্ৰহণ কৰিলে। তেওঁ তেতিয়া ‘শৈলপুত্ৰী’ নামেৰে জনাজাত হ’ল। ‘পাৰ্বতী’ আৰু ‘হৈমৱতী’ও তেওঁৰেই নাম। উপনিষদৰ এটি আখ্যান অনুসৰি ‘হৈমৱতী’ স্বৰূপ ধাৰণ কৰি দেৱতাসকলৰ দৰ্প চূৰ্ণ কৰিছিল। ‘শৈলপুত্ৰী’ৰ বিবাহো ভগৱান শংকৰৰ সৈতেই হৈছিল। ‘শৈলপুত্ৰী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত। নৱৰাত্ৰি পূজনৰ প্ৰথম দিৱসত এই শৈলপুত্ৰীৰ পূজা আৰু উপাসনা কৰা হয়।

২. ব্ৰহ্মচাৰিণী

মাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় ৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’। ইয়াত ‘ব্ৰহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা। ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী। বেদস্তত্ত্ব তপো ব্ৰহ্ম। এই ব্ৰহ্মচাৰণী দেৱীৰ স্বৰূপ পূৰ্ণ জ্যোতিৰ্ময় আৰু অত্যন্ত ভব্য।তেওঁৰ সোঁহাতত জপ-মালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান। এই পৰৱৰ্তী জন্মতো নাৰদৰ উপদেশ মতে ভগৱান শংকৰক পতিৰূপে পাবলৈ দেৱীয়ে বহু তপস্যা কৰিছিল। এনে তপস্যা কৰা বাবেই তেওঁক 'তপচাৰিণী' বা 'ব্ৰহ্মচাৰিণী' নামেৰে অভিহিত কৰা হৈছিল। ব্ৰহ্মচাৰিণীৰ উপাসনা কৰিলে মানুহৰ তপস্যা, যোগ, বৈৰাগ্য, সদাচাৰ আৰু সংযম বৃদ্ধি পায়। জীৱনৰ কঠিন সংঘাতবোৰতো তেওঁৰ মন কৰ্তব্য পথৰ পৰা বিচ্যুত নহয়।নৱৰাত্ৰিৰ দ্বিতীয় দিনটোত দেৱীৰ এই স্বৰূপৰ উপাসনা কৰা হয়।

৩. চন্দ্ৰঘণ্টা

মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্ৰঘণ্টা’। নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা তেওঁৰ বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয়।তেওঁৰ এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী। তেওঁৰ মস্তকত ঘণ্টাৰ আকৃতিৰ অৰ্ধচন্দ্ৰ থাকে। সেইকাৰণে তেওঁক ‘চন্দ্ৰঘণ্টা দেৱী’ বোলা হয়।তেওঁৰ শৰীৰৰ বৰণ সুৱৰ্ণৰ দৰে উজ্জ্বল।তেওঁ দশভুজা। এই দহোখন হাত শস্ত্ৰ আৰু অস্ত্ৰৰে বিভূষিত।যুদ্ধৰ বাবে সদায় সাজু হৈ থকা চন্দ্ৰঘণ্টাৰ বাহন হ’ল সিংহ।চন্দ্ৰঘণ্টাৰ প্ৰচণ্ড ধ্বনিত অত্যাচাৰী দানৱ-দৈত্য-ৰাক্ষস সদায় প্ৰকম্পিত হৈ থাকে। নৱৰাত্ৰিৰ দুৰ্গা-উপাসনাত তৃতীয় দিনাৰ পূজাৰ মহত্ত্ব অত্যধিক।

৪. কুষ্মাণ্ডা

মা দুৰ্গাৰ চতুৰ্থ স্বৰূপৰ নাম হ’ল কুষ্মাণ্ডা। নিজৰ মৃদু-মন্দ হাঁহিৰে ব্ৰহ্মাণ্ড সৃষ্টি কৰা হেতুকে তেওঁক দেৱী কূষ্মাণ্ডা নামেৰে অভিহিত কৰা হয়। সৃষ্টিৰ অস্তিত্বই যেতিয়া নাছিল, চাৰিওপিনে কেৱল অন্ধকাৰ হে পৰিব্যাপ্ত হৈ আছিল, তেতিয়া এই দেৱীয়েই নিজৰ ‘ঈষৎ’ হাঁহিৰে ব্ৰহ্মাণ্ড ৰচনা কৰিছিল।সেয়ে তেওঁয়েই হ’ল সৃষ্টিৰ আদি স্বৰূপা, আদি শক্তি। আঠটা হাত থকা বাবে তেওঁক অষ্টভুজা দেৱী নামেৰেও বিখ্যাত। তেওঁৰ আঠটা হাতত আছে ক্ৰমে কমণ্ডলু, ধেনু, কাঁড়, কমল পুষ্প, অমৃত পূৰ্ণ কলহ, চক্ৰ, জপ-মালা আৰু গদা। তেওঁৰ বাহন হ’ল সিংহ। সংস্কৃত ভাষাত কূষ্মাণ্ডৰ অৰ্থ হ’ল কোমোৰা। বলিসমূহৰ ভিতৰত কোমোৰা-বলি তেওঁৰ আটাইতকৈ প্ৰিয়। নৱৰাত্ৰিৰ চতুৰ্থ দিনত এই কূষ্মাণ্ডা দেৱীৰ স্বৰূপৰ উপাসনা কৰা হয়।

৫. স্কন্দমাতা

মাতৃ দুৰ্গাদেৱীৰ পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। ভগৱান স্কন্দ ‘কুমাৰ কাৰ্তিকেয়’ নামেৰেও জনাজাত। প্ৰসিদ্ধ দেৱাসুৰ সংগ্ৰামত তেওঁ দেৱ-সেনাপতি হৈছিল। পুৰাণবোৰত ‘কুমাৰ’ আৰু ‘শক্তিধৰ’ আখ্যা দি তেওঁৰ মহিমা বৰ্ণোৱা হৈছে। দেৱী স্কন্দমাতাৰ বাহন হ’ল ‘ময়ূৰ’ বা ম’ৰা চৰাই। এই ভগৱান স্কন্দৰ মাতৃ হোৱা বাবে মা দুৰ্গাদেৱীৰ পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত।তেওঁৰ উপাসনা নৱৰাত্ৰি পূজাৰ পঞ্চম দিনা কৰা হয়। স্কন্দমাতৃস্বৰূপিণী দেৱী চতুৰ্ভুজা।

৬. কাত্যায়নী

মা দুৰ্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ’ল ‘কাত্যায়নী’। তেওঁৰ নাম ‘কাত্যায়নী’ হোৱাৰ আখ্যানটো হ’ল এনে ধৰণৰ- ‘কত’ নামৰ এজন প্ৰসিদ্ধ মহৰ্ষি আছিল। তেওঁৰ পুত্ৰ হ’ল ঋষি কাত্য। এই কাত্য গোত্ৰত বিশ্বপ্ৰসিদ্ধ মহৰ্ষি কাত্যায়ন সৃষ্টি হৈছিল। ভগৱতৰ উপাসনাত বহুবছৰ ব্যাপী তেওঁ বৰ কঠিন তপস্যা কৰিছিল।তেওঁৰ মনোকামনা আছিল ‘আই ভগৱতী তেওঁৰ কোলাত পুত্ৰীৰূপে জন্ম লওক’।আৰু আই ভগৱতীয়ে তেওঁৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছিল। কিছুকালৰ পাছত পৃথিৱীত দানৱ মহিষাসুৰৰ অত্যাচাৰ বৰকৈ বাঢ়ি যোৱাত, ভগৱান বিষ্ণু, ব্ৰহ্মা আৰু মহেশ্বৰ এই তিনিওগৰাকীয়ে নিজ-নিজ তেজৰ অংশ প্ৰদান কৰি মহিষাসুৰ বিনাশ হেতু এগৰাকী দেৱীক উৎপন্ন কৰিলে। মহৰ্ষি কাত্যায়নে সৰ্বপ্ৰথমে এই দেৱীৰ পূজা-অৰ্চনা কৰিছিল।যাৰ বাবে তেওঁ ‘কাত্যায়নী’ আখ্যা পালে। আহিন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত জন্ম গ্ৰহণ কৰি শুক্লপক্ষৰ সপ্তমী, অষ্টমী আৰু নৱমী লৈ তিনিদিন তেওঁ কাত্যায়ন ঋষিৰ পূজা গ্ৰহণ কৰি দশমী তিথিত মহিষাসুৰক বধ কৰিছিল। দুৰ্গা পূজাৰ ষষ্ঠ দিনা দেৱীৰ এই স্বৰূপৰ উপাসনা কৰা হয়।

৭. কালৰাত্ৰি

মা দুৰ্গাৰ সপ্তম শক্তিক ‘কালৰাত্ৰি’ৰূপে জনাজাত।তেওঁৰ শৰীৰৰ বৰণ ঘন অন্ধকাৰৰ দৰে সম্পূৰ্ণৰূপে ক’লা। মূৰৰ চুলিবোৰ অবিন্যস্ত। ডিঙিত বিদ্যুতৰ দৰে জিলিকি থাকে মালা ধাৰি। তেওঁ ত্ৰিনেত্ৰা, তিনিওটা চকু ব্ৰহ্মাণ্ডৰ নিচিনা ঘূৰণীয়া, যৰ পৰা বিকিৰিত হৈ থাকে বিদ্যুতৰ দৰে উজ্জ্বল ৰশ্মি। তেওঁৰ নাসিকাৰ উশাহ-নিশাহৰ পৰা ভয়ংকৰ প্ৰচণ্ড অগ্নি শিখাবোৰ ওলাই থাকে। তেওঁৰ বাহন হ’ল গৰ্দভ অৰ্থাৎ গাধ। আই ‘কালৰাত্ৰি’ৰ স্বৰূপ দেখাত অতি ভয়ংকৰ কিন্তু তেখেতে সদায় শুভ ফলহে প্ৰদান কৰে। যাৰ বাবে তেওঁৰ আন এটা নাম ‘শুভংকৰী’। দুৰ্গাপূজাৰ সপ্তম দিনা আই কালৰাত্ৰিৰ উপাসনাৰ বিধান আছে।

৮. মহাগৌৰী

দুৰ্গা দেৱীৰ অষ্টম শক্তিৰ নাম হ’ল ‘মহাগৌৰী’।তেওঁ সম্পূৰ্ণৰূপে গৌৰবৰ্ণা। এই গৌৰ বৰণৰ গৌৰতাৰ উপমা শংখ, চন্দ্ৰ আৰু কুন্দ ফুলৰ সৈতে দিয়া হয়। মান্যতা অনুসৰি তেওঁ হ’ল আঠবছৰীয়া। তেওঁৰ সকলো বস্ত্ৰ আৰু আ-অলংকাৰো শ্বেত বৰ্ণৰ। নিজৰ পৰৱৰ্তী ৰূপত তেওঁ ভগৱান শিৱক পতিৰূপে পাবলৈ বৰ কঠোৰ তপস্যা কৰিছিল। এনে কঠোৰ তপস্যা কৰা হেতু তেওঁৰ বৰণ সম্পূৰ্ণৰূপে ক’লা পৰি গ’ল। তেওঁৰ তপস্যাত প্ৰসন্ন আৰু সন্তুষ্ট হৈ যেতিয়া ভগৱান শিৱই তেওঁৰ শৰীৰক ঘঁহি-ঘঁহি গংগাৰ পবিত্ৰ পানীৰে ধুৱালে, তেতিয়া তেওঁৰ শৰীৰ বিদ্যুতপ্ৰভাৰ নিচিনা অতি কান্তিমান গৌৰ হৈ উঠিল। তেতিয়াৰ পৰা তেওঁৰ নাম ‘মহাগৌৰী’ হ’ল। দুৰ্গাপূজাৰ অষ্টম দিনা ‘মহাগৌৰী’ৰ উপাসনা কৰা হয়।

৯. সিদ্ধিদাত্ৰী

মা দুৰ্গাদেৱীৰ নৱম শক্তিৰ নাম হ’ল ‘সিদ্ধিদাত্ৰী’। তেওঁ সকলো প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰে। মাৰ্কণ্ডেয় পুৰাণৰ মতে অণিমা, মহিমা, গৰিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, ঈশিত্ব আৰু বশিত্ব-সিদ্ধি এই আঠ বিধ। ব্ৰহ্মবৈবৰ্ত পুৰাণৰ শ্ৰীকৃষ্ণ জন্ম খণ্ডত এনে সিদ্ধিৰ সংখ্যা ওঠৰ বুলি কোৱা হৈছে। সেয়া হৈছে— অণিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, মহিমা, ঈশিত্ব, সৰ্বকামাৱসায়িতা, সৰ্বজ্ঞত্ব, দূৰশ্ৰৱণ, পৰকায়প্ৰৱেশন, বাক্-সিদ্ধি, কল্পবৃক্ষত্ব, সৃষ্টি, সংহাৰকৰণসামৰ্থ্য, অমৰত্ব, সৰ্বনায়কত্ব, ভাৱনা আৰু সিদ্ধি।

দেৱী পুৰাণৰ মতে তেওঁৰ কৃপাতেই ভগৱান শিৱই এইবোৰ সিদ্ধি লাভ কৰিছিল। তেওঁৰে অনুকম্পাত ভগৱান শিৱৰ অৰ্ধশৰীৰ দেৱীৰ হৈছিল আৰু তাৰে বাবে তেওঁ অৰ্ধনাৰীশ্বৰ নামেৰে বিশ্বপ্ৰসিদ্ধ হৈছিল। আই সিদ্ধিদাত্ৰী চতুৰ্ভুজা আৰু তেওঁৰ বাহন হ’ল সিংহ। ন দুৰ্গাৰ মাজত আই সিদ্ধিদাত্ৰী হ’ল অন্তিম। অন্য অষ্ট দুৰ্গাৰ পূজা-উপাসনা শাস্ত্ৰীয় বিধি-বিধানেৰে কৰাৰ পাছত ভক্তসকল দুৰ্গাপূজাৰ নৱম দিনা তেওঁৰ উপাসনাত প্ৰবৃত্ত হয়।


সিংহ: উত্তৰ কলিকতাৰ কাশীপুৰৰ এটা মণ্ডপত তাপসীবেশীৰে সিংহবাহিনী মহিষমৰ্দিনী

দেৱী দুৰ্গাৰ বাহন সিংহ।

মহিষাসুৰ: মহিষাসুৰ এটা অসুৰ। তেওঁ দেৱী-প্ৰতিমাৰ ভৰিৰ তলত থাকে। মহিষাসুৰ অসুৰ হ’লেও দুৰ্গোৎসৱৰ সময়ত তেওঁক পূজা কৰাৰ থল আছে।

গণেশ: গণেশ সিদ্ধিৰ দেৱতা। গণেশ পূজা নকৰাকৈ অন্য কোনো পূজা কৰাৰ বিধান নাই।

লক্ষ্মী: লক্ষ্মী হৈছে শ্ৰী, সমৃদ্ধি আৰু বিকাশৰ প্ৰতীক।

সৰস্বতী: সৰস্বতী জ্ঞানৰ প্ৰতীক।

কাৰ্তিক: কাৰ্তিক সৌন্দৰ্য্যৰ প্ৰতীক।

উৎস : ইণ্টাৰনেট

Also Read: Mahalaya : মহালয়া