নতুন গৱেষণাত উদ্বেগজনক তথ্য, গৰম-আদ্ৰ পৰিৱেশে ল'ব ভয়ংকৰ ৰূপ

জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা গৰম আৰু আৰ্দ্ৰ পৰিস্থিতিয়ে ২০৫০ চনলৈ এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব। শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।

author-image
সংগীতা দাস
New Update
বাওনা

ডিজিটেল ডেস্কঃ জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা গৰম আৰু আৰ্দ্ৰ পৰিস্থিতিয়ে ২০৫০ চনলৈ এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব। শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। হয়, এই গৱেষণাত প্ৰকাশ পোৱা মতে, ২০৫০ চনলৈ দক্ষিণ এছিয়াত বাওনা শিশুৰ সংখ্যা ৩০ লাখতকৈও অধিক বৃদ্ধি হ’ব।

আমেৰিকাৰ চান্টা বাৰ্বাৰাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে গৰ্ভাৱস্থাত অত্যন্ত গৰম আৰু আৰ্দ্ৰ পৰিস্থিতিৰ সংস্পৰ্শলৈ আহিলে ঘন জনবসতিপূৰ্ণ এই মহাদেশখনৰ শিশুসকলৰ স্বাস্থ্যত কেনে প্ৰভাৱ পৰে সেই বিষয়ে পৰীক্ষা কৰোতেই এই তথ্য পোহৰলৈ আহে।

বিপদত গৰ্ভৱতী মহিলা

এই গৱেষণাত পাঁচ বছৰৰ তলৰ শিশুৰ স্বাস্থ্য অৱস্থাৰ পৰিমাপ হাইট-ফৰ-এজ (HAGE) বিশ্লেষণ কৰা হৈছে। যি হৈছে উচ্চতা আৰু বয়সৰ অনুপাত। বিজ্ঞান আলোচনীত প্ৰকাশিত এই ফলাফলৰ পৰা অনুমান কৰিব পাৰি যে আৰ্দ্ৰতাই তাপৰ সংস্পৰ্শৰ প্ৰভাৱ আৰু বেয়া কৰি তুলিব পাৰে। গৱেষকে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কয় যে, এনে পৰিৱেশত গৰ্ভাৱস্থাৰ আৰম্ভণিতে ভ্ৰুণ অতি দুৰ্বল হয়, আনহাতে গৰ্ভাৱস্থাৰ শেষৰ ফালে মাতৃ বহু বেছি দুৰ্বল হৈ পৰে।

জীৱন্ত জন্মৰ হাৰ হ্ৰাস

বিশেষজ্ঞৰ মতে, গৰ্ভাৱস্থাৰ তৃতীয় ত্ৰৈমাসিকত তাপৰ প্ৰভাৱ পৰীক্ষা কৰিলে দেখা যায় যে তাপ আৰু আৰ্দ্ৰতাৰ স্বাস্থ্যজনিত প্ৰভাৱ সাধাৰণ গৰমৰ তুলনাত প্ৰায় চাৰিগুণ বেছি। প্ৰতি দিনত সৰ্বোচ্চ উষ্ণতা ২৯ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিলে গৰ্ভৱতী মহিলাৰ জীৱিতভাৱে শিশু জন্ম দিয়াৰ ক্ষমতা হ্ৰাস পায়। আনহাতে, প্ৰতিটো দিনত সৰ্বোচ্চ উষ্ণতা ৩৫ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিলে গৰ্ভৱতী মহিলাই জীৱিত সন্তান জন্ম দিয়াৰ ক্ষমতা একেবাৰেই হেৰুৱায়।

২০৫০ চনলৈ ভয়াৱহ হ’ব পৰিস্থিতি 

গৱেষকসকলৰ মতে, শেহতীয়া গৱেষণাৰ এই ফলাফলৰ পূৰ্বৰ গৱেষণাৰ সৈতে সামঞ্জস্য আছে। গৰমৰ সংস্পৰ্শৰ সৈতে শিশুৰ অকাল জন্ম-মৃত্যুৰ সম্পৰ্ক আছে। গোলকীয় উষ্ণতা বৃদ্ধিয়ে গৰম আৰু আৰ্দ্ৰ পৰিস্থিতি বৃদ্ধি কৰিব। যাৰ ফলত বিশ্বৰ অন্যতম ঘন জনবসতিপূৰ্ণ অঞ্চল দক্ষিণ এছিয়া আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব। গৱেষণাত গৱেষকসকলে লগতে উল্লেখ কৰিছে যে, ‘আমি দেখিলো যে উচ্চ উষ্ণতাতকৈ গৰম আৰু আৰ্দ্ৰ পৰিস্থিতি স্বাস্থ্যৰ বাবে অধিক ক্ষতিকাৰক। যাৰ ফলত ২০৫০ চনৰ ভিতৰত দক্ষিণ এছিয়াৰ তিনি মিলিয়নতকৈ অধিক শিশুৰ বাওনা হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব।’